ভূৰাগাঁৱত বৃহৎ পৰিমাণৰ গাঞ্জা আৰু নগদ ধনসহ গ্ৰেপ্তাৰ তিনি
নিয়মীয়া বাৰ্তা, ১১ মাৰ্চ : মৰিগাঁও আৰক্ষীৰ বিশেষ শাখাৰ অভিযানকাৰী দলে আজি সন্ধিয়া ভূৰাগাঁৱত অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা আৰু নগদ ধনসহ তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, ভূৰাগাঁও থানাৰ অন্তৰ্গত বাৰোকাটিত আজি সন্ধিয়া এক গোপন খবৰৰ ভিত্তিত অভিযান চলায় । পিছত গাঁওখনৰ জেহিৰুল ইছলাম, চিৰাজুল ইছলাম ছিদ্দিকি আৰু হাবিজুল ইছলাম নামৰ তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ পৰা ৮ কিলোগ্ৰাম গাঞ্জা আৰু নগদ ১৩৩০ টকা জব্দ কৰে। অভিযোগ মতে ,এই সৰবৰাহকাৰী কেইটাই সুদূৰ ভূটান আদিৰ পৰা বিভিন্ন প্ৰজাতিৰ গাঞ্জা চোৰাংকৈ ব্ৰহ্মপুত্ৰৰ বুকুয়েদি সৰবৰাহ কৰি বৃহত্তৰ অঞ্চলটোত দীৰ্ঘদিনে ৰমৰমীয়া বেহা চলাই আহিছে।এনে সময়তে এক গোপন খবৰৰ ভিত্তিত জিলাখনৰ আৰক্ষীৰ বিশেষ শাখাৰ অভিযানকাৰী দলটোৱে সামগ্ৰী গ্ৰেপ্তাৰ কৰে।ধৃত সৰবৰাহকাৰী কেইটাক ভূৰাগাঁও থানাত আৰক্ষীৰ অভিযানকাৰী দলটোৱে গতাই দিয়া বুলি জানিব পৰা গৈছে।
প্ৰেৰক আবুল কালাম