চিৰাঙৰ দত্তপুৰত নিৰ্বাচনী হিংসা, আৰক্ষীৰ গুলীচালনা
নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰঃ বিটিআৰ নিৰ্বাচনৰ আজি অন্তিম পৰ্যায়ৰ ভোটদানৰ মাজতে সংঘটিত হ’ল নিৰ্বাচনী হিংসা। চিৰাং জিলাৰ দত্তপুৰত বিপিএফ আৰু ইউপিপিএলৰ সমৰ্থকৰ মাজত সংঘটিত হয় এই হিংসাত্মক ঘটনা। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শূণ্যলৈ গুলীচালনা পৰ্যন্ত কৰিবলৈ বাধ্য হয়।
দুয়োদলৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এগৰাকী প্ৰিজাইডিং বিষয়া আহত হয়। জানিব পৰা মতে, এগৰাকী বৃদ্ধ লোকক প্ৰিজাইডিং বিষয়াগৰাকীয়ে নিৰ্বাচনী প্ৰক্ৰিয়া সন্দৰ্ভত বুজোৱাৰ সময়তে ইউ পি পি এলৰ কৰ্মীয়ে ৰেগিং কৰাৰ সন্দেহত বাক-বিতণ্ডাত লিপ্ত হয়।
ইয়াৰ পিছতে বিপিএফৰ কৰ্মীয়েও বিষয়টোত সোমাই পৰাত দুয়ো দলৰ মাজত সংঘৰ্ষ লাগে। ইতিমধ্যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।