নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজান টিপলিংঘাট হাইস্কুলৰ ৩ কৃৰ্তীমান ছাত্ৰক সম্বৰ্ধনা ৯০ ৰ প্ৰাক্তন শিক্ষাৰ্থী গোটৰ

নিয়মীয়া বাৰ্তা, ৩ জুন : দুলীয়াজান টিপলিংঘাট উচ্চ মাধ‍্যমিক বিদ‍্যালয়ৰ পৰা সদ‍্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা তিনি কৃৰ্তীমান ছাত্ৰক সম্বৰ্ধনা জনাই ১৯৯০ চনৰ মেট্ৰিক পৰীক্ষাৰ্থী গোটটোৱে । নিজু ৰাভা গগৈৰ নেতৃত্বত নয়নমণি গগৈ, সীমান্ত দত্ত, ৰাজীৱ দাস আৰু সঞ্জীৱ হাজৰিকাসহ বিদ্যালয়খনৰ প্ৰাক্তন শিক্ষাৰ্থীৰ দলটোৱে তিনি ছাত্ৰৰ বাসগৃহত গৈ একোখনকৈ মানপত্ৰৰ লগতে ইংৰাজী অভিধান আৰু গামোছাৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে । তিনি কৃৰ্তীমান ছাত্ৰ ক্ৰমে বামুণ গাওঁৰ অভিজিত দাসে সদ‍্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত গণিত বিভাগত লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হয় । বৰুৱা তিনিআলিৰ বিদ‍্যুৎ আচাৰ্যই সমাজবিজ্ঞান বিভাগত লেটাৰসহ ষ্টাৰ মাৰ্ক লৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। সেইদৰে টিপলিং নগাওঁৰ নিৰজ কমল দাসে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ ভিতৰুৱা অঞ্চলটোলৈ শৈক্ষিক উজ্বলতা কঢ়িয়াই আনে ।

উল্লেখযোগ্য যে তিনিও ছাত্ৰ টিপলিং পঞ্চায়তৰ অন্তগৰ্ত লগতে দিন-হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা একোটিকৈ পৰিয়ালৰ সন্তান । ছাত্ৰত্ৰয়ৰ গৃহত উপস্থিত হৈ সম্বৰ্ধনা জনোৱা লগতে প্ৰাক্তন শিক্ষাৰ্থী দলটোৱে অদূৰ ভৱিষ্যতে তেওঁলোকৰ শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত প্ৰতিটো সময়তে সহায়-সহযোগিতা আগবঢ়াই যোৱাৰো আশ্বাস প্ৰদান কৰে ।

You might also like