নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাট-মাজুলী জলপথত বালিৰ বাবে অস্বস্তিত ফেৰী চালক

✅যোৰহাট-মাজুলী জলপথৰ বাবে অত্যাধুনিক ড্ৰেজাৰ প্ৰদানৰ প্ৰতিশ্ৰুতি অসাৰ
✅সঘনাই ফেৰী বালিচৰত লাগি ধৰাত অস্বস্তিত চৰকাৰী বিষয়া
✅নেদেখাজনৰ শৰনাপন্ন আভ্যন্তৰীণ জল পৰিবহণৰ কৰ্মচাৰী
নিয়মীয়া বাৰ্তা, ২৫ জুলাই : অত্যাধুনিক প্ৰযুক্তিবিদ্যাই গিজগিজাই থকা দেশত মাজুলী-নিমাতীৰ যাতায়তৰ নামত আওপুৰণি কায়দাৰে আজিও চলি আছ ফেৰী সেৱা ৷ সঘনাই ফেৰী ব্ৰহ্মপুত্ৰৰ বালিচৰত লাগি ধৰাৰ ফলত মাজুলীৰ কমলাবাৰী ফেৰী ঘাটৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰীসকল অৱশেষত ভোগ, নৈবেদ্য, পূজা অৰ্চনাৰে ব্ৰহ্মপুত্ৰ বাবাৰ শৰণাপন্ন হৈছে। বিগত সময়ছোৱাত ফেৰী যাতায়তত দেখা দিয়া সমস্যা, কমলাবাৰী ফেৰী ঘাটৰ ফেৰী অহা যোৱা কৰা চেনেলত বালি পৰি বাম হৈ যোৱাৰ বাবে ফেৰী যাত্ৰাত যথেষ্ট সুবিধাৰ সন্মুখীন হৈ অহাত ব্ৰহ্মপুত্ৰ বাবাক ভোগ দি আজি পূজা অৰ্চনা কৰে ফেৰী ঘাটৰ কৰ্মচাৰী সকলে। ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহণ নামৰ বিয়াগোম এটা বিভাগে প্ৰযুক্তি বিদ্যাৰ যুগত ফেৰী যাতায়াতৰ সূচলতাৰ বাবে নেদেখা জনাৰ ওচৰত শৰণাপন্ন হোৱাৰ ঘটনাই বিভাগটোৰ অসহায়তাকেই প্ৰতিপন্ন কৰিছে বুলি বিভিন্ন জনে মন্তব্য কৰিছে। উল্লেখযোগ্য যে শেহতীয়াকৈ এসপ্তাহে একপ্ৰকাৰে মাজুলীবাসী জলবন্দী হৈ থকাৰ পিছত ফেৰী সেৱা আৰম্ভ কৰাত নিতৌ যাত্ৰীসহ চৰকাৰী জাহাজ বালিচৰত লাগি ধৰাৰ পৰিপ্ৰেক্ষিতত প্ৰতিদিনে যাত্ৰীসকল হাৰাশাস্তিৰ সন্মুখীন হবলগীয়া হৈছে। কেইদিনমানৰ আগেয়ে আৰ পি এল দিগাৰু আৰু এম ভি লোহিত নামৰ ফেৰীখন ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ হৈ পৰাত নদীৰ মাজৰ পৰা এছ ডি আৰ এফে যাত্ৰীসকলক উদ্ধাৰ কৰিবলগীয়া হৈছিল। ইফালে নিমাতীৰ ফেৰী দুৰ্ঘটনাৰ সময়ত সেই সময়ৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে যোৰহাট-মাজুলী জলপথত অত্যাধুনিক ড্ৰেজাৰেৰে নদীৰ চেনেল খান্দি ফেৰী যাত্ৰা সুচল কৰাৰ বাবে দিয়া আশ্বাস আজি কৰবাতে হেৰাল।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড
You might also like