মিজোৰামৰ বিৰুদ্ধে হাইলাকান্দিত অর্থনৈতিক অৱৰোধঃ ৰে’লপথ বিচ্ছিন্ন কৰি প্রতিবাদ স্থানীয় ৰাইজৰ
নিয়মীয়া বাৰ্তা, ২৮ জুলাইঃ সীমান্তত মিজোৱে আগ্রাসন চলাই অসম আৰক্ষীৰ ৫জনকৈ জোৱানক গুলীয়াই নিহত কৰাৰ প্রতিবাদত আজি উত্তাল হৈ পৰিল হাইলাকান্দি৷ মিজোৰামৰ বর্বৰ কাণ্ডৰ বিৰুদ্ধে ৬নং ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰি স্থানীয় ৰাইজে চুবুৰীয়া ৰাজ্যখনৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে৷
উল্লেখ্য যে কাছাৰ জিলাৰ লাইলাপুৰত মিজোৰাম আৰক্ষী আৰু একাংশ স্থানীয় মিজো লোকে অসম আৰক্ষীৰ ওপৰত আক্রমণ চলোৱাৰ লগতে ৫জনকৈ জোৱানক গুলীয়াই নিহত কৰি এক উত্তেজনাময় পৰিৱেশ সৃষ্টি কৰে৷ মিজোৰামৰ এই কাণ্ডৰ প্রতিবাদতে মঙলবাৰে হাইলাকান্দি জিলাৰ কৃষ্ণপুৰ এলেকাত প্রতিবাদী ৰাইজে ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰে৷ সীমান্তত মিজো আৰক্ষীৰ গুলীত নিহত হোৱা ছামছুজামান বৰভূঞাৰ বাসগৃহৰ সমুখত ৰাষ্ট্রীয় ঘাইপথত অৱস্থান কৰি মিজোৰামৰ ভৈৰৱীলৈ যোৱা সকলো যান–বাহন আবদ্ধ কৰি মিজোৰামৰ বিৰুদ্ধে অর্থনৈতিক অৱৰোধ গঢ়ি তোলে৷
প্রতিবাদকাৰীসকলে মিজোৰামৰ বিৰুদ্ধে অসম চৰকাৰক ব্যৱস্থা গ্রহণৰ দাবী তোলাৰ লগতে আগন্তুক দিনত মিজোৰামলৈ খাদ্যসামগ্রী কঢ়িয়াই নিয়া ৰে’ল যোগাযোগো বন্ধ কৰি দিয়াৰ হুংকাৰ দিয়ে৷
ইফালে, মঙলবাৰে হাইলাকান্দি জিলাৰ মহম্মদপুৰ ষ্টেচনত ৰে’লপথ বিচ্ছিন্ন কৰি প্রতিবাদ সাব্যস্ত কৰে একাংশ লোকে৷ এই ৰে’লপথেৰে মিজোৰামলৈ খাদ্য সামগ্রী প্রেৰণ কৰা হয়৷ জিলাখনৰ আন কেইবাঠাইতো মিজোৰামৰ বর্বৰোচিত আক্রমণৰ প্রতিবাদত ধর্ণা দি অৱস্থান কৰে বহু লোকে৷ মিজোৱে কালি চলোৱা আক্রমণৰ পিছত সৃষ্টি হোৱা অগ্ণিগর্ভ পৰিস্থিতিৰ মাজতে মঙলবাৰে কাছাৰৰ কাবুগঞ্জ আৰু ধলাইৰ ৫৪নং ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰে বিভিন্ন দল–সংগঠনে৷ শিলচৰ জিলা কংগ্রেছ কমিটীয়ে শ্বহীদ ক্ষুধিৰাম মূর্তিৰ তলত মহিলা কংগ্রেছৰ ৰাষ্ট্রীয় সভাপতি সুস্মিতা দেৱৰ নেতৃত্বত প্রতিবাদ সাব্যস্ত কৰে৷