মহানগৰ বাৰ্তা, ১৭ জুলাই : মহানগৰ আৰক্ষী আৰু চি আই ডি-এ বিভিন্ন সময়ত জব্দ কৰা বৃহৎ পৰিমাণৰ গাঞ্জা আৰু নিষিদ্ধঘোষিত বিভিন্ন ধৰণৰ ড্ৰাগছ আজি জ্বলাই দিয়ে মহানগৰীৰ দুটাকৈ স্থানত। ইয়াৰে বৃহৎ পৰিমাণৰ গাঞ্জা ধ্বংস কৰে পশ্চিম বৰাগাঁৱত আৰু মহানগৰীৰ পাৰ্শ্বৱৰ্তী চন্দ্ৰপুৰৰ শিঙিমাৰীৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত জ্বলাই দিয়ে কেইবাকোটি টকাৰ নিষিদ্ধ ড্ৰাগছ। আৰক্ষী আয়ুক্ত দিগন্ত বৰাই জানিবলৈ দিয়া মতে, দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অনুষ্ঠিত “ড্ৰাগছ নিয়ন্ত্ৰণ আৰু ৰাষ্ট্ৰীয় সুৰক্ষা” শীৰ্ষক আঞ্চলিক সন্মিলনৰ লগত সংগতি ৰাখি মহানগৰীৰ দুটা স্থানত বৃহৎ পৰিমাণৰ গাঞ্জা আৰু নিষিদ্ধ ড্ৰাগছ ধ্বংস কৰাৰ ব্যৱস্থা কৰা হয়। ইয়াৰে ৩২১৭.৪৮ কেজি গাঞ্জা মহানগৰীৰ বৰাগাঁৱত জ্বলাই দিয়াৰ বিপৰীতে পাৰ্শ্বৱৰ্তী চন্দ্ৰপুৰত ধ্বংস কৰা হয় বৃহৎ পৰিমাণৰ নিষিদ্ধ বিভিন্ন ধৰণৰ ড্ৰাগছ। তেওঁ জানিবলৈ দিয়া অনুসৰি, হেৰ’ইন ৭.২৫২ কেজি, ব্ৰাউন ছুগাৰ ১৬.৮৮ কেজি, ব্ৰাউন ছুগাৰ প্ৰস্তুত কৰা সামগ্ৰী ৮৪৩ গ্ৰাম, কানি ২২৩০.২৬ গ্ৰাম, ১ লাখ ৮৬ হাজাৰটা য়াবা টেবলেট আৰু ২২,০৪৩ বটল নিষিদ্ধ কফ ছিৰাপ চন্দ্ৰপুৰত জ্বলাই দিয়ে আৰক্ষী বিভাগে। উল্লেখ্য যে মহানগৰীৰ বিভিন্ন থানাৰ আৰক্ষী আৰু চি আই ডি-এ বিভিন্ন সময়ত জব্দ কৰিছিল বহু কোটি টকাৰ এই নিষিদ্ধ ড্ৰাগছ।দণ্ডাধীশৰ উপস্থিতিত হোৱা এই ড্ৰাগছ ধ্বংস কাৰ্যসূচীত আৰক্ষী আয়ুক্তগৰাকীৰ উপৰি চি আই ডি আৰু প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ উচ্চপদস্থ বিষয়াবৰ্গৰ লগতে আৰক্ষী বিভাগৰ কেইবাগৰাকী বিষয়া উপস্থিত থাকে।
প্ৰেৰক বিভাষ দাস