নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল এজন লোকৰ

নিয়মীয়া বাৰ্তা, ১৭ আগষ্ট : হোজাইৰ ডবকাত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি আজি বিয়লি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়৷ এখন তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত বিনু ৰংহাং নামৰ প্ৰায় ৪০ বছৰীয়া লোক থিতাতে নিহত হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। গ্ৰাম্য পথেৰে লোকজন চাইকেলেৰে বজাৰলৈ গৈ থকা অৱস্থাত জনৈক আকবৰ আলীৰ এ বি ষ্টোন ক্ৰেচাৰৰ পৰা শিলভৰ্তি কৰি দ্ৰূত বেগত ডাম্পাৰখনে চাইকেল আৰোহীজনক মহটিয়াই লৈ যায় উক্ত শিলভৰ্তি ডাম্পাৰখনে৷ আকাশীগংগা তপজজুৰি দিখাৰুমুখ গাৱত এই চাঞ্চল্যৰ ঘটনা সংঘটিত হয়৷ AS02CC 5358 নম্বৰৰ ডাম্পাৰ খনৰ খুন্দাত চাইকেল আৰোহীজন থিতাতে নিহত হয়৷ দুৰ্ঘটনাগ্ৰস্থ ডাম্পাৰ খনৰ ইঞ্চুৰেন্স যোৱা এঘাৰ আগষ্টত ম্যাদ উকলিছে বুলি জানিব পৰা গৈছে৷ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি ঘটনা সংক্ৰান্তত তদন্ত আৰম্ভ কৰিছে৷ উল্ল্যেখযোগ্য যে বিগত কিচুদিনৰ পৰা এই অঞ্চলত ডাম্পাৰৰ সন্ত্ৰাস বৃদ্ধি পাইছে যদিও ৰহস্যজনক ভুমিকাত গ্ৰহণ বন বিভাগৰ লগতে পৰিবন বিভাগৰ বিষয়া কৰ্মচাৰী সকলৰ৷ একাংশ অসাধু ব্যৱসায়ীৰ লগত অবৈধ লেন দেন থকাৰ বাবেই একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া সকলে সন্ত্ৰাস চলোৱা ডাম্পাৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ হোজাই মহকুমাৰ মহকুমাধিপতি আৰু আৰক্ষী অধীক্ষকক ক্ৰেচাৰ আৰু কোৱেৰি সমূহত অভিযান দিবলৈ সচেতন লোকে অনুৰোধ জনাইছে। নিৰ্দিষ্ট একাংশ লোকৰ লাভালাভৰ বাবে বৃহত্তৰ ডবকাবাসীক বৃহত ক্ষতি কৰিছে ক্ৰেচাৰ সমূহৰ বায়ু প্ৰদুষণে৷
প্ৰেৰক কিশলয় দেৱগোস্বামী
You might also like