নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলকগঞ্জত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক চোকা অস্ত্ৰৰে আক্ৰমণ

নিয়মীয়া বাৰ্তা, ২৯ মে’ : গোলকগঞ্জৰ কানুৰীত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে এগৰাকী ব্যক্তিয়ে । ফলত গুৰতৰভাৱে আহত হয় বিদ্যুৎ বিভাগৰ কৰ্মচাৰী শৰৎ চন্দ্ৰ ৰায়। ৰায়ৰ অৱস্থা গুৰুতৰ হোৱাত ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । ধুমুহা আৰু বৰষুণৰ ফলত আগমনি বিদ্যুৎ উপ-সংমণ্ডলৰ বিভিন্ন ঠাইত বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিছিল। কালি আবেলি সেই বিদ্যুৎ ঠিক কৰিবলৈ গৈছিল শৰৎ চন্দ্ৰ ৰায়ৰ নেতৃত্বত বিদ্যুৎ বিভাগৰ এটি দল। বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ দলটি কানুৰী গাঁও পোৱাৰ লগে লগে প্ৰশান্ত ৰায় নামৰ ব্যক্তিজনে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। ফলত শৰৎ চন্দ্ৰ ৰায় নামৰ কৰ্মচাৰীগৰাকীৰ মূৰ ফালি যায়। পিছত শৰৎ চন্দ্ৰ ৰায়ক ততাতৈয়াকৈ গোলকগঞ্জ চিকিৎসালয়লৈ নিয়ে যদিও অৱস্থা সংকটজনক হোৱাত ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। এই ঘটনা সংক্ৰান্তত ইতিমধ্যে গোলকগঞ্জ থানাত এজাহাৰ দাখিল কৰা হৈছে। আৰক্ষীয়ে তদন্ত চলাইছে যদিও প্ৰশান্ত ৰায়ক আটক কৰিব পৰা নাই ।

প্ৰেৰক শ্যামল চন্দ্ৰ ৰয়

You might also like