নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হেকাইপাৰাৰ বহাগী উৎসৱৰ সামৰণিঃ সংগীতানুষ্ঠান উদ্বোধন কৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপিকা দীপামণি বৈশ্যই

নিয়মীয়া বাৰ্তা, ৫ মেঃ বাসুগাঁও চহৰৰ নিকটৱৰ্তী উত্তৰ হেকাইপাৰা নৱ যুৱক সংঘ আৰু পুথিভঁৰালৰ সৌজন্যত অনুষ্ঠিত বহাগী উৎসৱৰ যোৱানিশা সাংস্কৃতিক অনুষ্ঠান লোকাৰণ্য হৈ পৰে। প্ৰবল উচ্ছাস-উদ্দীপনাৰে আৰম্ভ হোৱা দ্বিতীয় দিনাৰ সাংস্কৃতিক অনুষ্ঠানটিৰ মঞ্চ উদ্বোধন কৰে কোকৰাঝাৰ বডোলেণ্ড বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা দীপামণি বৈশ্যই । ডিব্ৰুগড়ৰ পৰা আমন্ত্ৰিত জনপ্ৰিয় কণ্ঠশিল্পী নীলভ নীতাৰ দুপৰনিশা সংগীতানুষ্ঠানত অসমীয়া, ৰাজবংশী, বড়ো ইত্যাদি ভাষাত গীত পৰিবেশন কৰে । যথেষ্ট পলমকৈ মুখ্য শিল্পীগৰাকীক মঞ্চত উঠোৱাত বিৰক্ত শ্ৰতা ৰাইজ কিছু সময় পিছতে হুৰা-হুৰে ঘৰ মুৱা হবলৈ ধৰে । এই অনুষ্ঠানতে স্থানীয় জনপ্ৰিয় শিল্পী ডিম্ভেশ্বৰ ওৰফে ডিজেল্ড কোচ, কমল ৰায়, ৰাজীৱ সূত্ৰধৰে গীত পৰিবেশন কৰি শ্ৰোতা-ৰাইজক আপ্লুত কৰে । উল্লেখ য্যোগ্যযে বহাগী উৎসৱ উদযাপন সমিতিৰ সভাপতি তথা বাসুগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসক ডা’ গণ্ডেশ্বৰ হাজং এটি বিহু সুৰীয়া গীত পৰিবেশন কৰি উপস্থিত সকলোকে আমোদ যোগায় । দুয়োদিনাৰ কাৰ্য্যসূচী নিৰ্দিষ্ট সময়ৰ সলনি বহু পলমকৈ অনুষ্ঠিত হয় যদিও কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নোহোৱাকৈ সম্পন্ন হোৱাত গভীৰ সন্তুষ্টি প্ৰকাশ কৰে উদ্যোক্তা সমিতিয়ে ।
প্ৰেৰক ভৃগু মুনি ৰায়

You might also like