নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচনত বিজেপিক প্রতিৰোধৰ লক্ষ্যৰে আত্মপ্রকাশ আঞ্চলিক গণ মর্চাৰ

নিয়মীয়া বাৰ্তা ২০ জুনঃ সমাগত ২০২১ চনৰ বিধানসভা নির্বাচনত বিজেপিক ৰুধিবলৈ অত্মপ্রকাশ কৰিছে এক নতুন আঞ্চলিক ৰাজনৈতিক শক্তিয়ে৷ ‘আঞ্চলিক গণ মর্চা’ নামৰ এই নতুন ৰাজনৈতিক শক্তিৰ নেতৃত্ব দিছে সাংসদ অজিত কুমাৰ ভূঞাই৷ শুকুৰবাৰে গুৱাহাটী প্রেছ ক্লাবত এখন সংবাদ মেল সম্বোধন কৰি আঞ্চলিক গণ মর্চাৰ মুখ্য আহ্বায়ক তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই কয় যে ২০২১ চনৰ নির্বাচনত বিজেপি দলক প্রতিৰোধ কৰিবৰ বাবেই এই মর্চাৰ জন্ম দিয়া হৈছে৷ ইয়াৰ জৰিয়তে অসমৰ সকলো সৰু–ডাঙৰ জাতি–জনগোষ্ঠী, আঞ্চলিকতাবাদত বিশ্বাসী দল–সংগঠন আৰু নাগৰিক সমাজক একগোট কৰাৰ প্রয়াস আৰম্ভ কৰা হৈছে৷ ইয়াৰ বাবে আঞ্চলিক গণ মর্চাৰ আহ্বায়কসকলে শীঘ্রে সদৌ অসম ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, কৃষক মুক্তি সংগ্রাম সমিতি, অসম শিল্পী সমাজৰ উপৰি বিভিন্ন জনগোষ্ঠীয়–জনজাতী সংগঠন, অন্যান্য ছাত্র–যুৱ সংগঠন, নাৰী সমাজ, শ্রমিক–কৃষক তথা কর্মচাৰী সংগঠনসমূহৰ নেতৃবৃন্দৰ লগত আলোচনাত মিলিত হ’ব৷ ইয়াৰ বাহিৰেও ৰাজ্যৰ বিভিন্ন প্রান্তৰ আঞ্চলিকতাবাদী আদর্শৰ নাগৰিকসকলৰো পৰামর্শ গ্রহণ কৰিব৷ সাংসদগৰাকীয়ে ৰাজ্যৰ ভিন্ন প্রান্তত সংঘটিত গণ নিগ্রহৰ ঘটনাসমূহৰ উচিত তদন্তৰ লগতে দোষীক কঠোৰ শাস্তি দিয়াৰো দাবী উত্থাপন কৰে৷ তেওঁ লগতে কয় যে সমষ্টি পুনৰ নির্ধাৰণৰ জৰিয়তে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে অসমত সাম্প্রদায়িক মেৰুকৰণৰ অপচেষ্টাত লিপ্ত হৈছে৷ আঞ্চলিক গণ মর্চাৰ আন এগৰাকী আহ্বায়ক অদীপ কুমাৰ ফুকনেও বিধানসভা নির্বাচনৰ পূর্বে সমষ্টি নির্ধাৰণ কৰিবলৈ লোৱাটো অসাংবিধানিক বুলি মন্তব্য কৰে৷ ইফালে নতুন ৰাজনৈতিক শক্তিৰ অন্যতম আহ্বায়ক, বিশিষ্ট অধিবক্তা কমল নয়ন চৌধুৰীয়ে একাংশ ‘কা’বিৰোধী আন্দোলনৰ নেতৃত্বৰ প্রতি চৰকাৰে দেখুওৱা আক্রোশমূলক দৃষ্টিভংগী পৰিহাৰ কৰি তেওঁলোকক শীঘ্রে মুক্তি দিয়াৰ দাবী উত্থাপন কৰে৷

You might also like