মৰিগাঁৱৰ গেৰুৱা শংকৰদেৱ শিশু নিকেতনত ইকো ক্লাৱ গঠন
নিয়মীয়া বাৰ্তা, ২৪ মে : আজি মৰিগাঁও জিলাৰ গেৰুৱা শংকৰদেৱ শিশু নিকেতনত DNA, Eco – club মৰিগাঁও, অসমৰ অধিনত এটি Eco – Clubৰ শুভাৰম্ভ কৰা হয়। সেই উপলক্ষে গেৰুৱা শংকৰদেৱ শিশু নিকেতনৰ সভাগৃহত এটি উদ্বোধনী অনুষ্ঠানৰ লগতে ছাত্ৰ- ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশৰ লগত জৰিত বিজ্ঞান সম্বন্ধিত এক মনোজ্ঞ আলোচনাৰ বিশেষ অনুষ্ঠান সম্পন্ন হয়। আচাৰ্য পংকজ গোস্বামীয়ে আট ধৰা অনুষ্ঠান টিত আদৰণী ভাষন ৰাখে নিকেতন পৰিচালনা সমিতিৰ সম্পাদক তুতুল বৰঠাকুৰে। Eco club টি শুভ উদ্বোধন কৰে অসম বিজ্ঞান সমিতিৰ ভাৰপ্ৰাপ্ত প্ৰধান সচিব মৃণাল হাজৰিকাই। সমল ব্যক্তি হিছাবে উপস্হিত থাকে DNA Eco Club মৰিগাঁৱৰ জিলা সমন্বয়ক ইমদাদ আলী। তদুপৰি অনুষ্ঠানটিত উপস্থিত থাকে অসম বিজ্ঞান সমিতি মৰিগাঁও জিলাৰ সাধাৰণ সম্পাদক নিৰোদ বৰা, ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ মৰিগাঁও, অসমৰ সমল ব্যক্তি ভাৰ্গৱ ৰাজনকে প্ৰমোখ্য কৰি অঞ্চলৰ বহু কেইজন বিশিষ্ট ব্যক্তি। অনুষ্ঠান টিৰে সংগতি ৰাখি ছাত্ৰ ছাত্ৰী সকলে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰে। অনুষ্ঠানৰ শেষত মুখ্য আচাৰ্য্য শুকদেৱ চৌহানে সলাগৰ সৰাই আগবঢ়াই নৱগঠিত Eco Club ৰ উদ্যোগত বিদ্যালয় খনত এক সুষ্ঠ প্ৰাকৃতিক আৰু শৈক্ষিক পৰিবেশ সৃষ্টিত সহায়ক হব বুলি আশা প্ৰকাশ কৰে।
প্ৰেৰক আবুল কালাম