নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহালীত মুখ্যমন্ত্রীৰ ঘোষণাঃ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত থাকিব

নিয়মীয়া বাৰ্তা ৩০ ছেপ্টেম্বৰঃ দৰঙৰ গৰুখুঁটিৰ বেদখলকাৰীৰ উচ্ছেদক লৈ দেশ–বিদেশত ব্যাপক চর্চা চলি থকাৰ সময়তে বেদখলকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি বুধবাৰে দ্ব্যর্থহীনভাৱে ঘোষণা কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আজি বিশ্বনাথ জিলাৰ বিহালীত মুখ্যমন্ত্রী ড০ শর্মাই আনকি উচ্ছেদ অভিযান কোনেও বন্ধ কৰিব নোৱাৰে বুলি স্পষ্ট কৰে৷ গৰুখুঁটি কৃষি প্রকল্প ভূমি বেদখলমুক্ত কৰাৰ অভিযান যিকোনো প্রকাৰে বন্ধ কৰিবলৈ আনকি আন্তঃৰাষ্ট্রীয় পর্যায়তো তৎপৰ প্রতিক্রিয়াশীল চক্রটোৰ বাবে আজিৰ মুখ্যমন্ত্রীৰ মন্তব্যই তাৎপর্য বহন কৰিছে৷

তদুপৰি মুখ্যমন্ত্রী ড০ শর্মাই স্পষ্ট ভাষাত কয় যে বেদখলকাৰীসকলে নিজে দখল কৰা চৰকাৰী ভূমিৰ পৰা আৰক্ষীয়ে অভিযান চলোৱাৰ পূর্বেই আঁতৰি যোৱাটো ভাল৷ কিয়নো বেদখলকাৰীসকল নিজেও জ্ঞাত যে সত্র, নামঘৰ, বনাঞ্চলৰ ভূমি বেদখল কৰি আছে৷ সেয়ে আৰক্ষীয়ে অভিযান চলোৱাৰ পূর্বেই দখলকৃত স্থানৰ পৰা আঁতৰি গ’লে সকলোৰে মংগল বুলিও তাৎপর্যপূর্ণ মন্তব্য কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ উল্লেখ্য যে খিলঞ্জীয়াৰ ভূমি আগ্রাসনেৰে আধিপত্যবাদ প্রতিষ্ঠা কৰা একাংশ সন্দেহযুক্ত নাগৰিকক উচ্ছেদ কৰাৰ অভিযান অব্যাহত ৰাখিব বুলি কৰা ঘোষণাত আশ্বস্ত সাধাৰণ জনতা৷ উল্লেখ্য যে বিশ্বনাথ জিলাতেই মুঠ ১ লাখ ৬৬ হাজাৰ ৭১২ বিঘা ভূমি বেদখলকাৰীৰ কবলত আছে৷ আনকি একাধিক সংৰক্ষিত বনাঞ্চলো বেদখলকাৰীয়ে কুক্ষিগত কৰিছে৷
শীঘ্রেই বিহালী বনাঞ্চলক অভয়াৰণ্যৰ মর্যাদা
বিহালী বনাঞ্চললৈ দুই–এমাহৰ ভিতৰতে আহিব ভাল খবৰ৷ কার্যতঃ বিশ্বনাথৰ পৰিৱেশতন্ত্রৰ হাঁওফাঁও ৰূপে চিহ্ণিত বিহালী সংৰক্ষিত বনাঞ্চলক অভয়াৰণ্যলৈ উন্নীতৰ আজি ইংগিত দিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আজি প্রকৃতিপ্রেমী সংগঠন, ব্যক্তি আৰু বিহালীৰ বিধায়ক ৰঞ্জিত দত্তই মুখ্যমন্ত্রীক বিহালী বনাঞ্চলক অভয়াৰণ্যলৈ উন্নীতৰ দাবীত পৃথকে স্মাৰক–পত্র প্রদান কৰে৷ ইতিমধ্যে বনাঞ্চলখনৰ প্রতি সদিচ্ছা প্রকাশ কৰি মুখ্যমন্ত্রীয়ে শীঘ্রে অভয়াৰণ্যৰ মর্যাদা দিব বুলিও অৱগত কৰে৷ মুখ্যমন্ত্রী ৰূপে প্রথমবাৰৰ বাবে বিহালীত উপস্থিত হোৱা মুখ্যমন্ত্রীৰ এই সদিচ্ছাই প্রকৃতিপ্রেমীক উৎসাহিত কৰিছে৷

You might also like