নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত ড্ৰাগছসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা,  ৬ আগষ্ট : মৰিগাঁও জিলাৰ লাহৰীঘাটত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান অব্যাহত আছে। যোৱানিশা লাহৰীঘাট আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি দেৱাগুৰি গাঁৱৰ পৰা ড্ৰাগছ আৰু নগদ ধনসহ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম আমিৰ হামজা ( ২৩ )। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে ৭ টা সন্দেহযুক্ত ড্ৰাগছভৰ্তি প্লাষ্টিকৰ কন্টেইনাৰ জব্দ কৰে। জব্দ কৰা ড্ৰাগছখিনিৰ ওজন ১০.৩১ গ্ৰাম। ইয়াৰ উপৰি আমিৰ হামজাৰ ঘৰৰ পৰা আৰক্ষীয়ে অভিযান কালত নগদ ৪০,৫০০ টকাও জব্দ কৰে। সম্প্রতি অধিক তথ্যৰ বাবে আৰক্ষীয়ে  ড্ৰাগছ সৰবৰাহকাৰীটোক সোধা-পোছা অব্যাহত ৰাখিছে।

প্ৰেৰক আবুল কালাম

You might also like