নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰত এনকাউণ্টাৰ : কাৰাগাৰৰ পৰা পলাতক হিফজুৰৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১১ জুলাই : কাছাৰত আৰক্ষীৰ এনকাউণ্টাৰ। আৰক্ষীৰ এনকাউণ্টাত নিহত কাৰাগাৰৰ পৰা পলায়ন কৰা ভাঙ্গাৰ পিতা-পুত্ৰ তোফায়েল আৰু তাজ হত্যাকাৰী হিফজুৰ ৰহমান। বিগত ১১ মে’ত শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পলায়ন কৰিছিল কুখ্যাত অপৰাধী হিফজুৰ ৰহমান (৩৪)। গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে সোমবাৰে নিশা অসম-মেঘালয় সীমান্তৰ পৰা হিফজুৰক গ্ৰেপ্তাৰ কৰিছিল। পিছত শিলচৰলৈ অহাৰ সময়ত বুৰুংগা এলেকাত প্ৰস্ৰাৱ কৰিবলৈ গাড়ী ৰখোৱাৰ কথা কয় হিফজুৰে। গাড়ী ৰখোৱাৰ পিছত সি পলাই যাবলৈ চেষ্টা কৰে। কিন্তু আৰক্ষীয়ে বাধা দিবলৈ চেষ্টা কৰে। কিন্তু ‌আৰক্ষীৰ বাধা অতিক্ৰম কৰি হিফজুৰে পলাবলৈ চেষ্টা কৰে আৰু  আৰক্ষীক আক্ৰমণ কৰে। শেষত আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে গুলীচালনা কৰিবলৈ বাধ্য হয়। এই ঘটনাত দুজন আৰক্ষী আহত হৈছে। ঘটনাৰ পিছত হিফজুৰকে ধৰি দুজন আৰক্ষীক কালাইন চিকিৎসালয়ত লৈ অহা হয়। কিন্তু হিফজুৰৰ অৱস্থা সংকটজনক হোৱাত শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ অহা হয়। চিকিৎসাধীন অৱস্থাত তাৰ মৃত্যু ঘটে। ইপিনে এটা সংবাদমেলত কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তোৱে কয় যে জেলৰ পৰা পলায়ন কৰি কুখ্যাত হিফজুৰ ৰহমান বাংলাদেশলৈ যায়। বাংলাদেশৰ পৰাই বৰাকত অসামাজিক কাৰ্যকলাপ কেনেকৈ বৃদ্ধি কৰিব পাৰি সেয়া চেষ্টা কৰি আছিল।  শেহতীয়াকৈ হিফজুৰে ভাৰতত প্ৰৱেশ কৰি মেঘালয় সীমান্তৰে বৰাকত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল। আৰু কাছাৰ আৰক্ষীৰ হাতত এই তথ্য আছিল। অসম-মেঘালয় সীমান্তৰ মালিডহৰ অঞ্চলত পুৱা ৩ বজাত এখন মেক্সি কেবৰ পৰা হিফজুৰক আটক কৰে কাছাৰ আৰক্ষীৰ বিশেষ দলে। পিছত শিলচৰলৈ অহাৰ পথত হিফজুৰে বুৰুংগা প্ৰথম খণ্ডত প্ৰস্ৰাৱ কৰিবলৈ গাড়ীখনক অলপ সময় ৰ’বলৈ কয়। আৰক্ষীয়ে গাড়ী ৰখোৱাৰ পিছত হিফজুৰে পলাবলৈ চেষ্টা কৰে। আৰক্ষীয়ে তাক বাধা দিবলৈ  চেষ্টা কৰে যদিও  কুখ্যাত হত্যাকাৰীয়ে আৰক্ষীক আক্ৰমণ কৰে। শেষত আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে গুলীচালনা কৰিবলৈ বাধ্য হয়। অৱশ্যে এই ঘটনাত দুজন আৰক্ষীও আহত হয় আৰু তেওঁলোক শিলচৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। আৰক্ষী অধীক্ষক নোমাল মাহাত্তোৱে কয়, শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি হোৱাৰ ২ ঘণ্টাৰ পিছতে আহত হিফজুৰ ৰহমানৰ মৃত্যু হয়। লগতে এই সন্দৰ্ভত কাছাৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে বুলিও কয়। উল্লেখযোগ্য যে কৰিমগঞ্জ জিলাৰ ভাঙ্গা  অঞ্চলত নাজ গাজী আৰু তেওঁৰ পিতৃ টোফাইল গাজীকে ধৰি কেইবাটাও হত্যাকাণ্ডৰ সৈতে জড়িত এই হিফজুৰ। কৰিমগঞ্জ জিলাৰ মনোচান গাঁৱৰ আব্দুল কৰিমৰ পুত্ৰ হিফজুৰ ৰহমান। তেওঁ এসময়ত মধ্য বৰাকৰ আতংক আছিল। পিতা পুত্ৰক হত্যাৰ পিছত যেতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তেতিয়া আদালতে তেওঁক যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰে। কিন্তু যোৱা মে মাহত কাৰাগাৰৰ পৰা পলায়ন কৰা আজীৱন দোষী হিফজুৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা কৰে। হিফজুৰৰ বিৰুদ্ধে শিলচৰ পি এছ কেছ নং ৮৬১/২৩ ইউ/এছ ২২৪ আইপিচি আৰ/ডব্লিউ ছেকচন ৪ অফ পিডিপিপি এক্ট)  আছিল।
প্ৰেৰক গৌতম তালুকদাৰ
You might also like