ৰাজ্যিক নির্বাচন আয়োগৰ শ্লোগান– অব কী বাৰ ৮৫% পাৰ
নিয়মীয়া বাৰ্তা ৬ মাৰ্চঃ বিধানসভা নির্বাচনক লৈ ব্যস্ত হৈ পৰা ৰাজ্যিক নির্বাচন আয়োগে এইবাৰ ভোটদানৰ হাৰ বৃদ্ধি কৰাৰ বাবে গ্রহণ কৰিছে বিশেষ পদক্ষেপ৷ এই লক্ষ্যৰে আয়োগে আৰম্ভ কৰিছে বিশেষ সজাগতামূলক অভিযান৷ জনপ্রিয় ক্রিকেটাৰ ৰিয়ান পৰাগ, অভিনেতা কপিল বৰা, গায়িকা অনিন্দিতা পাল আৰু পেৰা চাইকেলিষ্ট ৰাকেশ বণিকৰ সহযোগত অসমৰ বিভিন্ন অঞ্চলত সাধাৰণ ৰাইজৰ মাজত ভোট প্রদানৰ বাবে সজাগতা অভিযান চলাব৷ আজি এই কথা ঘোষণা কৰিলে ৰাজ্যিক নির্বাচনী বিষয়া নীতিন খাড়েই৷ উল্লেখ্য যে নির্বাচনী বিভাগে এই উদ্দেশ্যে এক বিশেষ গীতো প্রস্তুত কৰি উলিয়াইছে৷ নির্বাচনী বিষয়াগৰাকীয়ে প্রকাশ কৰা মতে, ২০১৬ চনৰ নির্বাচনত ভোটদানৰ হাৰ আছিল প্রায় ৮৫ শতাংশ৷ আনহাতে, ২০১৯ চনত লোকসভা নির্বাচনত ভোটদানৰ হাৰ আছিল প্রায় ৮০ শতাংশ৷ এইবাৰ যাতে ভোটদানৰ হাৰ ৮৫ শতাংশৰ অধিক হয়, সেই লক্ষ্যৰে আয়োগে এক শ্লোগান প্রস্তুত কৰিছে৷ এই শ্লোগান হ’ল ‘অব কী বাৰ ৮৫% পাৰ’৷ এই লক্ষ্যৰে এইবাৰ ভোটদানৰ হাৰ যাতে বেছি হয়, তাৰ বাবে সাধাৰণ ভোটাৰৰ মাজত প্রচাৰ চলাবলৈ আয়োগে ব’হাগ আৰু ব’হাগী নামেৰে মাছক’ট মুকলি কৰিছে৷ আজি এখন সংবাদ মেলত আয়োগে সজাগতা অভিযানৰ বাবে আইকন হিচাপে ৰিয়ান পৰাগ, অনিন্দিতা পাল, ৰাকেশ বণিক আৰু কপিল বৰাক আনুষ্ঠানিকভাৱে লিখিত পত্র প্রদান কৰে৷
দ্বিতীয় পর্যায়ৰ নির্বাচনৰ অধিসূচনা জাৰি
দ্বিতীয় পর্যায়ৰ নির্বাচনৰ বাবে আজি আনুষ্ঠানিক অধিসূচনা জাৰি কৰা হয়৷ ৰাজ্যত তিনিটা পর্যায়ত অনুষ্ঠিত হ’বলগীয়া নির্বাচনত দ্বিতীয় পর্যায়ৰ নির্বাচনৰ বাবে মনোনয়ন–পত্র দাখিলৰ অন্তিম দিন ১২ মার্চ৷ ১৫ মার্চত মনোনয়ন পৰীক্ষা কৰা হ’ব আৰু ১৭ মার্চত মনোনয়ন–পত্র প্রত্যাহাৰৰ অন্তিম দিন৷ দ্বিতীয় পর্যায়ত অনুষ্ঠিত হ’বলগীয়া ৩৯টা বিধানসভা নির্বাচনৰ বাবে অহা ১ এপ্রিলত ভোটদান সম্পন্ন হ’ব৷ ইফালে, মুক্ত–নিকা আৰু নিৰাপদ নির্বাচন অনুষ্ঠিত কৰাৰ অংশ হিচাপে আয়কৰ বিভাগে অহা ৬ এপ্রিললৈকে গুৱাহাটীত এটা ২৪ ঘণ্টীয়া নিয়ন্ত্রণ কক্ষ মুকলি কৰিছে৷ এই নিয়ন্ত্রণ কক্ষৰ জৰিয়তে আসন্ন বিধানসভা নির্বাচন প্রক্রিয়াত ক’লা ধনৰ ব্যৱহাৰ আৰু কোনো লোক বা ৰাজনৈতিক দলে ধনৰ প্রলোভন দিয়াটো প্রতিৰোধ কৰিবলৈ বিচৰা হৈছে৷ সচেতন লোকে ইয়াৰ বাবে টোল ফ্রী নম্বৰ ১৮০০৩৪৫৩৫৮২, হোৱাটছএপ নম্বৰ ৯৪৩৫১–১৪৪৯৫যোগে অভিযোগ দাখিল কৰিব পাৰিব৷