নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোকৰাঝাৰত ডুৰাণ্ড কাপৰ ট্রফী উন্মোচন

📌 বিটিআৰবাসীৰ বাবে এয়া এক স্মৰণীয় মুহূর্ত : প্রমোদ বড়ো

বিশেষ বাৰ্তা, ২৩ জুলাই : বিটিচি চৰকাৰৰ সহযোগত কোকৰাঝাৰ ছাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ঐতিহ্যমণ্ডিত ১৩২সংখ্যক ডুৰাণ্ড কাপ ফুটবলৰ মেচ৷ সেই উপলক্ষে কালি কোকৰাঝাৰত ট্রফী উন্মোচন আৰু প্রদর্শন কৰা হয়৷ কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্রকল্পত অনুষ্ঠিত ট্রফী উন্মোচন আৰু প্রদর্শনৰ আদৰণী অনুষ্ঠানত ভাৰতীয় ফুটবল সন্থাৰ সভাপতি কল্যাণ চৌবে, মন্ত্রীদ্বয় ক্রমে নন্দিতা গার্লোছা, উর্খাও গৌৰা ব্রহ্ম, বিটিচিপ্রধান প্রমোদ বড়ো, সেনা বাহিনীৰ কেইবাজনো শীর্ষ বিষয়াৰ লগতে ভাৰতীয় ফুটবল দলৰ অধিনায়ক অপূর্ণা নার্জাৰীকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে৷ উল্লেখ্য যে কালি ডুৰাণ্ড কাপৰ তিনিটা ট্রফী উন্মোচন কৰা হয়৷ ইয়াৰে এটা আৰম্ভণি সময়ৰ চিমলা কাপ, মূল ডুৰাণ্ড কাপ আৰু ডুৰাণ্ড কাপৰ ৰানিং ট্রফী৷ বিটিচি সচিবালয়তো প্রদর্শনৰ বাবে ৰখা হয় ডুৰাণ্ড কাপৰ ট্রফী৷ অহা ৫ আগষ্টত কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব লগা প্রথমখন খেলত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং আৰু সেনাপ্রধান মনোজ পাণ্ডে৷ খেলৰ পূর্বে ভাৰতীয় বায়ুসেনাৰ দ্বাৰা বিমান কৌশল প্রদর্শন, স্কাই ডাইভিং, কাৰাটে প্রদর্শন আৰু স্থানীয় শিল্পীৰ দ্বাৰা বড়ো নৃত্য প্রদর্শন কৰা হ’ব৷ কোকৰাঝাৰত মুঠ ৯খন লীগৰ খেল অনুষ্ঠিত হ’ব আৰু কোৱার্টাৰ ফাইনেলৰ এখন মেচ ২৪ আগষ্টত অনুষ্ঠিত হ’ব৷ ট্রফী ট্যুৰৰ অনুষ্ঠানৰ পিছতে ভাৰতীয় ফুটবল সন্থাৰ সভাপতি কল্যাণ চৌবেই কয় যে ফুটবলৰ যোগেদিয়ে জীৱন আৰু জীৱিকা গঢ়ি তুলিব পাৰি৷ শেহতীয়াভাৱে বিটিচিয়ে ক্রীড়াৰ অভূতপূর্ব উন্নতি ঘটাবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰে৷ আনহাতে বিটিচিপ্রধান প্রমোদ বড়োৱে বিটিচিবাসীৰ বাবে ই এক স্মৰণীয় মুহূর্ত বুলি মন্তব্য কৰি ডুৰাণ্ড কাপে বিটিচিক ক্রীড়াৰ মানচিত্রত লিপিবদ্ধ কৰিব বুলি কয়৷ উদীয়মান যুৱক–যুৱতীসকলে খেলত আগবাঢ়ি বিশ্বৰ বুকুত জিলিকি উঠিব বুলি আশা প্রকাশ কৰি তেওঁ বিটিআৰ চৰকাৰে ক্রীড়াৰ উন্নতিকল্পে বহু আঁচনি গ্রহণ কৰা বুুলি মন্তব্য কৰে ৷

You might also like