নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : স্মৃতি সংৰক্ষণ

ভূপেন হাজৰিকাৰ জন্ম অথবা মৃত্যু দিৱসৰ সময়ত তেখেতৰ কর্মৰাজি সংৰক্ষণ কৰা, স্মৃতি সংৰক্ষণ কৰা আদিৰ দৰে কিছুমান কথা বিভিন্ন ক্ষেত্রৰ পৰা আওৰাই থকা হয়৷ এই কথাবোৰ শুনিবলৈ ভাল আৰু আদর্শপূর্ণ হয়৷ এই কথাটো ভূপেন হাজৰিকা বুলিয়েই নহয়, সকলো প্রখ্যাত শিল্পী–সাহিত্যিকৰ ক্ষেত্রতেই প্রযোজ্য হয়৷ একোগৰাকী শিল্পী–সাহিত্যিকে ওৰেটো জীৱন সাধনা কৰি জাতিটোৰ বাবে কিছু সম্পদৰ সৃষ্টি কৰে আৰু জাতিটোৱে সেইবোৰ উপভোগ কৰে৷ স্রষ্টাগৰাকী জীৱিত হৈ থকালৈকে সেই সম্পদবোৰৰ সংৰক্ষণৰ চিন্তা আন কোনেও নকৰে৷ নকৰাই স্বাভাৱিক, কাৰণ স্রষ্টাগৰাকীয়ে সেইবোৰৰ দায়িত্ব পালন কৰি থকা বুলি সকলোৱে ধৰি লয়৷ যদি সেই সম্পদবোৰ কিতাপ হয় আৰু প্রকাশকে প্রকাশ কৰি থাকে আৰু বজাৰত সেইবোৰৰ চাহিদা থাকে, তেনে অৱস্থাত কিতাপবোৰৰ ভৱিষ্যৎ কিছুদিনলৈ ভাল বুলি ধৰিব পাৰি৷ কিন্তু প্রসংগটো সিমানতে শেষ নহয়৷ লেখকগৰাকীৰ হাতে লিখা পাণ্ডুলিপিবোৰ, সাহিত্য সৃষ্টিৰ বাবে সংগ্রহ কৰা বিভিন্ন উপাদানসমূহ, এক কথাত সাহিত্যিকগৰাকীৰ সৃষ্টিৰ লগত জডিত আটাইবোৰ বস্তুৱেই সাহিত্যিকগৰাকীৰ জীৱনৰ অংগ৷ এগৰাকী লেখকৰ ৰচনাবোৰ সংৰক্ষণ কৰাৰ লগে লগে সেই ৰচনাবোৰৰ লগত সম্পর্ক থকা বস্তুবোৰো যে সংগ্রহযোগ্য, সেই কথা কাহানিবাই প্রতিষ্ঠিত৷ কিন্তু কথাটো আমাৰ এইফালেহে কোনেও বিশেষ মনযোগ দিয়া নাই৷ আধুনিক সময়ৰ বিদ্যায়তনিক গৱেষণাবোৰত স্রষ্টা এগৰাকীৰ বিভিন্ন দিশৰ কথা গৱেষণা কৰোঁতে তেওঁৰ জীৱন আৰু কর্মক যিকোনো ধৰণে স্পর্শ কৰা প্রতিবিধ বস্তুৰে প্রাসংগিকতা উপলব্ধি কৰা হয়৷ স্রষ্টা একোগৰাকীক বছৰৰ মূৰত এদিন স্মৰণ কৰাটো সভ্য সমাজৰ চিন, কিন্তু স্রষ্টা একোগৰাকীৰ জীৱনৰ সঞ্চিত মূল্যৱান সম্পদবোৰো যে সমাজখনৰ বাবে প্রয়োজনীয়, সেই কথা চিন্তা কৰাৰ প্রয়োজন হৈছে৷

হোমেন বৰগোহাঞিৰ বিয়োগৰ পিছতেই বিদ্বৎ সমাজৰ মাজত এটা প্রশ্ণৰ উদয় হৈছিল যে অসংখ্য বৈচিত্র্যপূর্ণ কিতাপেৰে ভৰা তেখেতৰ লাইব্রেৰীটো কি হ’ব পাৰে৷ সেই পুথিভঁৰালটোৰ দায়িত্ব চৰকাৰে গ্রহণ কৰা বুলিও শুনিবলৈ পোৱা গৈছিল৷ কোনোবা বিশ্ববিদ্যালয়েও সেই লাইব্রেৰীৰ দায়িত্ব গ্রহণ কৰিব পাৰে৷ অসম চৰকাৰৰ পুথিভঁৰাল সঞ্চালকালয়ৰ দৰে বিভাগেও তেনে পুথিভঁৰালৰ দায়িত্ব গ্রহণ কৰি তাক সর্বসাধাৰণৰ স্পর্শৰ সীমাত ৰাখি থ’ব পাৰে৷ ভবেন্দ্রনাথ শইকীয়া জীয়াই থাকোঁতেই নিজ সম্পদবোৰ সংৰক্ষণ কৰাৰ উপযুক্তব্যৱস্থা কৰি থৈ যোৱাৰ লগতে তেখেতৰ গুণমুগ্ধসকলেও যাতে সেইবোৰ সহজে দর্শন কৰিব পাৰে, তাৰ উপযুক্ত ব্যৱস্থা কৰি থৈ গৈছিল৷ এই কাম সকলো ব্যক্তিৰ বাবে সম্ভৱ নহয়, কিন্তু সম্পদবোৰৰ গুৰুত্ব বুজি চৰকাৰে সেইবোৰ সংৰক্ষণ কৰাৰ দায়িত্ব গ্রহণ কৰিব পাৰে, কৰাটো উচিত৷ চিনেমাৰ দৰে ব্যক্তিগত সম্পদবোৰ যদি চৰকাৰে সংৰক্ষণ কৰিব পাৰে, বেয়া কপীবোৰ লেবৰেটৰীত নতুনৰ দৰে কৰি তুলিব পাৰে, সেই একেই মনোভাবেৰে কিতাপ–সংগীত আদিৰ কাৰণে কিয় কাম কৰিব নোৱাৰি তাক বুজি পোৱাটো কঠিন৷ সংগীত শিল্পী প্রতিমা বৰুৱা পাণ্ডেৰ গৌৰীপুৰৰ ঘৰটো চৰকাৰে কিনি লৈ তাক নতুন ৰূপ সজাই তুলিছে৷ এই নতুন ৰূপ দিওঁতে ঘৰটোৰ যদি নান্দনিক দিশটোত আঘাত লাগে, তেনেহ’লে তেনেদৰে সংৰক্ষণ কৰাৰ কোনো প্রয়োজন নাই৷ ব্রহ্মপুত্রৰ পাৰত থকা এটি পুৰণি ঘৰক সংৰক্ষণ কৰাৰ নামত যিদৰে নতুন ৰূপ দিয়া হ’ল, তাত ঐতিহ্যৰ একো নাথাকিলগৈ৷ কোঠাবোৰ নষ্ট কৰাই নহয়, একাংশত চাহ দোকান খুলিবলৈ ব্যৱসায়ীক ভাৰাও দিয়া হ’ল৷ ব্যৱসায়ীৰ হাতোৰাই ঐতিহ্য ভৱনটোক আক্রমণ কৰিলে৷ কিন্তু এই কথাৰ বাবে ব্যৱসায়ীক দোষ দিয়াৰ আগতে চৰকাৰৰ কোন বিষয়াই তেনে উদ্ভট সিদ্ধান্ত গ্রহণ কৰিছিল, তেওঁকহে বিচাৰি উলিয়াব লাগে আৰু ৰাজহুৱা সম্পদ ধবংসৰ অপৰাধত শাস্তি বিহাৰ ব্যৱস্থা কৰিব লাগে৷ লতাশিল খেলপথাৰৰ কাষত থকা বৰুৱাৰ ঘৰটো অথবা বীৰেন্দ্রনাথ দত্তৰ ঘৰটো– এইবোৰ স্থাপত্যৰ দিশৰ পৰাও সংৰক্ষণযোগ্য, সাংস্কৃতিক দিশৰ পৰাও সংৰক্ষণযোগ্য৷ বীৰেন্দ্রনাথ দত্তৰ অপ্রকাশিত ৰচনাৱলী অসম প্রকাশন পৰিষদে ছপাই উলিওৱা তেনেই সহজ কাম, কিন্তু পুথিভঁৰালটো সংৰক্ষণ কৰা সিমান সহজ কাম নহয়৷ কিন্তু কামটো কঠিন বুলি ভাবিয়েতো সম্পদবোৰ নষ্ট হ’বলৈ এৰি দিয়াটো উচিত নহ’ব৷ এই সম্পদবোৰ ৰক্ষা কৰাৰ দায়িত্ব চৰকাৰে গ্রহণ কৰাৰ কথা ভাবিব বুলি আশা কৰিব পাৰি৷

You might also like