নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপাত নিচাজাতীয় টেবলেট-মটৰচাইকেলসহ এজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা,  ২৭ মাৰ্চঃ বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ আৰক্ষীয়ে কালি বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট আৰু এখন মটৰ চাইকেলসহ এজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে । ধৃত ড্ৰাগছ ব্যৱসায়ীজন গোৱালপাৰাৰ চাইফুল্লা আহমেদ বুলি আৰক্ষী সুত্ৰে জানিব পৰা গৈছে । এক গোপন খবৰৰ ভিত্তিত যোগীঘোপা আৰক্ষীৰ এটা দলে যোগীঘোপাৰ পাঞ্জাৱ নেছনেল বেংকৰ সমুখত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ড্ৰাগছ ব্যৱসায়ীজনক আৰক্ষীয়ে আটক কৰি সোধা-পোচা কৰাত তেওঁৰ পৰা নিচাজাতীয় টেবলেট উদ্ধাৰ কৰে ।ধৃত ড্ৰাগছ ব্যৱসায়ীজনৰ পৰা আৰক্ষীয়ে মুঠ ২৮৮ টা নিচাজাতীয় টেবলেট আৰু এম এল ০৭ এ ১৪৩২ নম্বৰৰ এখন মটৰ চাইকেল জব্দ কৰে ঘটনা সন্দৰ্ভত যোগীঘোপা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে  ।জনা মতে, ড্ৰাগছ ব্যৱসায়ীজনে নিচাজাতীয় টেবলেটখিনি যোগীঘোপা অঞ্চলৰ একাংশ ড্ৰাগছ ব্যৱসায়ী তথা ড্ৰাগছ আসক্ত লোকক যোগান ধৰিবলৈ আনিছিল । ঊল্লেখ্য যে, অসম আৰক্ষীয়ে সমগ্ৰ ৰাজ্যতে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহন কৰি অহাৰ পিচতো আৰক্ষীৰ ড্ৰাগছবিৰোধী স্থিতিক কেৰেপ নকৰি একাংশ ড্ৰাগছ ব্যৱসায়ীয়ে আজিও এনেদৰে অব্যাহত ৰাখিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা ।

প্ৰেৰক টিংকু চন্দ্ৰ দাস

You might also like