নিয়মীয়া বাৰ্তা, ২৭ জুলাইঃ বিশ্বব্যাপি মহামাৰী ক’ভিড–লকডাউনে ৰাজ্যত স্তিমিত কৰি তোলা কা-বিৰোধী আন্দোলনক পুনৰ জাগ্ৰত কৰি তুলিছে সদৌ অসম ছাত্ৰ সন্হাই । ডিব্ৰুগড় জিলা আছুৰ আহ্বানমৰ্মে দুলীয়াজান আঞ্চলিকে জাতি -জনগোষ্ঠীয় সংগঠনৰ সহযোগত আজি চহৰখনৰ মাজমজিয়াত মানৱ শৃংখল সাজি জাতিধ্বংসী আইনৰ তীব্ৰ বিৰোধীতা কৰে।
এই প্ৰতিবাদী কাৰ্যসূচীত ভাদৈ শাখা ছাত্ৰ সন্থা আৰু নাওহলীয়া উপ-শাখাৰ একাধিক আছু কৰ্মীৰ লগতে গোৰ্খা ছাত্ৰ সন্হা আৰু চুতীয়া ছাত্ৰ সন্থাও সহযোগিতা আগবঢ়াই ।
দুলীয়াজান আৰক্ষী থানাৰ সমীপৰ পিপলতল তিনিআলিত প্ৰায় আধাঘন্টীয়া কাৰ্যসূচীৰে ৰূপায়ণ কৰা এই প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচীত হাতে হাতে প্লে-কাৰ্ড লৈ প্ৰতিবাদী সদস্যসকলে চৰকাৰ বিৰোধী শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে। আনহাতে প্ৰতিবাদী সদস্যই বৰতাল বজাই বিজেপি চৰকাৰৰ লগতে অসম গণ পৰিষদ দলকো তীব্ৰ সমালোচনা কৰে।
প্ৰতিবাদী কাৰ্যসূচীত সক্ৰিয় অংশগ্ৰহণ কৰি ছাত্ৰ সন্হাৰ কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক অনিল গগৈ আৰু জিলা ছাত্র সন্হাৰ সাঃ সম্পাদক শংকৰজ্যোতি বৰুৱাই সংশোধিত নাগৰিক আইন, ২০১৯ বাতিল নোহোৱা পৰ্যন্ত অবিৰত সংগ্ৰাম চলাই যাব বুলি মন্তব্য প্ৰদান কৰে ।
এই কাৰ্য্যসূচীত দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বুবুল তালুকদাৰ, সাঃ সম্পাদক দিপাংকৰ গগৈ, ডিব্ৰুগড় জিলা গোৰ্খা ছাত্ৰ সন্হাৰ উপদেষ্টা অজয় আলে, আগছু আঞ্চলিকৰ সভাপতি ৰত্ন থাপা আৰু চুতীয়া ছাত্র সন্থাৰ আঞ্চলিকৰ সাঃসম্পাদক হেমন্ত চুতীয়া আদি শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে ।