নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানত ৰেপিড টেষ্টত ক’ভিড ৰোগীৰ সংখ্যা ক্ৰমাগত বৃদ্ধি

  • নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ দুলীয়াজানত ৰেপিড টেষ্টৰ ফলাফল অনুসৰি বৃদ্ধি পাইছে ক’ভিড পজিটিভ ৰোগীৰ সংখ্যা । আজিৰ দিনটোত গোলোকপুৰ, বৰুৱা তিনিআলি, বিষ্ণু নগৰ, অইল এম টি ডি চি, অইল অ’চিএছ-৫ ত কৰ্মৰত এ আই এচ এফ , অইল আবাসিক অঞ্চল ডি এক্স, এফ টাইপ, চি আই এচ এফসহ মুঠ ৩৯ গৰাকী ব‍্যক্তিৰ ক’ভিড পজিটিভ চিনাক্ত হৈছে । আজি দুলীয়াজান মহাবিদ্যালয়ৰ আই টি ভৱনৰ কোৱাৰেন্টাইন কেন্দ্ৰত ৰেপিড টেষ্টৰ সংখ্যা অনুসৰি মুঠ ১৫৩ গৰাকীৰ ভিতৰত অনুপস্হিত আছিল ২৭ গৰাকী ।

আনহাতে কালিৰ দিনটোত মুঠ ৯০ গৰাকী ব‍্যক্তিৰ ভিতৰত বৃহত্তৰ দুলীয়াজান অঞ্চলৰ ৩২ গৰাকী ব‍্যক্তিৰ শৰীৰত ক’ভিড পজিটিভ পোৱা গৈছে । ইয়াৰে ২২ গৰাকী কেন্দ্ৰীয় নামঘৰ সমীপৰ ।

ইতিমধ‍্যে দুলীয়াজানত দুটা দিনত ৭১ গৰাকীৰ দেহত ক’ভিড উপস্হিতি ধৰা পৰিছে । আনহাতে দুলীয়াজান আই টি ভৱনৰ উপৰি আজি চহৰখনৰ মুখ‍্য বাণিজ্যিকস্হলী অইল মাৰ্কেটতো ব‍্যক্তিৰ পৰা ৰেপিড টেষ্ট লোৱা হৈছে ।

You might also like