কাইলৈৰ পৰা ঐতিহাসিক জোনবিল মেলা
ঐতিহাসিক যুগৰ প্ৰাচীন বিনিময় প্ৰথাৰে পাহাৰ আৰু ভৈয়ামৰ সমন্বয়ৰ এনাজৰী গঢ়া গোভা দেওঁৰজাৰ জোনবিল মেলা জাগীৰোডৰ ইতিহাস প্ৰসিদ্ধ জোনবিলৰ পাৰত কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব। এই মেলাতেই কিছু সময়ৰ বাবে স্তদ্ধ হৈ পৰিব আধুনিক মুদ্ৰাৰ প্ৰচলন।
পাহাৰ আৰু ভৈয়ামৰ লোক সকলৰ মাজত পৰম্পৰাগত ভাৱে যুগ যুগ ধৰি জোনবিল মেলাত চলি অহা এই বিনিময় প্ৰথা এতিয়া পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ। ২২,২৩ আৰু ২৪ জানুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া জোনবিল মেলাৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন কৰিছে গোভা ৰজা ৰাজপাৰিষদ বৰ্গ আৰু জোনবিল মেলা সমিতিয়ে।
অসমৰ মাঘবিহুৰ পিছৰ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হয় জোনবিল মেলাৰ। কাইলৈ পুৱা ছয় বজাত গোভা দেওৰজা চাৰিভাই দেওশাল থানত মাংগলিক পৰ্বৰে মেলাৰ শুভাৰম্ভ হ’ব। তাৰ পিছতে গাভৰু আম বৃক্ষত বন্তি প্ৰজ্বলন কৰা হ’ব। পুৱা ৯:০০ বজাত মেলাথলীত গোভা ৰজা দ্বীপসিংহ দেওৰজাই বন্তি প্ৰজ্বলন কৰিব। ৯:৩০ বজাত মেলাথলীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোৱৰণী শ্ৰদ্ধাঞ্জলি আৰু বন্তি প্ৰজ্বলনৰ পিচতে চ্যামাদি, ন-বাৰ, ঠুঙি-ন’ আৰু মাৰু উদ্বোধন কৰিব ক্ৰমে মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত কুমাৰ গগৈ, জাগীৰোড সমজিলাৰ আয়ুক্ত হৃদয় কুমাৰ দাস, মায়ং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা গগৈয়ে।
তাৰ পিছতে মেলাথলীত পতাকা উত্তোলন কৰিব গোভা দেওৰজা জোনবিল মেলা উন্নয়ন সমিতিৰ সভাপতি সোণেশ্বৰ দলৈয়ে। দুপৰীয়াৰ পৰা পাহাৰৰ মামা-মামী সকলৰ মেলালৈ আগমন ঘটিব। দুপৰীয়া মেলাথলিত গোভাৰজাই বিষয়া বৰ্গৰ সৈতে ভোজভাত খাব।
সন্ধিয়ালৈ পাহাৰ ভৈয়ামৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। উদ্বোধন কৰিব মন্ত্ৰী পীযুষ হাজৰীকাৰ ব্যক্তিগত সহায়ক অপূৰ্ব ডেকাই। ২৩ জানুৱাৰী শুকুৰবাৰে পুৱা মেলাথলীত স্তব্ধ হ’ব আধুনিক মুদ্ৰাৰ প্ৰচলন। পাহাৰৰ পৰা নামি অহা মামা- মামীসকলে ভৈয়ামৰ লোকসকলৰ মাজত সম্পন্ন কৰিব বিনিময় প্ৰথা। পুৱা ৫:৩০ বজাৰ পৰা পাহাৰ ভৈয়ামৰ লোক সকলৰ মাজত বিনিময় পৰ্বৰ উদ্ধোধন কৰিব মৰিগাঁৱৰবিধায়ক ৰমাকান্ত দেউৰীয়ে।
এই কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ। পুৱা ৮ বজাৰ পৰা জোনবিলত সমুহীয়াভাবে মাছ মৰা হ’ব। তাৰ পিছতে গোভাৰজাৰ লগতে মধ্য অসমৰ পৰম্পৰাগত তিৱা ৰজাসকলৰ মেলাথলীলৈ আগমন ঘটিব। পুৱা ৯ বজাত তিৱা লোক নৃত্য আৰু জোনবিল সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।
দুপৰীয়া ১২:৩০ বজাৰ পৰা ৰাজদৰবাৰ আৰু ৰাজভাট্টা প্ৰদান অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা আৰু শিক্ষামন্ত্ৰী ডা: ৰনোজ পেগু বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকিব লগা ৰাজদৰবাৰত নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়াব বিধায়ক ৰমাকান্ত দেউৰীয়ে।
মেলাৰ অন্তিম দিনা শনিবাৰে গোভা দেওৰজাৰ অৰম বিলত পুৱা ৮ বজাত সমুহীয়াভাৱে মাছ মৰা হ’ব। দহ বজাৰ পৰা জোনবিলৰ পাৰত বিশিষ্ট কবি হৰেন্দ্ৰ বৰা সঞ্চালনাত কবিতাৰ মেল অনুষ্ঠিত হ’ব। দিনৰ এক বজাৰ পৰা প্ৰতিকী ৰূপত মেলাত কৰ সংগ্ৰহ পৰ্ব সমাপন হোৱাৰ পিচতে জোনবিল মেলাৰ সামৰণি পৰিব।
নিয়মীয়া বাৰ্তা, জাগীৰোড, ২১ জানুৱাৰী