দুলীয়াজানত তৰুণ হাজৰিকা সোঁৱৰণী নাট প্রতিযোগিতাঃ শ্ৰেষ্ঠ অভিনেতা অঞ্জল বৰা, শ্ৰেষ্ঠ অভিনেত্ৰী প্ৰত্যাশা ভৰদ্বাজ
নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰী : দুলীয়াজান ক্লাব প্ৰেক্ষাগৃহত যোৱা ২৫ ফেব্ৰুৱাৰী পৰা দুদিনীয়াকৈ আয়োজিত দশম সংখ্যক সদৌ অসম তৰুণ হাজৰিকা সোঁৱৰণী একাংক নাট প্রতিযোগিতাত শ্ৰেষ্ঠ নাট্যদলৰ সন্মান অৰ্জন কৰে ভাস থিয়েটাৰ,পুৰণিগুদামে (নাট-দেউতা)। ক্ৰমে দ্বিতীয় শ্ৰেষ্ঠ নাট্য দল নব্য নাট্য কৰ্মী, বোকাখাট (নাট- বনচাই) আৰু যুটীয়াভাৱে তৃতীয় শ্ৰেষ্ঠ নাট্য দলৰ খিতাপ লাভ কৰে নিবেদন, নগাঁও (নাট- বাখৰুৱা নৈ ৰ’দৰ ঘাট), ছন্দ নাট্য গোষ্ঠী, সাপেখাটী, চৰাইদেউ (নাট– বদহজম) । অইল ইণ্ডিয়া লিমিটেড আৰু দুলীয়াজান ক্লাবৰ উদ্যোগত আয়োজিত একাংকিকা নাট প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰা ৰাজ্যৰ ১৪ টা আগশাৰী নাট্যদলৰ পৰা শ্ৰেষ্ঠ অভিনেতা আৰু অভিনেত্ৰীৰ সন্মান বুটলে অঞ্জল বৰা (দেউতা) আৰু প্ৰত্যাশা ভৰদ্বাজে (বনচাই) । একেদৰে দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা ৰিতুপন চৌধুৰী (বনচাই), শ্ৰেষ্ঠ সহঃ অভিনেতা পংকজ নাথ ( বাখৰুৱা নৈ ৰ’দৰ ঘাট) । দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰী দিপীকা ভূঞা ( দেউতা), শ্ৰেষ্ঠ সহঃ অভিনেত্ৰী এডিনা বৰা (ভায়লিন), শ্ৰেষ্ঠ শিশু শিল্পী গিতাশ্ৰী দত্ত (ভায়লিন), শ্ৰেষ্ঠ নাট পৰিচালক অঞ্জল বৰা (দেউতা), শ্ৰেষ্ঠ নাট্যকাৰ অমৰ শৰ্মা (বনচাই), শ্ৰেষ্ঠ আৱহ সংগীত ভাৰ্গৱজ্যোতি কলিতা (বনচাই), শ্ৰেষ্ঠ ৰূপসজ্জা মনোৰঞ্জন গোৱালা (জৰদগৱ) আৰু শ্ৰেষ্ঠ সাজসজ্জাৰ সন্মান লাভ কৰে উকা ড্ৰামা ৱৰ্কচ, জৰদগৱে । কালি সন্ধিয়া আয়োজিত বটাঁ বিতৰণী অনুষ্ঠানত বিশেষভাৱে উপস্থিত থকা অইল ইণ্ডিয়া লিমিটেডৰ জনসম্পৰ্ক বিভাগৰ মহাপ্ৰৱন্ধক দেৱাশীষ বৰা, দুলীয়াজান সাহিত্য সভাৰ সভাপতি অজয় ভট্ৰাচাৰ্য আৰু দুলীয়াজান ক্লাবৰ প্ৰাক্তন সাঃ সম্পাদক মঃ নাছেৰ, অনাতাঁৰ শিল্পী দিলীপ তামুলীৰ দ্বাৰা বিজেতা সকলক বঁটাসমূহ প্ৰদান কৰা হয় । বঁটা বিতৰণী অনুষ্ঠানটো আঁত ধৰে ৰঞ্জিত ভৰালীয়ে ।
প্ৰেৰক কৃষ্ণ গগৈ