নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত ৰেল বিভাগৰ উচ্ছেদ অভিযানঃ এজনৰ মৃত্যুক লৈ উত্তেজনাঃ আইন অমান্য কৰি প্ৰশাসনে উচ্ছেদ চলোৱাৰ অভিযোগ

নিয়মীয়া বার্তা, ১৯ এপ্ৰিলঃ  আজি হোজাইৰ চহৰৰ প্ৰাণকেন্দ্ৰ মেইন ৰোডৰ ষ্টেচনৰ গাত লাগি থকা এডোখৰ বিতৰ্কিত ভূমিত ৰেল বিভাগ আৰু হোজাই জিলা প্ৰশাসনে যৌথভাবে উচ্ছেদ অভিযান চলোৱাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় । উত্তৰপূব সীমান্তৰ লামডিং ডিভিজনৰ অধীনৰ বুলি ইমান দিনে ৰেল বিভাগে দাবী কৰি আহিছিল যদিও দশক দশকজুৰি ব্যৱসায় কৰি অহা ব্যৱসায়ী সকলে ৰেলৰ এই দাবী অমান্য কৰি নিজ নিজ ব্যৱসায় প্ৰতিষ্ঠানৰ চলায় থকাৰ লগতে এই উচ্ছেদৰ বিপক্ষে গৌহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰিছিল ।ইয়াৰ মাজতেই যোৱা প্ৰায় এসপ্তাহ পূৰ্বে ন্যায়ালয়ে ব্যৱসায়ী সকলে প্ৰায় সত্তৰ বছৰ অধিক সময় ব্যৱসায় কৰি অহা এই ভূমি ৰেলৰ বুলি ৰায় দিয়াৰ লগতে 1971 চনৰ আইন মানি ৰাজ্য চৰকাৰে সকলো ব্যৱসায়ীক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি উচ্ছেদ চলোৱাৰ নিৰ্দেশ প্ৰদান কৰে ।সেই নিৰ্দেশ মতেই ব্যৱসায়ী সকলৰ লগত কোনোধৰণৰ আলোচনা নকৰি ৰেল আৰু জিলা প্ৰশাসনে উচ্ছেদৰ আগতীয়া কোনো জাননী নিদি আজি উচ্ছেদ কৰিবলৈ অহাক লৈ পুৱাৰ ভাগত সৃষ্টি হয় এক তীব্ৰ উত্তেজনাৰ।ৰেল বিভাগ আৰু জিলা প্ৰশাসনে উচ্ছেদিত ব্যৱসায়ী সকলৰ কোনো কথাৰ গুৰুত্ব নিদি একপক্ষীয় ভাবে উৰণীয়া সেতু নিৰ্মাণৰ নামত উচ্ছেদ অভিযান চলায়।ইয়াৰ মাজতেই জনসংঘৰ আমোলৰ পৰা আৰম্ভ কৰি হোজাইৰ প্ৰথম বিজেপিৰ সভাপতি হৈ থকা প্ৰয়াত অৱনী দাসৰ পুত্ৰ পান দোকানত উচ্ছেদৰ চলোৱাৰ সময়ত হৃদক্ৰিয়া বন্ধ হৈ তাতেই ঢলি পৰে ।ততালিকে ব্যৱসায়ী জনক হাম চিকিৎসা লয়ত লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ।ইয়াৰ পিছতেই উচ্ছেদথলিত ব্যৱসায়ী সকলে জিলা প্ৰশাসনে আৰু ৰেল বিভাগৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি পুনৰ পৰিস্থিতি উত্তেজিত কৰে তোলে ।অৱশেষত উত্তেজিত ৰাইজক আৰক্ষী য়ে বহু সময় ধৰি বুজনি দি শান্ত কৰিবলৈ সক্ষম হয় ।আনহাতে পুৱাৰ ভাগৰ পৰা জিলা প্ৰশাসনৰ সহযোগত ৰেল বিভাগে এই ভূমিত থকা প্ৰায় ৬০ খন ব্যৱসায়ী প্ৰতিষ্ঠান আৰু আৱসগৃহত উচ্ছেদ কৰে । আজিৰ মানৱ অধিকাৰ আৰু আইন অমান্য কৰি ৰেল আৰু জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায় বুলি অভিযোগ কৰে । ইফালে আজি সন্ধ্যা আজিৰ উচ্ছেদ অভিযানৰ সময়ত মৃত্যু বৰণ কৰা প্ৰায় ৬২ বছৰীয়া আসিত চন্দ্ৰ দাসৰ মৃতদেহ উচ্ছেদস্থলীলৈ আনি শেষ শ্ৰদ্ধা জনোৱাৰ লগতে ৰেল আৰু জিলা প্ৰশাসনৰ নৈতিক আৰু মানৱ অধিকাৰ ভংগ কৰা কাৰ্যক গৰিহণা দি ইয়াৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনায় ।

প্ৰেৰক কিশলয় দেৱগোস্বামী

You might also like