নিয়মীয়া বাৰ্তা, ২৫ জুলাই: কাছাৰত আৰক্ষীৰ গুলীত ড্ৰাগছ সৰবৰাহকাৰী গুৰুতৰ আহত হোৱা ঘটনাত চাঞ্চল্য বিয়পিছে। আৰক্ষীৰ গুলীত আহত হৈছে ড্ৰাগছ সৰবৰাহকাৰী মনোৱাৰ হুছেইন। কালি নিশা কাছাৰত এই এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে। ড্ৰাগছ সৰবৰাহকাৰীৰ বাঁওভৰিত আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হৈছে। জেৰাৰ সময়ত অভিযুক্ত মনোৱাৰ হোছেইন বৰভূঞাই আৰক্ষীৰ দলটোক নেতৃত্ব দি নিচাযুক্ত দ্ৰব্য যোগান ধৰাৰ নিৰ্দিষ্ট স্থানলৈ যাবলৈ সন্মত হয়। সেই অনুসৰি বাটত অভিযুক্তই প্ৰস্ৰাৱ কৰিবলৈ অনুৰোধ কৰে। শিলচৰ নেচনেল হাইৱে এলেকাৰ চেংকুৰিত নিৰ্জন অঞ্চলত প্ৰস্ৰাৱ কৰি থকাৰ সময়তে তেওঁ আন্ধাৰৰ সুযোগ লৈ পলাবলৈ চেষ্টা কৰে আৰু তাৰ পিছত তেওঁক ৰখাবলৈ দুটা গুলী চলোৱা হয়। ইয়াৰে এটা গুলী বাঁওভৰিত আঘাত কৰে। ঘটনাৰ পিছত গুৰুতৰ আহত অৱস্থাত তেওঁক শিলচৰ মেডিকেল কলেজ হাস্পতালত প্ৰেৰণ কৰা হয়। ইপিনে, ড্ৰাগছ সৰবৰাহৰ কৰিডৰ হিচাপে খ্যাত বৰাক উপত্যকাত ড্ৰাগছ সৰবৰাহ তীব্ৰ আকাৰে বৃদ্ধি পাইছে। ইয়াৰ বাবে কাছাৰ আৰক্ষীৰ নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান অব্যাহত আছে। কালি ৰাতি শিলচৰ আৰক্ষীয়ে ৪০ কোটিৰ অধিক মূল্যৰ ড্ৰাগছ সহ তিনিজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। যোৱা কেইদিনমানৰ পৰা এটাৰ পিছত আনটো অভিযানে যথেষ্ট সফলতা লাভ কৰিছে কাছাৰ আৰক্ষীয়ে। ইতিমধ্যে কেইবাটাও অভিযানত উপত্যকাৰ বিভিন্ন প্ৰান্তৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰা হৈছে। ইতিমধ্যে ড্ৰাগছ সৰবৰাহৰ লগত জড়িত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰি হাজালৈ প্ৰেৰণ কৰা হৈছে। সোমবাৰে গভীৰ নিশা ডি আই জি পাৰ্থসাৰথি মহন্ত (এছ টি এফ)ৰ নেতৃত্বত গোপন সূত্ৰৰ ভিত্তিত বৃহৎ বাহিনীৰে অভিযান চলাই ৰামনগৰ বাইপাছত কাছাৰ আৰক্ষীয়ে আন এক বৃহৎ সফলতা লাভ কৰে। আৰক্ষীয়ে ২.৫ কেজি হেৰ’ইন আৰু এক লাখ য়াবা টেবলেট সহ তিনিজন লোকক ধৰিবলৈ সক্ষম হয়। ৰাজ্যৰ বাহিৰলৈ সৰবৰাহ কৰিবলৈ আন ৰাজ্যৰ পৰা অনা এক লাখ ইয়াবাৰ টেবলেট জব্দ কৰি তিনিজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, তেওঁলোকৰ ঘৰ কাছাৰ জিলাৰ কালাইনৰ বিহাৰা অঞ্চলত আছে। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। ইফালে অসম-মেঘালয় সীমান্তৰ পৰা আৰক্ষীয়ে এক কোটিৰো অধিক মূল্যৰ গাঞ্জা জব্দ কৰাৰ লগতে দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ লগত জড়িত সকলো কাৰ্যকলাপ বন্ধ কৰিবলৈ কাছাৰ আৰক্ষী একচন মোডত আছে।সোমবাৰে অসম আৰু মেঘালয়ৰ সীমান্তৱৰ্তী কাটিগৰাৰ অন্তৰ্গত দিগৰখালত কাছাৰ আৰক্ষীয়ে ত্ৰিপুৰাৰ পৰা অহা দুখন ট্ৰাকৰ পৰা বিপুল পৰিমাণৰ গাঞ্জা জব্দ কৰে। টি আৰ ০৬ – ১৮০৭ আৰু টি আৰ ০১ এ ইউ ১৭০৯ নম্বৰৰ এই ট্ৰাকবোৰে এই নিষিদ্ধ ড্ৰাগছবোৰ এটা গোপন চেম্বাৰত লুকুৱাই লৈ গৈছিল। যাৰ বাবে গেছ কাটাৰ আনিবলগীয়া হৈছিল। ট্ৰাক চালক ফকৰুল ইছলাম আৰু উত্তম সাহাক গ্ৰেপ্তাৰ কৰি ঘটনাৰ মূল জানিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
প্ৰেৰক গৌতম তালুকদাৰ