নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ তদাৰকত থকা শক্তি বিভাগৰ অস্থায়ী কৰ্মী সকলৰ আন্দোলনৰ হুংকাৰ

নিয়মীয়া বাৰ্তা ২৪ জুলাইঃ জোৰা টাপলি মাৰি চলি আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিয়াগোম শক্তি বিভাগ ৷ শক্তি বিভাগত স্থায়ী কর্মচাৰীৰ অভাৱৰ বাবেই অস্থায়ী কৰ্মচাৰীসকলে মূৰ পাতি লবলগীয়া হৈছে বিভাগৰ বহু গুৰুত্বপূৰ্ণ কাম কাজ। তথাপি এই সকল অস্থায়ী কৰ্মচাৰীৰ প্ৰতি কোনো ধৰণৰ সহানুভূতি প্ৰকাশ কৰা নাই ৰাজ্য চৰকাৰৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষই। এই অভিযোগ সদৌ অসম অস্থায়ী বিল ক্লাৰ্ক আৰু মিটাৰ ৰিডাৰ কৰ্মী সন্থাৰ। আজি কাকতলৈ প্রেৰণ কৰা এক বিবৃতিযোগে সন্থাৰ সভাপতি ৰেৱকান্ত মেধি আৰু সম্পাদক হেমন্ত বৰাই কয় যে বৰ্তমান সময়ত বিশ্বৰ বিভিন্ন দেশৰ লগতে আমাৰ অসমতো দিনক দিনে ক’ভিড-১৯ ত আক্ৰান্ত আৰু সংক্ৰমণৰ সংখ্যা দিনক দিনে দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে। এই জটিল পৰিস্থিতিত অসম চৰকাৰে অসমবাসীক ঘৰতে থাকিবলৈ আহ্বান কৰিছে যদিও অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ এপিডিচিএল ত ক্ষেত্ৰ ভিত্তিত কৰ্মৰত নিচেই কম সংখ্যক স্থায়ী কৰ্মচাৰীৰ সমান্তৰালকৈ বৃহৎ সংখ্যক অস্থায়ী কৰ্মী (বিল ক্লাৰ্ক, মিটাৰ ৰিডাৰ, বিল বিতৰক, সহায়ক) সকলে নিজৰ লগতে নিজৰ পৰিয়ালকো ক’ভিড-১৯ ৰ সংক্ৰমণৰ আশংকাক নেওচি নিজৰ দায়িত্ব পালন কৰাৰ ওপৰিও ঘৰে ঘৰে গৈ ৰাজহ সংগ্ৰহ কৰি আছে।

তথাপিও এই অস্থায়ী কৰ্মীসকলক সংশ্লিষ্ট কর্তৃপক্ষই সদায় মাহী আইৰ দৃষ্টিৰে চোৱাটো অতি দোষলগা আৰু পৰিতাপৰ বিষয় বুলি নেতাদ্বয়ে বিবৃতিটোত আক্ষেপ প্ৰকাশ কৰে । নেতাদ্বয়ে অস্থায়ী কৰ্মী (বিল ক্লাৰ্ক, মিটাৰ ৰিডাৰ, বিল বিতৰক, সহায়ক, কম্পিউটাৰ অপাৰেটৰ) সকলৰ চাকৰি নিয়মীয়াকৰণ বাবে দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰাৰ লগতে প্ৰতিবাদ আৰু আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰি কয় যে সেই কাৰ্য্যসূচীত বিভাগীয় কৰ্তৃপক্ষই স্পষ্টকৈ ঘোষণা কৰা কৰিছিল যে, নিয়মীয়াকৰণ প্ৰক্ৰিয়াৰ পৰা বঞ্চিত হোৱা দহ বছৰ বা ততোধিক অভিজ্ঞতা সম্পন্ন অস্থায়ী কৰ্মী সকলক বিহিত ব্যৱস্থা গ্ৰহণ কৰা হব। সেইয়া কিন্তু সংশ্লিষ্ট কৰ্তৃপক্ষই পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ প্ৰায় ৫ (পাঁচ) মাহ ওকলি যোৱাৰ পাছতো তেনে কোনো পদক্ষেপ আজিলৈকে গ্ৰহন কৰা পৰিলক্ষিত নহ’ল লগতে চাকৰি নিয়মীয়াকৰণ বাবে নিৰ্বাচিত হোৱা ৬৯২ গৰাকী অস্থায়ী কৰ্মীৰ নঠি পত্ৰ সমূহ পৰীক্ষণ সম্পন্ন হোৱা চাৰি মাহ ওকলি গ’ল যদিও আজিলৈকে নিযুক্তি পত্ৰ প্ৰদান কৰা নহল। ইয়াৰ ফলত কৰ্মৰত অস্থায়ী কৰ্মী সকল বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে কাৰণ সকলোৰে বয়স বোৰ ওকলি গৈ আছে কিন্তু ইয়াৰ বিপৰীতে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড লাভান্বিত হৈ আছে কাৰণ বিগত সময়ৰ দৰে অস্থায়ী কৰ্মী সকলক অতি নিম্নতম পাৰিশ্ৰমিক প্ৰদানৰে শক্তি বিভাগে বিভাগীয় কাম কাজ আদায় কৰিয়ে আছে।

আজি নিয়মীয়াকৰণ বাবে নিৰ্বাচিত হোৱা ৬৯২ জনক নিযুক্তি পত্ৰ প্ৰদান কৰা হলে আৰু সন্থাক আশ্বাস প্ৰদান কৰাৰ দৰে ৰৈ যোৱা ১০ বছৰ বা ততোধিক অভিজ্ঞতা সম্পন্ন সকলৰ ব্যৱস্থা গ্ৰহণ কৰা হলে দৰমহা আদায় দিব লাগিব বুলি সংশ্লিষ্ট কৰ্তৃপক্ষই বিষয়টো নিষ্পত্তি কৰাৰ ইচ্ছা নথকা বুলি ভাবিলৈ সন্থাই বাধ্য হৈছে বুলি নেতাদ্বয়ে জানিবলৈ দিয়ে। নেতাদ্বয়ে লগতে জনায় যে ৰাজ্য চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই যদি অস্থায়ী কৰ্মী (বিল ক্লাৰ্ক, মিটাৰ ৰিডাৰ, বিল বিতৰক, সহায়ক, কম্পিউটাৰ অপাৰেটৰ) সকলৰ নিয়মীয়াকৰণ বিষয়টো চলিত বৰ্ষৰ ৩১ জুলাইৰ ভিতৰত নিষ্পত্তি নকৰে তেন্তে সন্থাই ৩১ জুলাইৰ পিছত যিকোনো সময়তে তীব্ৰ প্ৰতিবাদী আৰু আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হব বুলি ১৩ জুলাইতে বিজুলী ভৱনৰ উৰ্দ্ধতম কতৃপক্ষক স্মাৰক পত্ৰ প্ৰদান কৰিছে। শক্তি বিভাগৰ দায়িত্বত থকা ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এই ক্ষেত্রত কি বিহিত পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়তহে লক্ষ্যণীয় হ’ব লগতে এই অস্থায়ী কৰ্মচাৰী সকলে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিলে শক্তি বিভাগ যে শক্তিহীন হৈ পৰিব সেইয়া নিশ্চিত।

You might also like