জলবায়ু সংকটঃ পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰৰ কেনেকৈ সম্ভৱ, ডিফুত এলানি আলোচনা
গুৱাহাটী, ৩ মাৰ্চ: অলপতে বিশ্বৰ বিভিন্ন দেশৰ জলবায়ু-বিজ্ঞানীসকলে একত্ৰিতভাৱে “জলবায়ু সংকট” ঘোষণা কৰাৰ পিছত অনাগত দিনবোৰত আমাৰ পৃথিৱীখনে সন্মুখীন হ’ব পৰা ভয়াৱহ সংকটসমূহ সম্পৰ্কে সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ মাজত সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে উত্তৰ-পূব ভাৰতৰ অগ্ৰণী জলবায়ু আৰু পৰিৱেশ সংস্থা “চেন্টাৰ ফৰ এনভাইৰণমেণ্ট এণ্ড ক্লাইমেট একচন ফাউন্ডেছন (CECAF)”-ৰ উদ্যোগত “ক্লাইমেট ডায়ালগ ছিৰিজ” শীৰ্ষক এলানি অনলাইন আৰু অফলাইন কাৰ্যসূচী হাতত লোৱা হৈছে। অন্যতম কাৰ্যসূচী হিচাপে যোৱা ৩ মাৰ্চত “বিশ্ব বন্যপ্ৰাণী দিৱস” উপলক্ষে “পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰঃ ধাৰণা, দৃষ্টিভংগী আৰু প্ৰয়োজনীয়তা” শীৰ্ষক এখনি মনোগ্ৰাহী আৰু সময়োপযোগী ৰাজহুৱা বক্তৃতা-অনুষ্ঠান ডিফু চহৰৰ বায়ডাইভাৰ্চিটি-কাম-ৰিক্ৰিয়েচন পাৰ্কত অনুষ্ঠিত হৈ যায় । অসম প্ৰশাসনিক সেৱাৰ বিষয়া, সহকাৰী আয়ুক্ত কে জেমেৰ সঞ্চালনাত অনুষ্ঠিত ৰাজহুৱা বক্তৃতা-অনুষ্ঠানটোত মুখ্য বক্তা হিচাপে ভাগ লৈ কাৰ্বি আংলং জিলাৰ “জিলা পৰিৱেশ সমন্বয়ক”, পৰিৱেশ-বিশেষজ্ঞ আৰু লেখক তদ্ৰূপ মজুমদাৰে মূল বিষয়টো সন্দৰ্ভত বিস্তৃতভাৱে ব্যাখ্যা কৰাৰ লগতে পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ কৰাৰ বাবে ল’বলগীয়া ব্যৱস্থাসমূহ সম্পৰ্কেও এক বিশদ আলোচনা আগবঢ়ায় ।
মূল বক্তৃতাৰ পিছত অনুষ্ঠিত এক বিষয়ভিত্তিক মুকলি আলোচনাত ভাগ লয় উত্তৰ-পূব ভাৰতৰ বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈ অহা “আৰণ্যক”ৰ বিজ্ঞানী ড° ফিৰোজ আহমেদ, নাগালেণ্ড চৰকাৰৰ পৰ্যটন বিষয়া কিকৰুলহন্যু পাপিনো, বিশিষ্ট শিল্পী প্ৰসেনজিৎ ফাংচ’, বিশিষ্ট লেখক-গায়ক দেউৰী ৰংপী, পদাৰ্থবিজ্ঞানৰ শিক্ষক-গৱেষক ড° প্ৰকাশ বৰ্মন আৰু বনবিষয়া ৰেণুকা টেৰাংপীয়ে ৷ এই শিতানত ভাগ লৈ কেইবাগৰাকী শ্ৰোতাই বহুকেইটা গুৰুত্ত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে । কবি-লেখক আৰু পৰিৱেশ-কৰ্মী মণিকা টেৰণপীয়ে আঁত ধৰা আৰু “চেন্টাৰ ফৰ এনভাইৰণমেণ্ট এণ্ড ক্লাইমেট একচন ফাউন্ডেছন”-ৰ সঞ্চালক ড° কমল কুমাৰ তাঁতীয়ে পৰিচালনা কৰা অনুষ্ঠানটোত সমাজৰ বিভিন্ন অংশৰ লোকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে । বক্তৃতা অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত সহায়-সহযোগিতা আগবঢ়োৱা সংশ্লিষ্ট সকলো পক্ষলৈ ধন্যবাদ জ্ঞাপন কৰি সংস্থাটোৰ পৰিচালন সঞ্চালক ড°এডমণ্ড এন্দ্ৰোৱে “ক্লাইমেট ডায়ালগ ছিৰিজ”ৰ অন্তৰ্গত পৰৱৰ্তী অনুষ্ঠানসমূহতো আগ্ৰহী লোকসকলৰ সক্ৰিয় অংশগ্ৰহণ কামনা কৰিছে ।