বিশেষ বাৰ্তা, ১২ অক্টোবৰঃ ভোগদৈ নৈৰ পৰা বালি কঢ়িয়াই অনা শ শ ডাম্পাৰৰ দৈনিক আহ যাহৰ ফলত এতিয়া মৰিয়নি নগৰত পথাচাৰীসকল ব্যাপক সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে। মৰিয়নিৰ অব্যাহত আছে বালি কঢ়িওৱা ডাম্পাৰৰ সন্ত্ৰাস। নগৰখনত পুৱাৰ পৰা নিশালৈকে বালি কঢ়িওৱা শ শ ডাম্পাৰে সন্ত্ৰাস সৃষ্টি কৰাৰ লগতে পথাচাৰীৰ বাবে বিপদ কঢ়িয়াই আনিছে। বিশেষকৈ স্কুল-কলেজৰ ছাত্ৰ ছাত্ৰীৰ বাবে এই ডাম্পাৰসমূহ অত্যন্ত বিপজ্জনক বিবেচিত হৈছে। কিন্তু প্ৰশাসন আৰু আৰক্ষীয়ে এই সমস্যাক লৈ কোনো কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। বালি সৰবৰাহ কৰা এনে ডাম্পাৰৰ বাবেই মৰিয়নিত ভয়াবহ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছিল। আজি সংঘটিত এক পথ দুৰ্ঘটনাই সেই আশংকাক সত্যত প্ৰমাণিত কৰিলে। আজি পুৱা নগৰৰ ষ্টেডিয়াম ৰোডৰ সন্মুখত মৰিয়নি-যোৰহাট পথত বালি কঢ়িয়াই অনা এখন ডাম্পাৰৰ তলত এজন বাইক আৰোহী সোমাই পৰাত গুৰুতৰভাৱে আহত হয়। বালি কঢ়িয়াই অনা এ এছ-০৩ চি চি-৩৭৬৮ নম্বৰৰ ডাম্পাৰখন যোৰহাট দিশে গৈ থকা অৱস্থাত এ এছ-০৩ ৱাই-১৩৫০ নম্বৰৰ বাজাজ পালছাৰ বাইকখন কিবা প্ৰকাৰে ডাম্পাৰখনৰ তলত সোমাই পৰে। পুৱা ১০-৪০ মান বজাত সংঘটিত দুৰ্ঘটনাটোত বাদল বাছফৰ নামৰ বাইক আৰোহীজন গুৰুতৰভাৱে আহত হয়। আহত যুৱকজনক সংকটজনক অৱস্থাত ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয়। মৰিয়নিৰ আৰক্ষীয়ে ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন জব্দ কৰিছে। উল্লেখযোগ্য যে, ভোগদৈ নৈৰ পৰা বালি কঢ়িয়াই অনা শতাধিক ডাম্পাৰ মৰিয়নি নগৰত প্ৰৱেশ কৰি তীব্ৰ গতিত অহাযোৱা কৰে। প্ৰশাসন, আৰক্ষী, পৌৰসভা কোনেও এইবোৰ বিষয়লৈ চিন্তা কৰিবলৈ আহৰি নাই। বিশেষকৈ স্কুল কলেজৰ ছাত্ৰী ছাত্ৰীৰ বাবে অতি বিপজ্জনক হৈ পৰিছে এনে ডাম্পাৰসমূহ। দিনে নিশাই বালি কঢ়িয়াই নিয়া ডাম্পাৰ চালকৰ অতপালিও দিনক দিনে বৃদ্ধি পাইছে। যাৰ পৰিণতিতেই আজিৰ এই ঘটনা সংঘটিত হ’বলৈ পালে বুলি সচেতন ৰাইজে মতপোষন কৰিছে। মৰিয়নিৰ প্ৰশাসন, আৰক্ষী, পৌৰসভা আদিয়েও এই বিষয়ত নিৰৱ ভূমিকা পালন কৰি অহা পৰিলক্ষিত হৈছে। এইক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আৰক্ষী আৰু প্ৰশাসনৰ লগতে পৌৰসভাৰ প্ৰতি আহ্বান জনাইছে ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া