নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰেড জ’নৰ পৰা অহা গাড়ীৰ ই–পাছ দিছিল ৰোহণ কুমাৰ ঝাই

শোণিতপুৰৰ এডিচিৰ কাণ্ডক লৈ প্রতিক্রিয়া

নিয়মীয়া বাৰ্তা ১ মেঃ ধুবুৰীত আবদ্ধ ২২জনজামাতীক নীতিবহির্ভূতভাৱে নিজ গৃহ জিলা শোণিতপুৰলৈ অহাৰ অনুমতি প্রদান কৰিছিল শোণিতপুৰ জিলা প্রশাসনে৷ যি সময়ত গুৰুতৰভাৱে অসুস্থ ৰোগীয়ে গুৱাহাটীত চিকিৎসা গ্রহণৰ বাবে শোণিতপুৰ জিলা প্রশাসনৰ ওচৰত তাঁতবাতি কাঢ়িবলগীয়া হৈছে, সেই সময়তে খোদ শোণিতপুৰৰ এগৰাকী দায়িত্বশীল শীর্ষ বিষয়াই এনেদৰে চৰকাৰী নিয়ম ডলংঘা কৰা ঘটনাই জিলাখনত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ স্মর্তব্য যে ৰাজ্যখনৰ অন্যতম ৰেড জ’ন ধুবুৰীৰ বিলাসীপাৰাৰ এটা মছজিদত লকডাডনৰ পৰিপ্রেক্ষিতত শোণিতপুৰৰ ২২গৰাকীকৈ জামাতী দীর্ঘদিন ধৰি আবদ্ধ হৈ আছিল৷ নিয়ম অনুসৰি এই আবদ্ধ লোকসকলে ধুবুৰী জিলা প্রশাসনক আবেদন জনাই অনুমতি সাপেক্ষেহে গৃহ জিলা শোণিতপুৰলৈ অহাৰ ব্যৱস্থা কৰিব পাৰে৷ কিন্তু অতি ৰহস্যৰ কথা যে এই আবদ্ধ ২২গৰাকী জামাতীয়ে নিয়ম অনুসৰি ধুবুৰী জিলা কর্তৃপক্ষক আবেদন নজনাই শোণিতপুৰ প্রশাসনকহে অনলাইনৰ জৰিয়তে আবেদন জনায়৷ উল্লেখ্য যে এই লকডাডনৰ সময়ছোৱাত শোণিতপুৰৰ বিভিন্ন অনুমতি প্রদানৰ দায়িত্বত আছে জিলাখনৰ অতিৰিক্ত উপায়ুক্ত ৰোহণ কুমাৰ ঝা৷ কিন্তু আশ্চর্যজনক কথা যে অতিৰিক্ত জিলা দণ্ডাধীশৰ দায়িত্বত থকা ৰোহণ কুমাৰ ঝায়ে ৰাজ্য চৰকাৰৰ নির্দেশাৱলী উলংঘাৰে ধুবুৰীত ২২গৰাকী জামাতীক নিজ গৃহ জিলা শোণিতপুৰলৈ অহাৰ অনুমতি প্রদান কৰে৷ ইয়াৰে আলম লৈ যোৱা ২৭ এপ্রিলত ধুবুৰীৰ বিলাসীপাৰাৰ পৰা ৪০ হাজাৰ টকাত এ এছ–১২ এ চি–১৬৬৭ নম্বৰৰ এখন ড্রেভেলাৰ ভাৰা কৰি অর্থাৎ সামাজিক দূৰত্ব ডলংঘা কৰি শোণিতপুৰৰ চাৰিদুৱাৰ থানাৰ অন্তর্গত গুদামঘাটত আহি উপস্থিত হয় এই ২২গৰাকী জামাতী৷ অৱশ্যে এই বাতৰি ৰাষ্ট্র হৈ পৰাৰ লগে লগে আৰক্ষীৰ সহযোগত সংশ্লিষ্ট বিভাগে গুদামঘাটৰ এটা মছজিদৰ পৰা এই জামাতীসকলক উদ্ধাৰ কৰি যাৱতীয় স্বাস্থ্য পৰীক্ষাসহ শোণিতপুৰৰ চিৰাজুলিত অৱস্থিত কোৱাৰেণ্টাইন শিবিৰত ৰখাৰ ব্যৱস্থা কৰে৷

  শোণিতপুৰৰ অতিৰিক্ত উপায়ুক্তগৰাকীয়ে এইদৰে নীতি–নিয়ম ডলংঘাৰে জামাতীকেইজনক জিলাখনলৈ ৰেড জ’নৰ পৰা অহাৰ অনুমতি প্রদান কৰা ঘটনা এই ঘটনা পোহৰলৈ অহাত তেজপুৰত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ কিয়নো বিগত দিনকেইটাত অর্থাৎ অব্যাহত থকা এই লকডাডনৰ সময়ছোৱাত জিলাখনৰ বিভিন্ন প্রান্তৰ বহুকেইগৰাকী গুৰুতৰ ৰোগীয়ে গুৱাহাটীত উন্নত চিকিৎসাৰ বাবে এইগৰাকী বিষয়াৰ ওচৰত আহি কাকূতি–মিনতি কৰাৰ পিছতো বিমুখ হ’বলগীয়া হৈছে৷ তেনে পৰিপ্রেক্ষিতত নিজকে নিয়ম–কানুনৰ ক্ষেত্রত এগৰাকী কঠোৰ আই এ এছ বিষয়া বুলি পৰিচয় দি অহা ৰোহণ কুমাৰ ঝাই কি কাৰণত ৰেড জ’নৰ জামাতীক শোণিতপুৰলৈ অহাৰ অনুমতি প্রদান কৰিলে বুলি চহৰখনৰ সচেতন মহলৰ মাজত স্বাভাৱিকতে প্রশ্ন ডত্থাপিত হৈছে৷ এই সন্দর্ভত শোণিতপুৰৰ ডপায়ুক্ত মানৱেন্দ্র প্রতাপ সিঙে সাংবাদিকৰ আগত আগবঢ়োৱা বক্তব্যত এয়া ভুলক্রমে হোৱা বুলি অকপটে স্বীকাৰ কৰাটো তাৎপর্যপূর্ণ বুলি বিবেচিত হৈছে৷ আনহাতে এই লকডাডনৰ সময়ছোৱাত কেন্দ্রীয় চৰকাৰৰ নির্দেশাৱলীৰ আধাৰত ক্রমান্বয়ে একাংশ ব্যৱসায়িক প্রতিষ্ঠানৰ ক্ষেত্রত শিথিল কৰি দিয়া হৈছে যদিও এইক্ষেত্রতো বণিক গোষ্ঠীক বিশেষ প্রাধান্য দিয়াৰ বিপৰীতে থলুৱা ব্যৱসায়ীসকলৰ অনুষ্ঠান–প্রতিষ্ঠানৰ অনুমতি প্রদানত বিশেষ গুৰুত্ব প্রদান কৰা নাই এইগৰাকী বিষয়াই৷ যোৱা ২৭ এপ্রিলত তেজপুৰত অনুষ্ঠিত পাঁচখন জিলাৰ পর্যালোচনা সভাত অংশগ্রহণ কৰা মুখ্য সচিবগৰাকীয়ে সাংবাদিকৰ আগত আগবঢ়োৱা বক্তব্যত ৰেড জ’ন ধুবুৰীৰ পৰা গ্রীন জ’ন শোণিতপুৰলৈ ২২গৰাকী জামাতীয়ে অহাৰ অনুমতি লাভ কৰা সন্দর্ভত আশ্চর্য প্রকাশ কৰি এনে নীতিবহির্ভূত অনুমতি কোনে প্রদান কৰিলে বুলি কৈ এই সম্পর্কত তদন্তসহ ব্যৱস্থা গ্রহণ কৰিব বুলি মন্তব্য কৰিছিল৷ আজি এই অনুমতিৰ তথ্য ফাদিল হৈ পৰাৰ পিছত মুখ্য সচিবগৰাকীয়ে শোণিতপুৰত কর্মৰত ভাৰতীয় প্রশাসনিক সেৱাৰ এই বিষয়াগৰাকীৰ ক্ষেত্রত কি পদক্ষেপ গ্রহণ কৰে সেয়াহে লক্ষণীয় হ’ব৷

You might also like