নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ দেশৰ দুখীয়া কৃষকসকলক সকাহ দিয়াৰ উদ্দেশ্যে কেন্দ্রীয় চৰকাৰে ৰূপায়ণ কৰা প্রধানমন্ত্রী কিষাণ সন্মান নিধি আঁচনিখন ৰূপায়ণৰ ক্ষত্রত অসমত ব্যাপক কেলেংকাৰি সংঘটিত হৈছে৷ চমুকৈ পি এম কিষাণ আঁচনি হিচাপে জনাজাত এই আঁচনিৰ ধন অসমত প্রাক্তন সেনা বিষয়াৰ একাউণ্টতো সোমাইছে৷ অসমৰ বিশেষকৈ শিৱসাগৰ, যোৰহাট, গোলাঘাট আৰু চৰাইদেউ জিলাত এই আঁচনিখন ৰূপায়ণত ব্যাপক কেলেংকাৰি হৈছে৷ প্রকৃত হিতাধিকাৰীক বঞ্চিত কৰি অনা–কৃষকক দিয়া হৈছে আঁচনিৰ ধন৷ এই কেলেংকাৰিৰ উচ্চ পর্যায়ৰ তদন্ত কৰি দোষী বিষয়াসকলক শাস্তি দিয়াৰ ব্যৱস্থা গ্রহণ কৰিবলৈ আবেদন জনাই শিৱসাগৰৰ আমগুৰি নৱনির্মাণ সমিতিয়ে দাখিল কৰা ৭৩/২০২০ নম্বৰৰ ৰাজহুৱা স্বার্থজনিত আবেদনখনৰ আজি শুনানি গ্রহণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ আবেদনখনৰ শুনানিৰ অন্তত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে আঁচনিখন ৰূপায়ণত হোৱা কেলেংকাৰি সন্দর্ভত ৰাজ্যৰ মুখ্য সচিব, কৃষি বিভাগ আৰু কেন্দ্রীয় চৰকাৰক অহা চাৰি সপ্তাহৰ ভিতৰত কাৰণ দর্শোৱাৰ জাননী জাৰি কৰে৷
উল্লেখ্য যে যে পি এম কিষাণ আঁচনিখন ৰূপায়ণ কৰি দেশৰ দুখীয়া কৃষকসকলক সহায় দিয়াৰ বাবে প্রায় ৭৫,০০০ কোটি টকা মোকলাই দিয়ে৷ আঁচনিখনৰ জৰিয়তে দুখীয়া কৃষকক ২,০০০ টকাকৈ তিনিটা কিস্তিত বছৰত মুঠ ৬,০০০ টকা দিয়াৰ ব্যৱস্থা কৰে, যাতে দুখীয়া কৃষকসকলে ভালদৰে খেতি কৰিব পাৰে৷ কিন্তু অসমৰ বিশেষকৈ গোলাঘাট, যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাত আঁচনিখন ৰূপায়ণত ব্যাপক কেলেংকাৰি সংঘটিত হয়৷ বিশেষকৈ ৰাজ্যৰ কৃষি বিভাগে প্রস্তুত কৰা হিতাধিকাৰীৰ তালিকাত একাংশ চৰকাৰী বিষয়া, অৱসৰপ্রাপ্ত সেনা, আনকি বহুসংখ্যক পেন্সনপ্রাপ্ত লোকৰ নাম অন্তর্ভুক্ত কৰে আৰু এইসকলোৱে আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হোৱাটো আৰটিআই আবেদনৰ জৰিয়তে লাভ কৰা তথ্যত পোহৰলৈ আহে৷ এই কেলেংকাৰিৰ তদন্ত বিচাৰি নৱনির্মাণ সমিতিয়ে আমগুৰি থানাত এখন এজাহাৰ দাখিল কৰে৷ সেই অনুসৰি আমগুৰি থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/৪২০ আৰু ৪০৯ ধাৰাৰ অধীনত ৯৯/২০২০ নম্বৰৰ এক গোচৰ ৰুজু কৰা হয় যদিও এই কেলেংকাৰিত জড়িত দোষৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ব্যৱস্থা নল’লে৷ এই সংক্রান্তত আবেদনকাৰী অনুষ্ঠানটোৰ অধিবক্তা এ আৰু ভূঞাই সাংবাদিকৰ আগত কয় যে কেৱল যোৰহাট জিলাতে ৩০ হাজাৰ অনা–কৃষকে আঁচনিৰ ধন লাভ কৰাৰ তথ্য পোৱা গৈছে৷