নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উপাচার্যৰ বিৰুদ্ধে তদন্তৰ মাজতে পেকেট কৰিলে ডিব্রুঃ বিশ্ববিঃৰ ফাইল

‘ফাইনেঞ্চ এণ্ড একাউণ্টছ’ক মেনেজ দুর্নীতিগ্রস্ত ড০ ৰঞ্জিত তামুলীৰ

নিয়মীয়া বাৰ্তা ৩০ জানুৱাৰীঃ উজনি অসমৰ উচ্চ শিক্ষাৰ প্রাণকেন্দ্র ডিব্রুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ ৰঞ্জিত তামুলীৰ দুর্নীতি–নিয়ম আৰু স্বজন–তোষণে ৰাজ্যৰ শৈক্ষিক–বৌদ্ধিক জগতখনক হতচকিত কৰি তুলিছে৷ উপাচার্য ড০ তামুলীয়ে ক্ষমতাৰ অপপ্রয়োগেৰে সংঘটিত কৰা বিত্তীয় অনিয়মক কেন্দ্র কৰি ডিব্রুগড় বিশ্ববিদ্যালয় চৌহদ প্রতিবাদমুখৰ হৈ থকাৰ সময়তে এইবাৰ উত্থাপন হৈছে আন এক অভিযোগ৷ শেহতীয়াকৈ উত্থাপন হোৱা অভিযোগ অনুসৰি ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ‘ফাইনেঞ্চ এণ্ড একাউণ্টছ’ বিভাগক দুর্নীতিগ্রস্ত উপাচার্য ড০ তামুলীয়ে মেনেজ কৰি নিজৰ কু–কীর্তি গাপ দিব বিচাৰিছে৷ আনকি দুর্ভাগ্যজনকভাৱে দুর্নীতিৰ তদন্তৰ বাবে গঠিত তদাৰকী কোষ (ভিজিলেন্স চেল)ৰ কাম–কাজো সঠিকভাৱে চলা নাই৷ এয়া বিশ্ববিদ্যালয়খনৰ শিক্ষক সন্থা, বিষয়া–কর্মচাৰী সন্থা বা শিক্ষার্থী সমাজৰ দাবী নহয়৷ এই কথা আজি তদাৰকী কোষৰ তিনি সদস্য ক্রমে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা পল্লৱী ডেকা বুজৰবৰুৱা, প্রশাসনিক বিষয়া দয়ানন্দ দত্ত আৰু ডিব্রুগড় বিশ্ববিদ্যালয়ৰ কর্মচাৰী সন্থাৰ সভাপতি অসীম গগৈয়ে পঞ্জীয়কলৈ প্রেৰণ কৰা এখন পত্রত স্পষ্টভাৱে উল্লেখ কৰা হৈছে৷

পত্রখনত উল্লেখ কৰা মতে, তদন্তৰ অংশস্বৰূপে তদাৰকী কোষৰ এই তিনিও সদস্যই কালি ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ‘ফাইনেঞ্চ এণ্ড একাউণ্টছ’ বিভাগৰ কার্যালয়ত উপস্থিত হৈছিল৷ কিন্তু দুর্ভাগ্যজনকভাৱে তদন্তৰ বিষয়টোত তদাৰকী কোষৰ কাম–কাজত তিনিও সদস্যই অসন্তুষ্টি ব্যক্ত কৰে৷ অধ্যাপিকা বুজৰবৰুৱা, প্রশাসনিক বিষয়া দত্ত আৰু কর্মচাৰী সন্থাৰ সভাপতি গগৈৰ মতে তদাৰকী কোষৰ কাম–কাজ কোনোবা প্রকাৰে পক্ষপাতদুষ্টভাৱে চলিছে৷ তিনিওজন সদস্যৰ অনুপস্থিতিত ‘ফাইনেঞ্চ এণ্ড একাউণ্টছ’ বিভাগৰ কার্যালয়ত ফাইল আৰু নথি–পত্রসমূহ ৰহস্যজনকভাৱে পেকেট কৰা হৈছিল আৰু সেয়া তেওঁলোকক চাবলৈ দিয়াৰ কোনো সুযোগ দিয়া নহ’ল৷ ফাইল আৰু নথি–পত্রসমূহ তিনিওজন সদস্যই কার্যালয়টোত উপস্থিত হোৱাৰ পূর্বে পেকেটত বান্ধি পেলোৱা হৈছিল বুলিও পঞ্জীয়কলৈ প্রেৰণ কৰা পত্রখনত স্পষ্টকৈ উল্লেখ কৰিছে৷ এনে অৱস্থাত তদন্ত প্রক্রিয়াত অনিয়ম হোৱাৰ লগতে উপাচার্য ড০ তামুলীৰ বিৰুদ্ধে উত্থাপিত মূল অভিযোগ গুৱাহাটীলৈ ভ্রমণ সম্পর্কীয় ‘মানী ৰিচিপ্ঢ’ হৰণ–ভগনৰ আশংকা কৰা হৈছে৷

এনে প্রেক্ষাপটত তথা ডিব্রুগড় বিশ্ববিদ্যালয়ৰ বৃহত্তৰ স্বার্থত অধ্যাপিকা বুজৰবৰুৱা, প্রশাসনিক বিষয়া দত্ত আৰু কর্মচাৰী সন্থাৰ সভাপতি গগৈয়ে তদাৰকী কোষৰ সদস্য পদৰ পৰা অব্যাহতি লোৱা বুলি একেখন পত্রযোগে অৱগত কৰে পঞ্জীয়কক৷ তদাৰকী কোষৰ তিনিজনকৈ সদস্যই এনেদৰে পঞ্জীয়কলৈ পত্র প্রেৰণ কৰি পদত্যাগ কৰা বিষয়টোৱে কার্যতঃ উপাচার্য ড০ তামুলীৰ দুর্নীতিৰ আন এক অধ্যায় উন্মোচিত কৰিলে৷ ইফালে ডিব্রুগড় বিশ্ববিদ্যালয়ত ধাৰাবাহিকভাৱে শিক্ষক সমাজ, বিষয়া–কর্মচাৰী সন্থা আৰু শিক্ষার্থীসকলে প্রতিবাদী কার্যসূচী গ্রহণ কৰি থকাৰ মাজতে প্রতিবাদকাৰীসকলৰ্ দাবীত বাধ্য হৈ উপাচার্য ড০ তামুলীয়ে অহা ৫ ফেব্রুৱাৰী পর্যন্ত বাধ্যতামূলক ছুটী লোৱাৰ কথা ঘোষণা কৰিছে৷ সেইদৰে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ‘ফাইনেঞ্চ এণ্ড একাউণ্টছ’ বিভাগৰ দায়িত্বত থকা উপ–পঞ্জীয়ক দিগন্ত বৰাকো দিয়া হৈছে পাঁচ দিনৰ বাধ্যতামূলক ছুটী৷ উল্লেখ্য যে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থাই উপাচার্য ড০ তামুলীৰ বিৰুদ্ধে উত্থাপিত দুর্নীতি–নিয়মৰ উচ্চ পর্যায়ৰ তদন্ত আৰু দোষীক কঠোৰ শাস্তি বিহাৰ দাবীত আজি পুনৰ উপায়ুক্তৰ কার্যালয় ঘেৰাও কৰে৷ উচ্চ শিক্ষানুষ্ঠানখনৰ গৰিমা অটুট ৰখাৰ বাবেই নৈতিক দায়িত্ব স্বীকাৰ কৰি ড০ তামুলীক উপাচার্য পদ শীঘ্রে এৰাৰ দাবী জনাই প্রতিবাদেৰে উত্তাল কৰি তোলে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ চৌহদ৷

ডিব্রুগড় বিশ্ববিদ্যালয় আছু গোটেও এই প্রতিবাদী কার্যসূচীত চামিল হৈ উপাচার্য ড০ তামুলীয়ে পদত্যাগ নকৰিলে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ দিয়ে৷ প্রতিবাদে অনাগত দিনত অধিক তীব্রতৰ ৰূপ ধাৰণ কৰাৰ উমান পাই উপাচার্য ড০ তামুলীয়ে অহা ৫ ফেব্রুৱাৰী পর্যন্ত বাধ্যতামূলক ছুটী লোৱাৰ কথা প্রতিবাদকাৰীসকলক্ জানিবলৈ দিয়ে৷ উপাচার্য ড০ তামুলীৰ এই কথাৰ পাছতো আশ্বস্ত হোৱা নাই প্রতিবাদকাৰীসকল৷ দুর্নীতিত লিপ্তৰ অভিযোগ উঠা উপাচার্যজনে পদত্যাগ নকৰা পর্যন্ত আন্দোলন চলাই যাব বুলি তেওঁলোকে সকীয়াই দিয়ে৷ ইফালে ইতিপূর্বে ভ্রমণৰ ভুৱা বিল দাখিলেৰে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ৰাজহুৱা পুঁজিৰ পৰা ধন সৰকাই নিয়া উপাচার্য ড০ তামুলীৰ আন এক অনুৰূপ কার্য পোহৰলৈ আহিছে৷ উপাচার্য ড০ তামুলীয়ে বিগত ২০১৯ চনৰ ১৬ অক্টোবৰ, ৯ নৱেম্বৰ আৰু ২৭ নৱেম্বৰত ডিব্রুগড়ৰ হনুমান সিংহানীয়া ৰোডস্থিত ড্রাগ্ হাউছৰ পৰা কিছুসংখ্যক ঔষধ ক্রয় কৰিছিল৷ এই ঔষধসমূহৰ বিপৰীতে উপাচার্য ড০ তামুলীয়ে ব্যয় কৰিছিল মুঠ ৬৮১.৬৩ টকা৷ ঔষধৰ নামত নিজৰ জেপৰ পৰা খৰচ হোৱা এই সামান্য পৰিমাণৰ ধনো বিশ্ববিদ্যালয়ৰ ৰাজহুৱা পুঁজিৰ পৰা ঘূৰাই বিচাৰি উপাচার্য ড০ তামুলীয়ে নিজৰ ভাৰপ্রাপ্ত ব্যক্তিগত সচিবৰ জৰিয়তে শিক্ষানুষ্ঠানখনৰ পঞ্জীয়কলৈ এখন পত্র প্রেৰণ কৰিছিল৷

You might also like