নিয়মীয়া বাৰ্তা, ২১ জুলাইঃ দুলীয়াজান সমষ্টিৰ অন্তগৰ্ত নাওহলীয়া–জুটুলীবাৰী সংযোগী জৰাজীৰ্ণ আৰু একাঁঠু পানীৰে ভৰপূৰ পথছোৱাত আজি জাল মাৰি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে স্হানীয় আছুৰ সদস্যই । এই প্ৰতিবাদেৰে স্থানীয় বিধায়ক তেৰছ গোৱালাৰ দৃষ্টি কঢ়াৰ প্ৰয়াস চলাই প্ৰতিবাদকাৰীসকলে ।
উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি স্হানীয় ৰাইজক জ্বলাকলা খুৱাই আহিছে উক্ত জৰাজীৰ্ণ পথছোৱাই । জুটুলীবাৰী সংযোগী পথছোৱাত ঠায়ে ঠায়ে সৃষ্টি হোৱা পুখুৰী সদৃশ দ-গাঁতবোৰত এতিয়া একাঁঠু পানী ।
এজাক বৰষুণতে পথছোৱাত সৃষ্ট এনে সমস্যাৰ প্ৰতি আওকণীয়া মনোভাৱ পোষণ কৰাৰ অভিযোগ তুলি সমষ্টিৰ বিধায়কৰ বিৰুদ্ধে এইদৰে তীব্ৰ ক্ষোভ প্ৰদৰ্শন কৰে আছু দুলীয়াজান আঞ্চলিক আৰু নাওহলীয়া উপ-শাখাই ।
আজি নাওহলীয়া চহৰখনত মানৱশৃংখল সাজি আছুৰ প্ৰতিবাদী সদস্যই হাতে হাতে প্লে’-কাৰ্ড লৈ চৰকাৰ বিৰোধী শ্ল’গানেৰে প্ৰতিবাদো সাব্যস্ত কৰে । এই প্ৰতিবাদী কাৰ্য্যসূচীত দুলীয়াজান আঞ্চলিকৰ সভাপতি বুবুল তালুকদাৰ, সাঃ সম্পাদক দীপাংকৰ গগৈ, নাওহলীয়া উপ-শাখাৰ ভাঃ সভাপতি ৰোহিত ইন্দৱাৰ আৰু সাঃ সম্পাদক দিগন্ত বৰাৰ সক্ৰিয় নেতৃত্বত কেইবাগৰাকী আছুৰ সদস্যই অংশগ্ৰহণ কৰে ।