নিয়মীয়া বাৰ্তা জানুৱাৰীঃ বঙাইগাঁৱত যুদ্ধবিৰত আলফা নেতা এজনে কৃষিকর্মৰে স্বাৱলম্বী হোৱাৰ পথ মুকলি কৰিছে৷ বইটামাৰী– কাশাৰপাৰাৰ উদয় কলিতা ওৰফে পুলক ভৰালীয়ে খেতি–বাতিৰে পৰিয়াল পোহপাল দিবলৈ সক্ষম হৈছে৷ ২০১১ চনত সংগঠনটোৱে যুদ্ধবিৰতি ঘোষণাৰ পিছতে মুকলি আকাশৰ তললৈ অহা ছেকেণ্ড লেফটেনেণ্ট পুলক ভৰালীয়ে পেটৰ ভাতমুঠিৰ স্বার্থত কৃষিকর্মত জড়িত হয়৷ নিজৰ পর্যাপ্ত ভূমি নথকাত বিভিন্নজনৰ খেতি মাটি আধি হিচাপে লৈ কৃষিকর্মত মনোনিৱেশ কৰে৷ তেওঁ ধানৰ লগতে আলু, ষ্ট্রবেৰী, ৰঙালাউ, মাকৈকে ধৰি বিভিন্ন শাক–পাচলিৰ খেতি কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ যুদ্ধ বিৰত নেতাজনে বঙাইগাঁও কৃষি বিজ্ঞান কেন্দ্রৰ অধীনত প্রশিক্ষণ গ্রহণ কৰি ধানৰ বীজ উৎপাদনৰ কামত মনোনিৱেশ কৰিছে৷ এইবাৰ উৎপাদিত বীজ বজাৰত বিক্রী কৰি তেওঁ মুনাফা লাভ কৰিবলৈও সক্ষম হৈছে৷
বিভাগীয় প্রশিক্ষণ গ্রহণ কৰি তেওঁ কেঁচু সাৰৰ লগতে জৈৱিক সাৰ (জীৱামৃত), কীটনাশক আদি প্রস্তুত কৰি আহিছে৷ ঘৰত উৎপাদন কৰা কেঁচুসাৰ তেওঁ বিক্রীও কৰিবলৈ সক্ষম হৈছে৷ বৈজ্ঞানিক ভিত্তিত কৃষিকর্মৰ বাবে কৃষি বিজ্ঞান কেন্দ্রৰ উপৰি উত্তৰ বংগ কৃষিকেন্দ্র, হৰিদ্বাৰত থকা ৰামদেৱৰ আশ্রমত তেওঁ প্রশিক্ষণ গ্রহণ কৰিছে৷ তেওঁ কৃষি বিভাগৰ তৰফৰ পৰা পাৱাৰ টিলাৰ, সৌৰচালিত পাম্প, ড্রেক্টৰ আদি লাভ কৰাৰ পিছত খেতি–বাতিত অধিক মনোনিৱেশ কৰিবলৈ সক্ষম হৈছে৷ কৃষিকর্মৰে যুদ্ধবিৰত আলফা নেতাজনে পত্নী–পুত্রসহ তিনিজনীয়া পৰিয়ালটোক সুন্দৰভাৱে চলাই নিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীর্ণ হৈয়ে ১৯৯৬ চনত আলফাত যোগদান কৰা পুলক ভৰালী ওৰফে উদয় কলিতাই এটা সময়ত বঙাইগাঁৱকে ধৰি নামনি অসমত আৰক্ষী নিৰাপত্তা বাহিনীৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছিল৷ যুদ্ধবিৰতিলৈ অহা নেতাজনৰ বর্তমানলৈ বিভিন্ন থানাত ১১টাকৈ গোচৰ পঞ্জীয়ন হৈ আছে৷