নিয়মীয়া বাৰ্তা, ১ জুলাই : যোৱা ২৭ জুনত অনুষ্ঠিত হৈ যায় দুলীয়াজান ইনাৰ হুইল ক্লাৱৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস । চৰকাৰে ক’ভিড মহামাৰীৰ বাবে ধাৰ্য কৰা স্বাস্থ্য সম্পৰ্কীয় সকলো নিয়মাৱলী মানি চলি খুব কম সংখ্যক কাৰ্যনিৰ্বাহক সদস্যাৰ উপস্থিতিত প্ৰতিষ্ঠা দিৱস আয়োজন কৰা হয় । এই অনুষ্ঠানতে ২০১৯-২০ বৰ্ষৰ সভানেত্ৰী মঞ্জুলা গোস্বামীয়ে দায়িত্ব ভাৰ অৰ্পণ কৰে ২০২০-২১ বৰ্ষৰ নৱ নিৰ্বাচিত সভানেত্ৰী ইন্দিৰা হাজৰিকাক । একেটা অনুষ্ঠানতে উপ-সভানেত্ৰী বুলবুল অধ্যাপক আৰু সম্পাদিকা মদিৰা শইকীয়া ভূঞাক লৈ এখনি ১২ জনীয়া কমিটি গঠন কৰা হয় । ইফালে দুলীয়াজান ইনাৰ হুইল ক্লাৱৰ প্ৰতিষ্ঠাপক সভানেত্ৰী ৰীনা হুছেইন মজুমদাৰক ২০২০-২১ বৰ্ষৰ ইনাৰ হুইল ৩২৪ ৰ ডিস্ট্ৰিক্ট চেয়াৰমেন হিচাপে মনোনীত কৰা হয়। উক্ত অনুষ্ঠানতে নৱনিৰ্বাচিত চেয়াৰমেন গৰাকীক ক্লাৱৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে।
ইফালে১ জুলাই ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ লগত সংগতি ৰাখি দুলীয়াজান ইনাৰ হুইল ক্লাৱে দুলীয়াজানৰ লাইভ কেয়াৰ নাৰ্চিং হোমৰ স্বত্বাধিকাৰী ডাঃ প্ৰণতি ভট্টাচাৰ্য, চকু চিকিৎসক ডাঃ মুনমুন দ’লে, স্ত্ৰী-ৰোগ তথা মেডিচিন বিভাগৰ ডাঃ অনিন্দিতা প্ৰিয়দৰ্শিনী দাস, অইল চিকিৎসালয়ৰ দন্ত চিকিৎসক ডাঃ নৱনীত স্বৰ্গীয়াৰী, শিশু চিকিৎসক ডাঃ পূৰৱী দেৱী, পেথ’লজি বিভাগৰ ডাঃ বন্দনা শৰ্মা আৰু দন্ত চিকিৎসক ডাঃ তৈৱাব হুছেইনক তেওঁলোকৰ নিজা কৰ্মস্থলীত গৈ এখনি ফুলাম গামোচা, মানপত্ৰসহ ইনাৰ হুইল চিহ্ন সম্বলিত কাপ আৰু একোটিকৈ গছৰ পুলিয়ে সম্বৰ্ধনা জনোৱা হয়। আজি এই অনুষ্ঠানত ইনাৰ হুইল ৩২৪ ৰ ডিচট্ৰিক্ট চেয়াৰমেন ৰীনা হুছেইন মজুমদাৰ, সভানেত্ৰী ইন্দিৰা হাজৰিকা, সম্পাদিকা মদিৰা শইকীয়া ভূঞা, কোষাধ্যক্ষ সোণালী বৰুৱা আৰু সদস্যা বন্যা শৰ্মা উপস্থিত থাকে ।