নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজান আৰক্ষী থানাৰ ১০ গৰাকী যোদ্ধা ক’ভিড আক্ৰান্ত

দুলীয়াজান সমষ্টিত ১৩০ খন বিছনাযুক্তৰে দুখন ক'ভিড কেয়াৰ চেন্টাৰ সাজু

নিয়মীয়া বাৰ্তা, ২৮ জুলাইঃ শেহতীয়াকৈ ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে দুলীয়াজান আৰক্ষী থানাৰ ১০ গৰাকীকৈ ক’ভিড যোদ্ধা । স্বাস্হ‍্য বিভাগৰ সূত্ৰ অনুসৰি এইসকল আৰক্ষীৰ দেহত পজিটিভ লক্ষণে দেখা দিয়াত কালি ৰেপিড টেষ্ট কৰা হয় ।

আৰক্ষী থানাৰ মুঠ ১১ গৰাকীৰ ৰেপিড টেষ্টৰ ভিতৰত ১০ গৰাকীৰ ফলাফল পজিটিভ আহিল ।
কালি নিশাই টেঙাখাট খণ্ডৰ চৰকাৰী স্বাস্হ‍্য বিভাগে পজিটিভ চিনাক্ত ১০ গৰাকী আৰক্ষীক দুলীয়াজান অইল হায়াৰ চেকেণ্ডাৰী বিদ‍্যালয়ৰ ক’ভিড কেয়াৰ চেন্টাৰলৈ প্ৰেৰণ কৰে ।

উল্লেখযোগ্য যে বৰ্ধিত ক’ভিড ৰোগীৰ সংখ্যালৈ লক্ষ্য ৰাখি টেঙাখাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত ৮০ খন বিছনাযুক্তৰে অস্হায়ীভাৱে নিৰ্মাণ কৰা হৈছে দুলীয়াজান ক’ভিড কেয়াৰ চেন্টাৰ । ইতিমধ্যে টেঙাখাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়খনতো ৫০ খন বিছনাযুক্তৰে ক’ভিড কেয়াৰ চেন্টাৰ ৰূপে সাজু কৰি তুলিছে ।

You might also like