নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অইলৰ চি এছ আৰ আঁচনিৰ অধীনত নয়দাত ই ভি চাৰ্জিং ষ্টেচন উদ্বোধন

নিয়মীয়া বাৰ্তা, ১৬ জুলাই — সমগ্ৰ দেশতে উদযাপিত হৈ থকা স্বচ্ছতা পষেক ২০২৪ৰ এক অংশ হিচাপে নয়দাস্থিত চেক্টৰ–১৫ (এ) ক্লাব হাউচত ৩০ কিলোৱাট আৰু ৯.৯ কিলোৱাটৰ দুটা ই ভি চাৰ্জাৰ সম্পন্ন ই ভি চাৰ্জিং ষ্টেচন নিৰ্মাণ তথা উদ্বোধন কৰা হয়। উল্লেখযোগ্য যে মহাৰত্ন কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ চি এছ আৰ আঁচনিৰ অধীনত উক্ত ই ভি ষ্টেচনটো নিৰ্মাণ কৰা হয়। অইল ইণ্ডিয়া লিমিটেডৰ সঞ্চালক (মানৱ সম্পদ) অশোক দাসে নয়দা প্ৰাধিকৰণৰ প্ৰকল্প অভিযন্তা গৌৰৱ বাংছাল আৰু অইল আৰু নয়দা প্ৰাধিকৰণৰ অন্যান্য বিষয়া আৰু নয়দা ১৫ (এ)ৰ স্থানীয় বাসিন্দাসকলৰ উপস্থিতিত আনুষ্ঠানিকভাৱে ষ্টেচনটো উদ্বোধন কৰে। তাৰ পাছতে দুয়োটা ই ভি চাৰ্জাৰ আনুষ্ঠানিকভাৱে নয়দা চেক্টৰ ১৫ (এ) ৰ আৰ ডব্লিউ এ-ৰ সভাপতিৰ হাতত গতাই দিয়া হয়। উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে ‘ট্ৰেছ ট’ক’ শীৰ্ষক এখন এক্টিভিটি পুথিও আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। এই পুথিখন অইল ইণ্ডিয়া লিমিটেডে সকলো বয়সৰ ছাত্ৰ-ছাত্ৰী আৰু নাগৰিকৰ মাজত দৈনন্দিন জীৱনত প্ৰয়োজনীয় পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ গুৰুত্বৰ বিষয়ে ব্যাপক প্ৰচাৰৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like