নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিন্দুক ধর্মান্তৰকৰণঃ ধনৰ অবৈধ যোগানক লৈ ইডিৰ গোচৰ

কেনেকৈ আহে ইছলামিক দাৱা চেণ্টাৰলৈ বিদেশী পুঁজি

নিয়মীয়া বাৰ্তা ২৬ জুনঃ উত্তৰ প্রদেশৰ নইদাৰ পৰাই ধর্মান্তৰকৰণৰ নেটৱর্ক বিয়পোৱা ইছলামিক দাৱা চেণ্টাৰ (আই ডি চি)–এ পুঁজি লাভ কৰা বিষয়টো এইবাৰ সোমাই পৰিল এনফ’চমেণ্ট ডাইৰেক্টৰেট, চমুকৈ ই ডিৰ তদন্তৰ আওতাত৷ সমগ্র বিষয়টোৱে দেশজুৰি চাঞ্চল্য সৃষ্টি কৰাৰ সময়তে ই ডিয়ে ৰুজু কৰিছে এটা গোচৰ৷ প্রধানতঃ আই ডি চিলৈ বিদেশী পুঁজি আৰু ধনৰ অবৈধ যোগানৰ বিষয়টো ই ডিয়ে অনুসন্ধান কৰিব৷

ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি ই ডিয়ে ‘প্রিভেনচন অৱ মানী লণ্ডাৰিং এক্ট’ৰ অধীনত উত্তৰ প্রদেশ আৰক্ষীৰ সন্ত্রাসবাদবিৰোধী গোটে উৎখাত কৰা হিন্দুক মুছলমানলৈ ধর্মান্তৰিত কৰাত জড়িত চক্রটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে৷ এই গোচৰটো সন্দর্ভত দাখিল কৰা এজাহাৰত ই ডিয়ে নাম সন্নিৱিষ্ট কৰিছে মাষ্টাৰ মাইণ্ড মৌলানা ওমৰ গৌতম আৰু মুফতি জাহাংগীৰ আলমসহ কেইবাজনৰো নাম৷ উল্লেখ্য যে নির্দিষ্ট অভিযোগৰ ভিত্তিত অভিযান চলাই উত্তৰ প্রদেশ আৰক্ষীৰ সন্ত্রাসবাদবিৰোধী গোটে যোৱা ২০ জুনত মৌলানা ওমৰ গৌতম আৰু মুফতি জাহাংগীৰ আলমক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল৷

সমগ্র বিষয়টো সন্দর্ভত ইতিমধ্যে উত্তৰ প্রদেশ আৰক্ষীৰ সন্ত্রাসবাদবিৰোধী গোটে ৰাজ্যখনত নতুনকৈ প্রণয়ন কৰা ধর্মান্তৰকৰণবিৰো আইনৰ অধীনত গোমটিনগৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছিল৷ এই গোচৰটো সন্দর্ভত অনুসন্ধান অব্যাহত ৰখাৰ সময়তে ই ডিয়ে মূলতঃ ধর্মান্তৰকৰণৰ মূল হোতা ইছলামিক দাৱা চেণ্টাৰে বিদেশী পুঁজিৰ লগতে ধন লাভ কৰা বিষয়টো নিজৰ তদন্তলৈ অনাটো যথেষ্ট গুৰুত্বপূর্ণ ৰূপে বিবেচিত হৈছে৷ ই ডিৰ গোচৰৰ সমান্তৰালভাৱে ইতিমধ্যে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে ধর্মান্তৰকৰণত জড়িত চক্রটোৰ বিৰুদ্ধে গেংষ্টাৰ আইন আৰু ৰাষ্ট্রীয় নিৰাপত্তা আইনৰ অধীনত কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈও নির্দেশ দিছে৷

ৰাষ্ট্রীয় সংবাদ মাধ্যমত ধৃত মৌলানা ওমৰ গৌতমৰ স্বীকাৰোক্তিৰ উদ্ধৃতিৰে প্রকাশিত বাতৰি অনুসৰি ইছলামিক দাৱা চেণ্টাৰে আমেৰিকা, কাটাৰ আৰু কুৱেইটৰ পৰা বৃহৎ পৰিমাণৰ ধন লাভ কৰিছিল৷ দিল্লীৰ ফাতেমা চেৰিটেবল ফাউণ্ডেচন, লক্ষ্ণৌৰ আল–হাছান এডুকেচন এণ্ড ৱেলফেয়াৰ ফাউণ্ডেচন, ফৰিদাবাদৰ মেৱাট ট্রাষ্ট ফৰ এডুকেচনেল ৱেলফেয়াৰ, মুম্বাইৰ মার্কাজুল মাৰিফ আৰু দিল্লীৰ হুমায়ুন ছলিডাৰিটী ফাউণ্ডেচনসহ দেশৰ বহুকেইটা এফচিআৰএ পঞ্জীভুক্ত বেচৰকাৰী সংস্থাৰ জৰিয়তে এই বিদেশী ৰাষ্ট্রকেইখনৰ পৰা পুঁজি প্রেৰণ কৰা হয় ইছলামিক দাৱা চেণ্টাৰলৈ৷

মন কৰিবলগীয়া যে ‘জী টিভি’ আৰু ‘নিউজ নেচন’ৰ বাতৰিত অসমৰ সাংসদ তথা এ আই ইউ ডি এফৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলেও ইছলামিক দাৱা চেণ্টাৰক পুঁজি যোগান ধৰাৰ কথা ধৃত মৌলানা ওমৰ গৌতমে স্বীকাৰ কৰা বুলি প্রকাশ পাইছিল৷ অৱশ্যে আজমলে এই কথা অস্বীকাৰ কৰিছে৷ ইফালে ই ডিয়ে সমগ্র বিষয়টো নিজৰ তদন্তৰ আওতালৈ অনাৰ লগে লগে ইছলামিক দাৱা চেণ্টাৰলৈ কেনেকৈ বিদেশী পুঁজি তথা ধনৰ যোগান ধৰা হয়, সেই কথা স্পষ্ট হ’ব বুলি ধাৰণা কৰা হৈছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ধৃত মৌলানা ওমৰ গৌতম আৰু মুফতি জাহাংগীৰ আলমে উত্তৰ প্রদেশ আৰক্ষীৰ সন্ত্রাসবাদবিৰোধী গোটৰ জেৰাত ধর্মান্তৰকৰণ সন্দর্ভত বিভিন্ন ধৰণৰ বিস্ফোৰক তথ্য স্বীকাৰ কৰাৰ বাতৰিও প্রকাশ পাইছে ৰাষ্ট্রীয় সংবাদ মাধ্যমত৷

প্রকাশিত বাতৰি অনুসৰি এই চক্রটোৱে অসমলৈও বিয়পাইছিল ধর্মান্তৰকৰণৰ নেটৱর্ক৷ অসমৰ উপৰি উত্তৰ প্রদেশ, কেৰালা, জম্মু–কাশ্মীৰ, মহাৰাষ্ট্র, দিল্লী আৰু তামিলনাডুলৈ চক্রটোৱে নিজৰ জাল সম্প্রসাৰণ কৰিছিল৷ অৱশ্যে ইয়াতকৈ আৰু অধিক তথ্য বর্তমানলৈকে প্রকাশ পোৱা নাই৷ এই প্রসংগত উত্তৰ প্রদেশ আৰক্ষীৰ আইন–শৃংখলাৰ দায়িত্বত থকা অতিৰিক্ত সঞ্চালকপ্রধান প্রশান্ত কুমাৰে এক গুৰুত্বপূর্ণ মন্তব্য কৰিছে৷ কানপুৰৰ কল্যাণপুৰৰ বাসিন্দা এটা দম্পতীৰ মূকবধিৰ পুত্রক ধর্মান্তৰিত কৰি দক্ষিণ ভাৰতলৈ প্রেৰণ কৰা হৈছিল৷ এনেধৰণৰ হাজাৰটা ঘটনা পোহৰলৈ আহিছে৷ ধর্মান্তৰকৰণৰ বিপৰীতে এই চক্রটোৱে ধন আৰু চাকৰিৰ প্রলোভন দিছিল৷

You might also like