গুৱাহাটীৰ বিশেষ আদালতত হাজিৰ কৰোৱা হ’ল DSP যতীন দাস, ছাগলীয়া গেটৰ দালাল ৰফিকুলক
নিয়মীয়া বাৰ্তা, ১ জুনঃ এশ গৰু মাৰিলে বাঘৰো মৰণ হোৱাৰ দৰে অসম-বংগ সীমান্তত মাফিয়া চক্রৰ পৃষ্ঠপোষকতা কৰি সোমবাৰে জালত পৰে সীমান্ত শাখাৰ উপ–আৰক্ষী অধীক্ষক যতীন দাস৷
আজি গুৱাহাটীৰ বিশেষ ন্যায়াধীশ আদালতত হাজিৰ কৰা হ’ল যতীন দাস আৰু ছাগলীয়া গেটৰ দালাল ৰফিকুলক।
এই সন্দর্ভত ধুবুৰী সদৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি)/৪০৯ ধাৰাকে ধৰি ‘প্রিভেনচন অৱ কৰাপচন এক্ট’ৰ অধীনত ৭এ/১২ ধাৰাত ৮৮১/২১ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰা হৈছে।
ইপিনে আজি গুৱাহাটীৰ বিশেষ আদালতে ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে দুয়োজনকে।
জানিব পৰা মতে ধুবুৰী আৰক্ষীয়ে ৫ দিনৰ বাবে নিজৰ জিম্মাত বিচাৰিছিল অভিযুক্তদ্বয়ক।
ইয়াৰোপৰি দুয়োজনৰে মোবাইল ফোন জব্দ কৰিছে আৰক্ষীয়ে। লগতে অহা ৫ জুনত পুনৰ দুয়োজনক হাজিৰ কৰা হ’ব আদালতত।
উল্লেখ্য যে সৰিয়হৰ ডুলিতে ভূত লুকাই থকাৰ দৰেই এইজন ডি এছ পিয়ে বহুদিন আগৰে পৰা ছিণ্ডিকেট বাহিনীৰ লগত নেক্সাছ গঢ়ি তুলিছিল৷ চোৰাং গৰু, শিল–বালি আনকি ড্রাগ্ছৰ বেহাৰ মূল কিং পিন আছিল ডি এছ পি যতীন দাস৷ ছাগলীয়া চেকগেটেৰে অসমত প্রৱেশ কৰা চোৰাং গৰুৰ ট্রাক, বহিঃৰাজ্যলৈ ওলাই যোৱা ড্রাগ্ছ, শিল–বালিৰ প্রতিখন ট্রাকৰ পৰাই নিয়মিতভাৱে আৰক্ষীৰ হৈ যতীন দাসে ধন সংগ্রহ কৰি আহিছিল৷ চোৰাং সামগ্রী কঢ়িওৱা প্রতিখন ট্রাকৰ নিৰিখ তেওঁ নির্ধাৰণ কৰিছিল ৫০ হাজাৰ টকা৷ অৱশেষত দেওবাৰে নিশা আৰক্ষী বিষয়া দাস আৰু তেওঁৰ সহযোগী ৰফিকুল পৰমানিকক গ্রেপ্তাৰ কৰে ধুবুৰী আৰক্ষীয়ে৷