নিয়মীয়া বাৰ্তা, ২৬ আগষ্ট : ঢকুৱাখনাত উদণ্ড আৰু নিয়ন্ত্ৰণহীন গাড়ীচালনাৰ বাবে শনিবাৰে দুপৰীয়া এজন নিৰীহ লোকে অকাল মৃত্যুক সাবটি ল’ব লগা হোৱাত সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে । ঘটনাৰ বিবৰণী মতে, ঢকুৱাখনা-ঘিলামৰা ৰাজ্যিক ঘাইপথৰ পৰা লাওকোঠ গোবিন্দপুৰ অভিমুখে ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত শিঙিয়া গাঁৱৰ চহা কৃষক মীন কান্ত শইকীয়া ওৰফে মাটিয়া ( ৪৫) নামৰ লোকজন চাইকেল চলাই গৈ থকা সময়তে একে পথেৰে আৰু একে দিশেৰে আহি থকা এ এছ-০১ পি চি-৯৯৭০ নম্বৰৰ ডাম্পাৰখনে তীব্ৰ বেগত গৈ চাইকেল আৰোহীগৰাকীক খুন্দিয়াই কিছুদূৰ চোঁচৰাই নিয়াত পথচাৰী শইকীয়াৰ সোঁফালৰ ভৰিখন সম্পূৰ্ণ ৰূপে ছিগি পথৰ ওপৰত পৰি ৰয়। ঘটনা সংঘটিত হোৱাৰ পিছতেই স্থানীয় ৰাইজে আহত ব্যক্তিজনক উদ্ধাৰ কৰি ১০৮ সেৱাক অৱগত কৰি চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে। তদুপৰি ঘিলামৰা আৰক্ষীক ঘটনা সন্দৰ্ভত খবৰ দিয়ে যদিও ঘটনা সংঘটিত কৰা উদণ্ড চালকে ডাম্পাৰখন তীব্ৰ বেগত চলাই পলাবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়ে অভিযান চলাই ডাম্পাৰখন জব্দ কৰিবলৈ সক্ষম হয় । ইপিনে, মুমূৰ্ষু অৱস্থাত পৰি ৰোৱা চাইকেল আৰোহী শইকীয়াক ১০৮ মৃত্যুঞ্জয় সেৱাৰ জৰিয়তে ঘিলামৰা সামূহিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। খেতি-কৰি জীৱন নিৰ্বাহ কৰা খাটিখোৱা দৰিদ্ৰ পৰিয়ালটোৰ উপাৰ্জনকাৰী নিৰীহ ব্যক্তিজনৰ অকাল বিয়োগত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে । ৰাইজে উন্মত্ত চালকজনক দৃষ্টান্তমূলক শাস্তি বিহাৰ লগতে মৃতকৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ দাবী জনাইছে ।
প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি