যোগ্যজনেহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ কৰিবঃ শুৱালকুছিত মুখ্যমন্ত্ৰীৰ অএছডি হেমন্ত চৌধুৰী
বিশেষ বাৰ্তা, ৩ জুনঃ শুৱালকুছি মণ্ডলৰ অন্তৰ্গত ৮ খন গাঁও পঞ্চায়তৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীসকলৰ নামসমূহ আজি তন্ন তন্নকৈ পৰীক্ষা কৰা হয় ৷ আজি এই সন্দৰ্ভত শুৱালকুছিৰ তিনিখন গাওঁ পঞ্চায়ত ক্ৰমে পূৱ শুৱালকুছি, মধ্য শুৱালকুছি আৰু পশ্চিম শুৱালকুছি গাঁও পঞ্চায়তৰ কাৰ্যালয়ত উপস্থিত হয় মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰ বিষয়া হেমন্ত চৌধুৰী আৰু মুখ্যমন্ত্ৰীৰ সহায়ক দিগন্ত শৰ্মা ৷ তেওঁলোকে ইতিপূৰ্বে পঞ্চায়তসমুহৰ জৰিয়তে প্ৰস্তুত কৰা হিতাধিকাৰী সকলৰ তালিকা সমুহ পৰীক্ষা কৰে আৰু পঞ্চায়ত প্ৰতিনিধিসকলৰ লগত আলোচনা কৰি যোগ্য জনক চুড়ান্ত তালিকাত স্হান দিবলৈ সিদ্ধান্ত কৰে ৷ চৰকাৰৰ নীতি নিয়ম অনুসৰি প্ৰক্ত যোগ্যজনকহে উক্ত আচনিত অন্তভুৰ্ক্ত কৰা হব বুলি মুখ্যমন্ত্ৰীৰ অ এচ ডি হেমন্ত চৌধুৰীয়ে অৱগত কৰে ৷ অ এচ ডি চৌধুৰীয়ে শুৱালকুছিৰ খণ্ড উন্নয়ন বিষয়া অৰ্চনা দাসৰ লগতো এই সন্দৰ্ভত এক আলোচনাত মিলিত হয় ৷ মধ্য শুৱালকুছি গাওঁ পঞ্চায়তত চৌধুৰীক গামোচা আৰু শৰাইৰে সম্বৰ্ধনা জনোৱা হয় ৷ পিছত তেওঁ শুৱালকুছি মণ্ডলৰ অন্তৰ্গত বংশৰ, গন্ধমৌ, শিঙিমাৰি, দদৰা আৰু পছৰীয়া পঞ্চায়ত উপস্থিত হৈ হিতাধিকাৰীৰ তালিকা সমুহ পৰ্যবেক্ষণ কৰে ৷
প্ৰেৰক দিলীপ মেধি