নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰিজানত দুই কোটিৰ ড্ৰাগছ জব্দঃ আটক মণিপুৰৰ ১ সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, ১৬ এপ্রিলঃ নাগালেণ্ডৰে সংলগ্ন হৈ থকা কাৰ্বি আংলং জিলাৰ বোকাজানৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্রই বিভিন্ন কৌশলেৰে নিষিদ্ধ ড্ৰাগছৰ সৰবৰাহৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে যোৱা ১৪ এপ্রিলৰ নিশা অসম-নাগালেণ্ড সীমান্তৱর্তী লাহৰীজানত আৰক্ষীয়ে অভিযান চলাই প্রায় দুই কোটি টকাৰ নিষিদ্ধ হেৰ’ইন জব্দ কৰাৰ লগতে এটা সৰবৰাহকাৰীক জালত পেলাবলৈ সক্ষম হৈছে। ঘটনাৰ বিৱৰণ অনুসৰি, এক গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত লাহৰীজান টহলদাৰী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱপ্ৰতীম কোঁৱৰৰ নেতৃত্বত আৰক্ষী আৰু চি আৰ পি এফৰ এটা যুটীয়া বাহিনীয়ে লাহৰীজান টহলদাৰী চকীৰ সন্মুখত তালাচী অভিযান আৰম্ভ কৰে।
উক্ত অভিযানতে অভিযানকাৰী দলটোৱে নিশা প্ৰায় ৯.৩০ বজাত মণিপুৰৰ পৰা আহি থকা এআৰ-১১-এ-৬৬৫৭ নম্বৰৰ যাত্রীবাহী বাছখনত তালাচী চলাই ২০ টা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত ২৬৭.২৯ গ্রাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত হেৰ’ইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰমূল্য কমেও প্রায় দুই কোটি টকাৰ বুলি অনুমান কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ধৃত সৰবৰাহকাৰীটো মণিপুৰৰ সেনাপতি জিলাৰ চাপাৰ মাইনা কাংকপি নিবাসী মমিন বাইটে (৩২) বুলি চিনাক্ত কৰা হৈছে।
প্ৰেৰকঃ প্ৰাণদ্বীপ চেতিয়া , কাৰ্বি আংলং
You might also like