নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাৰমতীত ড্ৰাগছসহ সৰবৰাহকাৰী আটক

নিয়মীয়া বাৰ্তা, ২৩ জুলাই : লখিমপুৰ জিলাৰ হাৰমতী আৰক্ষী চকী এলেকাত ধাৰাবাহিকভাৱে হাৰমতী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱ ভূমিজ আৰু সহ: আৰক্ষী বিষয়া  অনুপম গগৈৰ নেতৃত্বত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। লালুক থানাৰ অ’চি আৰু দুয়োগৰাকী বিষয়াৰ  তৎপৰতাত  কালি নিশা হাৰমতী ৫ নং  পট্ৰা  গাঁৱৰ পৰা ড্ৰাগছসহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । হাৰমতী আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এক গোপন সূত্ৰৰ পম খেদি হাৰমতী আৰক্ষী চকীৰ অন্তৰ্গত হাৰমতী ৫ নং পট্ৰাৰ বাদল দাসৰ পুত্ৰ দীপক দাস (২৪)ক ড্ৰাগছসহ আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে দীপক দাসৰ পৰা ৫২.৮ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন আৰু এশটা খালী কন্টেইনাৰ আৰু নগদ ৩০,০০০ টকা জব্দ কৰিবলৈ সক্ষম হয় ৷
প্ৰেৰক মুকুল ভূঞা

You might also like