নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰৰ সোৱণশিৰিত দহ কোটি টকীয়া খহনীয়া প্ৰতিৰোধ আঁচনিত ঠিকাদাৰৰ অনিয়ম-হেমাহী

নিয়মীয়া বাৰ্তা, ২৩ ফ্ৰেব্ৰুৱাৰীঃ আগন্তুক বাৰিষাত পুনৰ লখিমপুৰৰ টেলাহী মৌজাত বানৰ মহাপ্ৰলয়ৰ সূচনা কৰিব নেকি এসময়ৰ সোন কমোৱা সোৱণশিৰিয়ে। এতিয়া এই আশংকাই দেখা দিছে নৈপৰীয়া ৰাইজৰ মাজত। লখিমপুৰ জিলাৰ ন-আলি ভীমপৰাত সোৱণশিৰি নদীৰ বান- খহনীয়া প্ৰতিৰোধ আঁচনীত জল সম্পদ বিভাগৰ ঠিকাদাৰৰ হেমাহীৰ বাবে নৈপৰীয়া ৰাইজে বৰ্তমান বিনিদ্ৰ ৰজনী পাৰ কৰিব লগীয়া হৈছে । উল্লেখ্য যে দহ কোটি টকা ব্যয় সাপেক্ষ আঁচনিখনৰ কাম কৰাৰ ক্ষেত্ৰত জল সম্পদ বিভাগৰ ঠিকাদাৰে বাৰিষাৰ পূৰ্বে কাম সম্পূৰ্ণ কৰাৰ বাবে তৎপৰতা দেখুৱাৰ বিপৰীতে কামত ব্যাপক হেমাহী পদৰ্শন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।১০ কোটিটকীয়া সোৱণশিৰি নদীৰ খহনীয়া প্ৰতিৰোধ আঁচনিত ঠিকাদাৰৰ হেমাহিৰ বাবেই ৰাইজৰ মাজত শংকা আহি পৰিছে ।

প্ৰকাশযোগ্য যে বিগত বৰ্ষত বিত্তীয় অনুমোদন বিলম্ব হোৱাৰ দোহাই দি জলসম্পদ বিভাগে নির্দিষ্ট সময়ত খহনীয়া প্ৰতিৰোধ আঁচনিসমূহ ৰূপায়ণ নকৰাৰ ফলত নৈপৰীয়া ৰাইজলৈ বিপর্যয় নামি আহে। বিগত বিত্তীয় বৰ্ষত এই আঁচনিখন ৰূপায়ণৰ বাবে দহ কোটি টকা অনুমোদন জনোৱা হৈছিল যদিও আঁচনিখনৰ ঠিকা লাভ কৰা পাটোৱাৰী উপাধিৰ ঠিকাদাৰ এগৰাকীয়ে সঠিক সময়ত আঁচনিখন ৰূপায়ণ কৰিব নোৱাৰাৰ বাবে বিগত বৰ্ষত জলসম্পদ বিভাগে মথাউৰিটো সুৰক্ষা দিবলৈ সক্ষম নহ’ল। শেষ বাৰিষা মথাউৰিটোৰ ৩৫ কিলোমিটাৰ অংশত ছিঙি নি টেলাহী মৌজাত বান প্ৰলয়ৰ সূচনা কৰিছিল।

জানিব পৰা মতে জলসম্পদ বিভাগে বিগত বৰ্ষত আবণ্টিত ধনৰ বিশ শতাংশ ধন ব্যয় কৰিছিল যদিও বাৰিষা খহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰাৰ বাবেই আঁচনিখনে সফলতাৰ মুখ দেখিবলৈ সক্ষম নহ’ল। এইবাৰ পুনৰ খহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰা হয় যদিও ঠিকাদাৰে পৰ্যাপ্ত জিঅ’ বেগ যোগান ধৰিব নোৱৰাৰ ফলত কামৰ গতি অতি লেহেমীয়া হোৱাই নহয় জিঅ’ বেগৰ যোগান নথকাৰ বাবে কাম বন্ধ ৰাখিব লগা হোৱা পৰিস্থিতিৰো সৃষ্টি হৈছে। উল্লেখ্য যে সাধাৰণতে আগতীয়া বাৰিষা হোৱা লখিমপুৰত ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ ভিতৰত মথাউৰি নিৰ্মাণ আৰু খহনীয়া প্ৰতিৰোধৰ কামসমূহ সম্পূৰ্ণ কৰিব নোৱাৰিলে এই আঁচনিসমূহ ব্যর্থ হোৱা দেখা যায়।

মন কৰিবলগা কথা যে এক কিলোমিটাৰ দৈৰ্ঘ্যৰ এই আঁচনিখনৰ অর্ধেক অংশৰ কাম এতিয়াও বাকী আছে। বাৰিষাৰ পূৰ্বে খহনীয়া প্ৰতিৰোধৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে পুনৰ আগন্তুক বাৰিষাত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হব । বিগত বৰ্ষৰ দৰে বৃহত্তৰ তেলাহী মৌজাৰ ৰাইজ বানৰ কবলত পৰাৰ সম্ভাৱনা আহি পৰিছে । মথাউৰীৰ খহনীয়া প্ৰতিৰোধৰ কামত ঠিকাদাৰ গৰাকীয়ে হেমাহীৰ বাবে শেহতীয়াকৈ প্ৰতিবাদ মুখৰ হৈ পৰিছে তেলাহী কমলাবৰীয়া আঞ্চলিক ছাত্ৰ সন্থা । জিলাখনৰ জলসম্পদ বিভাগে কামৰ দায়িত্বত থকা ঠিকাদাৰক সময়মতে কাম সম্পূৰ্ণ কৰাৰ বাবে বাধ্য কৰিব নোৱাৰাত এনে সমস্যা হোৱা বুলি বিষয়টো জিলা উপায়ুক্তৰ হস্তক্ষেপ কামনা কৰিছে ছাত্ৰ সন্থাই।

You might also like