নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচনৰ প্রাক্ক্ষণত বিটিএডিত অবৈধ মাৰণাস্ত্রৰ ঝনঝননি

৬ মাহত উদ্ধাৰ এম ১৬–এ কে ছিৰিজ–এইচ কে ছিৰিজ ৰাইফলসহ ৮৫ মাৰণা

নিয়মীয়া বাৰ্তা ২৫ আগষ্টঃ  বিটিচি নির্বাচনৰ প্রাক্ক্ষণত এতিয়া বিটিএডি অঞ্চলত উঠিছে অবৈধ মাৰণাস্ত্রৰ ঝনঝননি৷ বড়ো উগ্রপন্থী সমস্যা স্থায়ীভাৱে সমাধানৰ লক্ষ্যৰে শেহতীয়াকৈ বিটিআৰ চুক্তি সম্পন্ন কৰা হ’ল যদিও বড়োভূমিত উদ্ধাৰ হৈয়েই আছে অস্ত্রভাণ্ডাৰ৷ যোৱা ২৭ জানুৱাৰীত বিটিআৰ চুক্তি সম্পন্ন হোৱাৰ পিছতে বিগত ছমাহৰ ভিতৰত অসম আৰক্ষীয়ে জব্দ কৰিছে এইচ কে ৰাইফল, এ কে ৰাইফল, এছ এল আৰকে ধৰি জটিল মাৰণাস্ত্র৷ আৰক্ষীৰ এক শীর্ষ সূত্রই সদৰী কৰা অনুসৰি এ কে ৰাইফল, এইচ কে ৰাইফলসহ আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৮৫টা মাৰণাস্ত্র৷ ইয়াৰ ভিতৰত এ কে ৰাইফলৰ সংখ্যা হৈছে ৫৬টা৷ জার্মানত নির্মিত এইচ কে ৰাইফল ৪টা জব্দ কৰিছে আৰক্ষীয়ে৷ তদুপৰি আৰক্ষীয়ে জব্দ কৰা অস্ত্রৰ তালিকাত আছে এছ এল আৰ ৩, এম ১৬ এটা, ইনছাছ ৪টা, এল এম জি দুটা আৰু ২৫টা ৰিভলভাৰ৷ ইপিনে বিভিন্ন স্থানত অভিযান চলাই আৰক্ষীয়ে ৩৫০৬ কিলোগ্রাম বিস্ফোৰক, ১০৮টা হেণ্ড গ্রেনেড, এটা ৰকেট লঞ্চাৰ, ৬টা ছেল, এটা ৱায়াৰলেছ ছেট, ২০২ডাল ডিটনেটৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ বিটিএডিৰ অন্তর্গত চাৰিখন জিলা ক্রমে কোকৰাঝাৰ, বাক্সা, চিৰাং আৰু ওদালগুৰিত উদ্ধাৰ কৰা হৈছে এই বৃহৎ পৰিমাণৰ অস্ত্রভাণ্ডাৰ৷ বিভিন্ন সময়ত লাভ কৰা চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰি আনিছে অস্ত্র–শস্ত্রসমূহ৷ ইয়াৰে অধিকাংশই মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে জব্দ কৰা অস্ত্র–শস্ত্রসমূহৰ ভিতৰত এ কে ৰাইফল জার্মান আৰু মার্কিন প্রযুক্তি ব্যবহাৰ কৰি নির্মাণ কৰা হয়৷ এই ৰাইফল অত্যন্ত জটিল মাৰণাস্ত্রসমূহৰ অন্যতম৷ ভাৰতৰ সুৰক্ষা বাহিনীসমূহেও এই এইচ কে ৰাইফল ব্যৱহাৰ নকৰে৷ অসম আৰক্ষীৰ সূত্রই সদৰী কৰা অনুসৰি ১০–১২ বছৰ পূর্বে এই মাৰণাস্ত্রসমূহ উগ্রপন্থীয়ে মাটিৰ তলত পুতি ৰাখিছিল৷ অৱশ্যে কোনো কেডাৰে এনেদৰে গোপনে অস্ত্র ৰাখি থোৱা সন্দর্ভত শীর্ষ নেতৃত্ব জ্ঞাত নোহোৱাৰ বাবে থাকি যোৱা বুলিও সদৰী কৰিছে সূত্রটোৱে৷ কিন্তু বিটিচি নির্বাচনৰ প্রচাৰ তুংগত উঠাৰ সময়তে এইদৰে অস্ত্রভাণ্ডাৰ উদ্ধাৰ হোৱা ঘটনাই স্বাভাৱিকতেই সাধাৰণ ৰাইজৰ মাজত প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ এন ডি এফ বিয়ে সকলো অস্ত্র–শস্ত্র জমা দিয়াৰ পিছতো মাৰণাস্ত্র উদ্ধাৰ হোৱা বিষয়টোক সন্দেহৰ চকুৰে চাইছে সাধাৰণ ৰাইজে৷ নির্বাচনত প্রাক্তন উগ্রপন্থীয়ে এনে অবৈধ মাৰণাস্ত্র ব্যৱহাৰ কৰাৰ সম্ভাৱনা নুই কৰা নাই একাংশই৷ ক’ৰোনাৰ সংক্রমণৰ বাবে নির্বাচনী প্রচাৰ কিছু পৰিমাণে স্তিমিত হ’লেও সকলো ৰাজনৈতিক দলে অব্যাহত ৰাখিছে কুচকাৱাজ৷ ইতিমধ্যে ৰাজনৈতিক দলৰ নেতাৰ ওপৰত আক্রমণৰ ঘটনা সংঘটিত হৈছে৷ এনেবোৰ কাৰণতো ৰাইজে অবৈধ মাৰণাস্ত্র ধাৰাবাহিকভাৱে উদ্ধাৰ হোৱাত শংকতি হৈ পৰিছে৷ ইপিনে আজি পুৱতিনিশা পুনৰ ওদালগুৰি থানাৰ অন্তর্গত নেপালপাৰা গাঁৱৰ ৰবৰ বাগিচাৰ কাষত মাটিত পুতি থোৱা অৱস্থাত বৃহৎ পৰিমাণৰ অবৈধ অস্ত্র–শস্ত্র উদ্ধাৰ কৰিবলৈ সক্ষম হয় ওদালগুৰি আৰক্ষী৷ ওদালগুৰিৰ উপ–আৰক্ষী অধীক্ষক পাহাৰী কোঁৱৰ আৰু ওদালগুৰি থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া নাৰায়ণ পতংগীয়াৰ নেতৃত্বত আৰক্ষীৰ দলে চলোৱা এটা অভিযানত এটা এ কে ৪৭ ৰাইফল, নাইন এম এম পিষ্টল দুটা, কোল্ট ৩৮ চেমি অটোমেটিক পিষ্টল ২টা, মেগজিন ৯টা, ১২১জাঁই সক্রিয় গুলী, ডিটনেচৰ চাৰিটা আৰু ডিটনেচৰ কেপ পাঁচটা আৰু ৱাকি টকী দুটাৰ লগতে চার্জাৰ এটা উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ বিটিচিৰ বিভিন্ন প্রান্তৰ লগতে ওদালগুৰিত বিগত দিনকেইটাত উদ্ধাৰ হোৱা বিশাল অবৈধ অস্ত্রভাণ্ডাৰ সন্দর্ভত এখন সংবাদ মেলৰ আয়োজন কৰি বিটিচিৰ ডিআইজি ভায়লেট বৰুৱাই বিটিচি অঞ্চলত ৰাইজৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ আৰক্ষীয়ে অবৈধ মাৰণাস্ত্রৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰখাৰ কথা উল্লেখ কৰে৷ বিটিচিৰ ওদালগুৰি জিলাতো অবৈধ মাৰণাস্ত্রৰ বিৰুদ্ধে ওদালগুৰি আৰক্ষীয়ে চলোৱা ধাৰাবাহিক অভিযানত বৃহৎ পৰিমাণৰ অবৈধ মাৰণাস্ত্র উদ্ধাৰ হোৱাৰ কথা সদৰী কৰি ৰাইজৰ নিৰাপত্তা নিশ্চিত কৰাৰ স্বার্থত ওদালগুৰি আৰক্ষীয়ে অবৈধ মাৰণাস্ত্রৰ বিৰুদ্ধে চলোৱা সফল অভিযানক ধন্যবাদ জ্ঞাপন কৰে৷ বিগত মার্চ মাহৰ পৰা এতিয়ালৈকে ওদালগুৰি আৰক্ষীৰ নেতৃত্বত অবৈধ মাৰণাস্ত্রৰ বিৰুদ্ধে ১২ বাৰ সফল অভিযান চলোৱাৰ কথা উল্লেখ কৰি এই অভিযানত উদ্ধাৰ হোৱা বিশাল অস্ত্রভাণ্ডাৰৰ তালিকা ৰাজহুৱা কৰে৷ বিগত মার্চ মাহৰ পৰা এতিয়ালৈ ওদালগুৰি জিলাত আৰক্ষীয়ে চলোৱা অভিযানত এ কে চিৰিজৰ ৰাইফল ১৪টা, এইচ কে ৰাইফল ১টা, এম ১৬ ৰাইফল ১টা, এছএলআৰ এটা, কাউণ্ড্রী মেড ৰাইফল দুটা, আৰপিজি এটা, এম ২০ পিষ্টল এটা, নাইন এম এম পিষ্টল ৩টা, ৭.৬৫ পিষ্টল তিনিটা আদি কৰি বহু অবৈধ মাৰণাস্ত্র উদ্ধাৰ হোৱাৰ কথা সদৰী কৰে বিটিচিৰ ডিআইজি ভায়লেট বৰুৱাই৷ উল্লেখ্য যে তৃতীয় বড়ো শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত বিটিচিৰ বিভিন্ন প্রান্তৰ লগতে ওদালগুৰি জিলাতো অবৈধ মাৰণাস্ত্রৰ বিৰুদ্ধে ওদালগুৰি আৰক্ষীয়ে অব্যাহত ৰখা অভিযানত বৃহৎ পৰিমাণৰ অবৈধ অস্ত্র–শস্ত্র উদ্ধাৰ হৈছে যদিও কোনো লোকক আটক অথবা গ্রেপ্তাৰ কৰিব পৰা নাই৷ অৱশ্যে প্রত্যেকটো অস্ত্র উদ্ধাৰ হোৱা ঘটনাৰ বিপৰীতে একোটাকৈ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখা বুলি বিটিএডিৰ ডিআইজিয়ে সদৰী কৰে৷ সংবাদ মেলত ওদালগুৰি জিলাৰ আৰক্ষী অধীক্ষক ৰিপুল দাসৰ লগতে উপ–আৰক্ষী অধীক্ষক পহাৰী কোঁৱৰ উপস্থিত থাকে৷

You might also like