লাহোৱালত পিষ্টল উলিয়াই নিৰ্বাচনী বিষয়াৰ মাফিয়াগিৰি
নিৰ্বাচন বাৰ্তা, ২৭ মাৰ্চঃ কেতিয়াবা যদি কোনো দলৰ সমৰ্থকে নিৰ্বাচনী বিষয়াৰ গাড়ীত আক্ৰমণ কৰি নিৰ্বাচনী হিংসাত ইন্ধন যোগাইছে, কেতিয়াবা নিৰ্বাচন আয়োগে নিযুক্ত কৰা খোদ নিৰ্বাচনী বিষয়ায়ো মাফিলাগিৰি প্ৰদৰ্শন কৰা দেখা গৈছে এইবাৰৰ ভোটগ্ৰহণ পৰ্বত।
লাহোৱালৰ মৈদঙীয়া ভোটকেন্দ্ৰত আজি এগৰাকী নিৰ্বাচনী বিষয়াই পিষ্টল উলিয়াই সন্ত্ৰাস সৃষ্টি কৰে ভোট দিবলৈ অহা নাগৰিকৰ মাজত।
ঘটনাৰ সন্দৰ্ভত মনোজ চেতিয়া নামৰ ব্যক্তিগৰাকীয়ে দিয়া এজাহাৰৰ অনুসৰি আজি লাহোৱাল বিধানসভা সমষ্টিৰ মোহনবাৰীৰ নিজ মৈদুমীয়া প্ৰাথমিক বিদ্যালয়ৰ ১০৬নং ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ বাবে শাৰী পাতি থকা অবস্থাত দিনৰ প্ৰায় ১:৪৫ বজাত এজন ব্যক্তিয়ে শাৰীৰ মাজেৰে অগ্ৰসৰ হৈ ভোটগ্ৰহণ কেন্দ্ৰটোত প্ৰৱেশ কৰাত মনোজ চেতিয়াই এনেদৰে কিয় প্ৰৱেশ কৰিব বুলি ব্যক্তিজনক প্ৰশ্ন কৰে।
ইমানতে খড়গহস্ত হৈ ব্যক্তিজনে কোনো উত্তৰ নিদি মাফিয়া ষ্টাইলত পিষ্টল উলিয়াই ‘গুলী কৰি দিম’ বুলি কয়।
ইয়াৰ পিছতে হঠাতে হুৱাদুৱা লাগে কেন্দ্ৰটোত। বিষয়াগৰাকীয়ে প্ৰিজাইডিং বিষয়া তথা আন ভোটদাতাকো পিষ্টল উলিয়াই ভাবুকি দিয়ে। আৰক্ষীয়ে লগে লগে নিৰ্বাচনী বিষয়াগৰাকীক কৰায়ত্ত কৰাত কেন্দ্ৰটো কোনো দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰে।
বিধানসভা নিৰ্বাচনৰ পূৰ্বে ডিব্ৰুগড় জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ থকা লোকসকলৰ মাৰণাস্ত্ৰ জব্দ কৰিছিল যদিও কেনেদৰে উক্ত লোকজনৰ হাতত মাৰণাস্ত্ৰ থাকিল, তাকে লৈ এতিয়া সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ উত্তেজনা।
জানিব পৰা মতে, মাৰণাস্ত্ৰ লৈ ভাবুকি প্ৰদান কৰা ব্যক্তিগৰাকী লাহোৱাল প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ মুনিন চন্দ্ৰ পাঠক।নিৰ্বাচনৰ সময়ত ক’ভিড সেৱাৰ নডেল বিষয়া হিচাপে নিয়োজিত আছিল ডাঃ মুনিন চন্দ্ৰ পাঠক।