নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিটো ভোটকেন্দ্রৰ প্রতিজন ভোটাৰৰ ওচৰলৈ যাব বিজেপি

নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ  বিৰোধীৰ প্রত্যাহ্বানক তিলমাত্রও গুৰুত্ব নিদি সমাগত নির্বাচনৰ বাবে অধিক আগ্রাসী ভূমিকা লৈছে বিজেপিয়ে৷ দ্বিতীয়বাৰৰ বাবে ক্ষমতা দখলৰ লক্ষ্যৰে ইতিমধ্যে সকলো পৰিকল্পনা, প্রস্তুতি সম্পূর্ণ কৰি তোলা শাসকীয় দলটোৱে এইবাৰ প্রতিগৰাকী ভোটাৰৰ ওচৰলৈ যোৱাৰ বাবে আৰম্ভ কৰিব এক বিশেষ পদক্ষেপ৷ প্রতিটো ভোটগ্রহণ কেন্দ্রৰ প্রতিজন ভোটাৰক সাক্ষাৎ কৰাৰ বাবে  একপ্রকাৰ স্পষ্ট নির্দেশনা দিলে নির্বাচনী প্রভাৰী তথা কেন্দ্রীয় মন্ত্রী নৰেন্দ্র সিং টোমৰে৷ ৰাষ্ট্রীয় নেতাগৰাকীয়ে   প্রতিগৰাকী কার্যকর্তাক উদ্দেশ্যি কয়– ভোটাৰ তালিকাৰ প্রতিজন ভোটাৰক আমি সাক্ষাৎ কৰিম আৰু তেওঁলোকৰ মনৰ বুজ ল’ম৷ ইয়াৰ বাবে প্রতিগৰাকী কার্যকর্তাই এটাও মুহূর্ত নষ্ট কৰিব নালাগে৷ উল্লেখ্য যে বিধানসভা নির্বাচনৰ দিন চলিত মাহতে ঘোষণাৰ সম্ভাৱনা আছে৷ মুখ্যতঃ এই দিশটোক আগত লৈয়ে  ৰাজ্যিক বিজেপিয়ে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজন কৰে অন্তিমখন সাংগঠনিক সভা৷

বিধানসভাৰ প্রভাৰী আৰু মণ্ডল সভাপতিসকলৰ উপস্থিতিত অনুষ্ঠিত এই সভাত উপস্থিত থাকি নির্বাচনী প্রভাৰী নৰেন্দ্র সিং টোমৰে ৰাজ্যিক বিষয়ববীয়াই হওক, জিলা পর্যায়ৰ কার্যকর্তাই হওক বা তৃণমূল পর্যায়ৰ কর্মীয়েই হওক, সকলোকে প্রতিজন ভোটাৰৰ ওচৰলৈ গৈ দল আৰু চৰকাৰৰ লক্ষ্য, আদর্শ আৰু উন্নয়নমূলক কাম–কাজসমূহ দাঙি ধৰাৰ বাবে আহ্বান জনায়৷

মন কৰিবলগীয়া যে ১০০+ আসন দখলৰ লক্ষ্যৰে ইতিমধ্যে ব্যাপক পৰিকল্পনা যুগুতাই তোলা ৰাজ্যিক বিজেপিয়ে এইবাৰ নিজৰ সমর্থিত ভোটাৰৰ লগতে বিৰোধীৰ সমর্থককো নিজৰ শিবিৰলৈ অনাৰ এক বিশেষ ব্লুপ্রিণ্ট প্রস্তুত কৰি তুলিছে৷ এই লক্ষ্যৰে শাসকীয় দলটোৱে পৰিয়াল সম্পর্ক অভিযান শীর্ষক এক কার্যসূচীৰে ইতিমধ্যে প্রতিটো বুথৰ প্রতিটো পৰিয়ালক সাক্ষাৎ কৰাৰ পৰিকল্পনা লৈছে৷ এই পৰিকল্পনাক নির্বাচনৰ প্রাক্ক্ষণত ক্ষিপ্রতাৰে আগুৱাই নিয়াৰ উদ্দেশ্যে এইবাৰ প্রতিটো ভোটগ্রহণ কেন্দ্রৰ প্রতিজন ভোটাৰক বিজেপিৰ কার্যকর্তাসকলে ব্যক্তিগতভাৱে সাক্ষাৎ কৰিব৷ আজি বিশেষ সাংগঠনিক সভাত এই উদ্দেশ্যে কার্যকর্তাসকলক কাম কৰিবলৈ আহ্বান জনোৱাৰ লগতে নৰেন্দ্র সিং টোমৰে প্রতিগৰাকী বিজেপিৰ কার্যকর্তাক এইবুলিও নির্দেশনা দিয়ে যে বিগত নির্বাচনত প্রতিটো ভোটগ্রহণ কেন্দ্রত দলে লাভ কৰা ভোটৰ পৰিমাণ দুগুণ কৰাৰ বাবে সকলো ধৰণৰ প্রচেষ্টা চলাব লাগিব৷ ইয়াৰ বাবে বিৰোধী সমর্থকক নিজৰ শিবিৰলৈ অনাৰ বাবে ব্যক্তিগতভাৱে সাক্ষাৎ কৰাৰ বাবেও পৰামর্শ দিয়ে নির্বাচনী প্রভাৰীগৰাকীয়ে৷

আনহাতে, আজি এই বিশেষ সাংগঠনিক সভাখনত উপস্থিত থাকি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ১০০+ আসন দখলৰ লক্ষ্য বিজেপিয়ে সম্পূর্ণ কৰিবলৈ দলীয় কার্যকর্তাসকলক অধিক কষ্ট কৰাৰ বাবে আহ্বান জনায়৷ আজিৰ এই অনুষ্ঠানতে মাই বিজেপি নামৰ এক দলীয় এপৰো শুভ উন্মোচন কৰা হয়৷ উল্লেখ্য যে বিধানসভা নির্বাচনৰ বাবে ইতিমধ্যে অসমত ৰণডংকা বজাই প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই কেইবাখনো জনসভা সম্বোধন কৰাৰ পাছত তৃণমূল পর্যায়ৰ কর্মীসকলক নির্বাচনৰ বাবে প্রস্তুত কৰি তোলাৰ লক্ষ্যৰে বিশেষ পদক্ষেপ গ্রহণ কৰিছে বিজেপিয়ে৷ নির্বাচনত প্রার্থী বাছনি তথা আসন ভাগ–বাটোৱাৰাৰ বিষয়টোক লৈও ইতিমধ্যে বিভিন্ন পর্যালোচনা দাঙি ধৰিছে শাসকীয় দলটোৱে৷ মুখ্যতঃ এই সকলো দিশ নির্বাচনৰ প্রাক্ক্ষণত সাজু কৰি তোলাৰ বাবে আগমন ঘটিছে ৰাজ্যিক নির্বাচনী প্রভাৰী নৰেন্দ্র সিং টোমৰ, সহঃ প্রভাৰী ড০ জিতেন্দ্র সিং, ৰাজ্যিক প্রভাৰী বৈজয়ন্ত জয় পাণ্ডা আদিকে ধৰি কেইবাজনো ৰাষ্ট্রীয় নেতা৷

ইফালে   এখন সংবাদ মেলত নৰেন্দ্র সিং টোমৰে স্পষ্টকৈ উল্লেখ কৰে যে মিত্রজোঁটক লৈহে বিজেপিয়ে অধিক আসন দখলৰ লক্ষ্য বান্ধি ল’ব৷ বিজেপিয়ে অকলশৰে একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ বাবে অভিযান চলাইছে বুলি চলি থকা চর্চাৰ বিপৰীতে নির্বাচনী প্রভাৰী টোমৰৰ মন্তব্য– বিজেপিয়ে অকলে নহয়, মিত্রজোঁটক লগত লৈহে পূর্বতকৈ অধিক আসন দখলৰ প্রস্তুতি চলোৱা হৈছে৷

সংবাদ মেলত টোমৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে পাঁচ বছৰীয়া কার্যকালত উন্নয়নৰ জোৱাৰ তুলিছে বুলি উল্লেখ কৰি কয় যে পাঁচ বছৰ আগতে অসমত ভ্রষ্টাচাৰৰ ৰাজত্ব চলিছিল, আইন–শৃংখলা ব্যৱস্থা অতি শোচনীয় আছিল৷ কিন্তু মুখ্যমন্ত্রী সোণোৱাল আৰু ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত ৰাজ্যখন এতিয়া বিকাশ আৰু উন্নয়নৰ দিশে আগবাঢ়িছে৷ এই উন্নয়ন আৰু বিকাশৰ বাবেই বিজেপিয়ে অতি সহজতে ১০০+ আসন লাভ কৰিবলৈ সক্ষম হ’ব৷ আজিৰ সংবাদ মেলত নির্বাচনী প্রভাৰীগৰাকীক সংগ দিয়ে ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাস, বৈজয়ন্ত জয় পাণ্ডা আৰু দলৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়াই৷

You might also like