গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ ৰণডংকা
বিজুলী কলিতা মেধিক ছমৰীয়া সত্ৰ মণ্ডল আৰু বকো মণ্ডলৰ কৰ্মীৰ উষ্ম আদৰণি
নিয়মীয়া বাৰ্তা, ১২ মাৰ্চ : কামৰূপ জিলাৰ বকো ছয়গাওঁ সমষ্টিৰ অন্তৰ্গত বিজেপিৰ বকো আৰু ছমৰীয়া সত্ৰ মণ্ডলত আজি গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোটৰ সমৰ্থিত প্ৰাৰ্থী বিজুলী কলিতা মেধিক দলীয় কৰ্মীসকলে উষ্ম আদৰণি জনায়।প্ৰাৰ্থীগৰাকী প্ৰথমে বকো বিজেপি মণ্ডলৰ উদ্যোগত বকো বিষ্ণুৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা আদৰণি অনুষ্ঠানত উপস্থিত হোৱাৰ লগে লগে বকো বিজেপি মণ্ডলৰ কাৰ্যকৰ্তা সকলে উষ্ম আদৰণি জনায়।আদৰণি সভাত উপস্থিত থাকে পলাশবাৰী সমষ্টিৰ জনপ্ৰিয় যুৱ বিধায়ক হেমাংগ ঠাকুৰীয়া,দক্ষিন কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামী,জিলা প্ৰভাৰী অৰ্নিবান গোস্বামী,বকো মণ্ডলৰ সভাপতি বুদ্ধেশ্বৰ ৰাভাৰ লগতে প্ৰায় তিনিশতাধিক দলীয় কৰ্মী।সভাত উপস্থিত হৈ যুৱ বিধায়ক হেমাংগ ঠাকুৰীয়াই কয় যে বিজুলী বাইদেউ আমাৰ এজন বহু পুৰণি কাৰ্যকৰ্তা।বিজুলী বাইদেউ দলৰ এজনী তৃনমূল কাৰ্যকৰ্তা হিচাপে দীৰ্ঘদিন ধৰি কাম কৰি অহা বাবে দলে তেওঁক সন্মান দিছে।এতিয়া আমাৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক লাখপতি বাইদেউ,অৰুণোদয় আচনি বহুতো দিছে।মুখ্যমন্ত্ৰী জন আমাৰে।গতিকে আমি সকলোৱে মিলি একগোট হৈ আমাৰ মৰমৰ প্ৰাৰ্থী গৰাকীক যোৱা নিৰ্বাচনৰ ভোটতকৈ অধিকতকৈ অধিক ভোটত জয়ী কৰাই আনিব লাগিব।আনহাতে প্ৰাৰ্থিগৰাকীয়ে আবেলি বিজেপি ছমৰীয়া সত্ৰ মণ্ডলৰ উদ্যোগত পশ্চিমহাটী ৰাজহুৱা গৃহত আয়োজন কৰা আদৰণি অনুষ্ঠানত উপস্থিত হোৱাৰ লগে লগে ছমৰীয়া সত্ৰ মণ্ডলৰ কাৰ্যকৰ্তা সকলে উষ্ম আদৰণি জনায়।আদৰণি সভাত উপস্থিত থাকে দক্ষিন কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামী,জিলা প্ৰভাৰী অৰ্নিবান গোস্বামী,ছমৰীয়া সত্ৰ মণ্ডলৰ সভাপতি পাৰ্থকৃষ্ণ অধিকাৰী,প্ৰাক্তন জিলা সভাপতি তথা ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ধনেশ্বৰ তালুকদাৰৰ লগতে প্ৰায় শতাধিক দলীয় কৰ্মী।সভাত উপস্থিত হৈ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে কয় যে মই দলৰ পৰা টিকট লাভ কৰা পিছতে গুৱাহাটী লোকসভা সমষ্টিৰ আমাৰ বিজেপিৰ মুঠ ৩২ টা মণ্ডলৰ কাৰ্যকৰ্তাক লগ পোৱাৰ উদ্যেশ্যৰে এক যাত্ৰা আৰম্ভ কৰিছিলো আৰু আজি দিনটো বিভিন্ন মণ্ডলৰ কাৰ্যকৰ্তাক লগ কৰি ছমৰীয়া সত্ৰ মণ্ডলত শেষ কৰিলো।আমি দলৰ প্ৰতিজন কাৰ্যকৰ্তাৰ লগত একলগ হৈ কাম কৰি যাম।দলৰ কাৰ্যকৰ্তা সকলে মোক তেওঁলোকৰে এজন বুলি ভোট দিব আৰু মই জয়যুক্ত হব পাৰিম বুলি আশা কৰিছো।
প্ৰেৰক প্ৰীতম বায়ন