নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ ৰক্তাক্ত সেউজ কার্বি পাহাৰঃ ধনশিৰিৰ মিছিবাইলামত পুৱতিনিশা আৰক্ষীৰে সংঘর্ষত নিহত ৮ ডিএনএলএ

  • জব্দ বৃহৎসংখ্যক অস্ত্র–শস্ত্র
  • ঘটনাস্থলীতে ৬ উগ্রপন্থীৰ মৃতদেহ উদ্ধাৰ
  • গুলীবিদ্ধ হৈ সীমান্তৱর্তী নাগালেণ্ডলৈ পলায়ন কৰা আন দুজনো নিহতৰ সন্দেহ

নিয়মীয়া বাৰ্তা, ২৪ মে’: পুনৰ ৰক্তাক্ত হৈ পৰিল সেউজ কার্বি পাহাৰ৷ বিগত সময়ছোৱাত হত্যা–হিংসা–পহৰণ্ দাবী–প্রাণনাশৰ ভাবুকিৰে পাহাৰীয়া জিলা কার্বি আংলঙত প্রভাৱ বিস্তাৰ কৰি অহা উগ্রপন্থী সংগঠন ডিমাচা নেচনেল লিবাৰেচন আর্মী (ডিএনএলএ)ৰ লগত দেওবাৰে পুৱতিনিশা অসম আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ মাজত হোৱা তুমুল সংঘর্ষত উগ্রপন্থী সংগঠনটোৰ আঠজনকৈ কেডাৰ নিহত হয়৷ উগ্রপন্থী দলটোৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ অস্ত্র–শস্ত্র উদ্ধাৰ কৰে৷

উল্লেখ্য যে যোৱা ১৯ মে’ত কার্বি আংলঙৰ ধনশিৰি ডাউজিংফাঙত উগ্রপন্থী সংগঠনটোৰ সদস্যই গাঁওখনত সঞ্জয় ৰংহাং নামৰ এজন পুৰোহিতক নিচেই কাষৰ পৰা গুলীয়াই হত্যা কৰে৷ সেই ঘটনাৰ পাছৰে পৰাই কার্বি আংলং আৰক্ষীয়ে জিলাখনত উগ্রপন্থীবিৰোধী অভিযান তীব্রতৰ কৰি তোলে৷

বিশেষ সূত্রৰ পম খেদি আৰক্ষীয়ে অসম–নাগালেণ্ড সীমান্তৰ কার্বি আংলঙৰ মিছিবাইলাম অঞ্চলত ডি এন এল এ উগ্রপন্থীৰ দল এটা বাহৰ পাতি থকাৰ খবৰ লাভ কৰে৷ সেই খবৰৰ ভিত্তিতে অসম আৰক্ষী আৰু আছাম ৰাইফলছৰ যুটীয়া অভিযানকাৰী দল এটা অভিযানৰ বাবে অঞ্চলটোত উপস্থিত হয়৷ অভিযানকাৰী দলটো অহাৰ লগে লগে উগ্রপন্থীৰ দলটোৱে গুলীবর্ষণ কৰে৷ প্রত্যুত্তৰত আৰক্ষীয়েও গুলীবর্ষণ কৰে৷ আৰক্ষী–নিৰাপত্তাৰক্ষী হোৱা তুমুল সংঘর্ষৰ অন্তত ডি এন এল এৰ ৬ কেডাৰ ঘটনাস্থলীতে নিহত হয়৷

নিশাৰ ভাগত চলা সেই গুলীয়াগুলীৰ ঘটনাৰ পিছত দেওবাৰে পুৱতিনিশা ঘটনাস্থলীত নিহত উগ্রপন্থীকেইজনৰ মৃতদেহ উদ্ধাৰ হয়৷ সেইদৰে দুজন গুলীবিদ্ধ কেডাৰে ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও পিছত দুয়োৰে মৃতদেহ নাগালেণ্ডত উদ্ধাৰ হয়৷ এতিয়ালৈ নিহত ৬ কেডাৰক চিনাক্ত কৰা হৈছে যদিও দুজনক চিনাক্ত কৰিব পৰা হোৱা নাই৷ চিনাক্ত হোৱা ৬ ডি এন এল এ কেডাৰ হৈছে– অমৰজিৎ হোজাই ওৰফে ৰণদীৰ, নিকেন ওৰফে ধদথান, একচন কমাণ্ডাৰ তামিল, একচো ডিমাচা, বেলনিচ ওৰফে জিনডি’ আৰু প্রীতম ওৰফে নাৱা৷

আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে ঘটনাস্থলীৰ পৰা উগ্রপন্থী দলটোৱে ব্যৱহাৰ কৰা চাৰিটা এ কে–৪৭ ৰাইফল, চাৰিটা .৩২ পিষ্টল, দুটা গ্রেনেড, এটা থ্রী নট থ্রী ৰাইফল, তিনিটা ম’বাইল আৰু বুজন পৰিমাণৰ সক্রিয় গুলী উদ্ধাৰ কৰে৷ মিছিবাইলামত নিহত উগ্রপন্থীকেইজনৰ মৃতদেহ ধনশিৰিলৈ অনাৰ পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু মেডিকেল কলেজ হাস্পতাললৈ প্রেৰণ কৰে৷ এই বাতৰি যুগুতোৱাৰ পৰলৈকে পলাই গৈ নাগালেণ্ডত মৃত্যু হোৱা উগ্রপন্থী দুজনৰ মৃতদেহ আহি পোৱা নাই৷

আৰক্ষীৰ এক সূত্রই জানিবলৈ দিয়া মতে, যোৱা বিধানসভা নির্বাচনৰ প্রাক্মুহূর্তত সংঘটিত অমিত নুনিচাৰ হত্যাকাণ্ড আৰু পুৰোহিত সঞ্জয় ৰংহাঙৰ হত্যাকাণ্ডতো এই ডি এন এল এ উগ্রপন্থীৰ দলটো জড়িত আছিল৷ বিগত কিছুদিন ধৰি এই উগ্রপন্থী দলটোৱে কার্বি আংলং আৰক্ষীৰ নিদ্রাহৰণ কৰি আহিছে৷ একাধিক স্থানত কূটাঘাতমূলক ঘটনা সংঘটিত কৰাৰ লগতে পাহাৰীয়া জিলাখনত সন্ত্রাসৰ সৃষ্টি কৰি আহিছে৷

এই প্রসংগতে উল্লেখনীয় যে যোৱা ২০ মে’ত কার্বি আংলং আৰক্ষীৰ অভিযানকাৰী দলে অসম–নাগালেণ্ড সীমান্তৰ ধনশিৰিৰ দুটা স্থানত উগ্রপন্থী সংগঠনটোৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ গুলীয়াগুলীত লিপ্ত হয়৷ উক্ত ঘটনাৰ পিছতেই উগ্রপন্থীৰ দলটো ধনশিৰি নদী পাৰ হৈ নাগালেণ্ডত প্রৱেশ কৰে৷ সেই ঘটনাত এজন ডি এন এল এ কেডাৰ গুলীবিদ্ধ হোৱা বুলি সন্দেহ কৰা হৈছিল৷

এই অভিযান আৰক্ষীৰ বৃহৎ সাফল্য ৰূপে বিবেচিত হৈছে৷ ইপিনে, অসম আৰক্ষীয়ে ডি এন এল এ উগ্রপন্থী সংগঠনটোক উৎখাত কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ দেওবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই সেই কথা প্রকাশ কৰি কয় যে অসম আৰক্ষীয়ে ডি এন এল এ উগ্রপন্থী গোটটোক একপ্রকাৰ উৎখাত কৰি পেলাইছে৷ তেওঁলোকৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ অস্ত্র–শস্ত্র আৰক্ষীয়ে উদ্ধাৰ কৰিছে৷

You might also like