নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰ নগৰৰ দাঁতিতে বাঁহৰ খুঁটাৰে  বিদ্যুৎ যোগান

বিশেষ বাৰ্তা, ৩০ জুলাই : সাম্প্রতিক সময়ত ৰাজ্যত চৌদিশে উন্নয়নৰ শ্লোগান। পিছে  লখিমপুৰ নগৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ নিলগতে আছে এনে এটা অঞ্চল, য’ত বাঁহৰ খুঁটাৰে বিদ্যুৎ সৰবৰাহ কৰা হৈছে। বিদ্যুৎ বিভাগে খুঁটা নিদিয়াৰ ফলত দুই নং শংকৰপুৰকে ধৰি এক আৰু দুই নং ৰঙাজানক সামৰি থকা বৃহৎ অঞ্চলটোত বাঁহৰ খুঁটাৰে বিদ্যুৎ সৰবৰাহ কৰাৰ দৃশ্য সুলভ। স্থানবিশেষে এশ-দুশ মিটাৰ দৈৰ্ঘ্যৰ পৰা আধা কিলোমিটাৰ পৰ্যন্ত বাঁহৰ খুঁটাৰে কৰা হৈছে বিদ্যুৎ সংযোগ। ক’ৰবাত আকৌ বিদ্যুৎ পৰিবাহী তাঁৰ পকী খুঁটাৰ পৰা দীর্ঘদিন ধৰি ওলমি আছে।বিপজ্জনকভাৱে অঞ্চলটোত বিদ্যুৎ সৰবৰাহ কৰা হৈছে যদিও সেয়াও নিয়মীয়া নহয়। এজাক বৰষুণ দিলেই ব্যাহত হয় অঞ্চলটোত বিদ্যুৎ সেৱা। কেতিয়াবা তিনি-চাৰি দিন পৰ্যন্ত বিদ্যুতৰ মুখ নেদেখে এই অঞ্চলৰ ৰাইজে। অঞ্চলটোত বিদ্যুতৰ এনে বিপজ্জনক ৰূপৰ বাবে কেতিয়াবা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাও নথকা নহয়। বিদ্যুতৰ এনে জোৰা-টাপলি  মৰা ব্যৱস্থাৰ ফলত ৰাইজ সমস্যাৰ সন্মুখীন হৈছে। বিশেষকৈ ছাত্র-ছাত্রীসকলে বিদ্যুতৰ অভাৱত পঢ়াৰ ক্ষেত্রত অসুবিধাত পৰিছে। বাট-পথৰ দুৰৱস্থাৰ বাবে জৰুৰীকালীন এম্বুলেন্স সেৱাৰ প্ৰৱেশো প্ৰায় নিষিদ্ধ। অঞ্চলটোৰ ৰাইজে অঞ্চলটোৰ সামগ্রিক বিকাশৰ বাবে আবেদন-নিবেদন জনাই ভাগৰি পৰিছে।
প্ৰেৰক জীৱন গোস্বামী
You might also like