নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰীক্ষা পাতক, অন্যথা একেখন মার্কশ্বীটকে মান্যতা দিয়কঃ যুৱ–ছাত্র

মেট্রিক–উচ্চতৰ মাধ্যমিকৰ মূল্যায়নক লৈ শিক্ষামন্ত্রীৰে বৈঠক

নিয়মীয়া বাৰ্তা ৫ জুনঃ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মূল্যায়ন আৰু মার্কশ্বীটক লৈ সৃষ্টি হোৱা বিতর্কৰ পাছত দেওবাৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ সৈতে আলোচনাত মিলিত হয় অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ নেতৃত্ব৷ পৰিষদৰ সভাপতি ৰাণাপ্রতাপ বৰুৱা আৰু সাধাৰণ সম্পাদক পলাশ চাংমাইৰ নেতৃত্বত যোৱা দলটোৱে এখন মার্কশ্বীটকে শিক্ষা আৰু চাকৰি উভয় ক্ষেত্রতে প্রযোজ্য কৰাৰ বাবে দাবী জনায়৷ অন্যথা শীঘ্রে বিকল্প পৰীক্ষা অনুষ্ঠিত কৰাৰ পোষকতা কৰে৷

তেতিয়া শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে ৰাজ্য চৰকাৰে অতি সোনকালে মেট্রিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত কৰিব বিচাৰে৷ কিন্তু সেয়া নির্ভৰ কৰিব ক’ভিড পৰিস্থিতিৰ ওপৰত৷ পৰিস্থিতি উন্নত হ’লেই বা সংক্রমণৰ হাৰ কমিলেই বিকল্প পৰীক্ষা অনুষ্ঠিত কৰা হ’ব৷ অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ নেতৃত্বই পুনৰ স্পষ্ট কৰি দিয়ে যে বিকল্প পৰীক্ষা যদি অনুষ্ঠিত কৰে অতি সোনকালে কৰিব লাগিব৷

কিয়নো বহু ছাত্র–ছাত্রীয়ে পৰৱর্তী সময়ত অধ্যয়নৰ বাবে ৰাজ্যৰ বাহিৰলৈ যাব৷ তেওঁলোকে পুনৰ উভতি আহি পৰীক্ষাত অৱতীর্ণ হ’বলগীয়া হ’লে হাৰাশাস্তিৰ সন্মুখীন হ’ব লাগিব৷ যদিহে পৰীক্ষা অনুষ্ঠিত কৰে, অতি সোনকালে কৰক, অন্যথা নতুন মূল্যায়ন পদ্ধতিৰে দিবলগীয়া মার্কশ্বীটখনকেই চাকৰি আৰু শিক্ষা উভয় ক্ষেত্রতে মান্যতা দিয়ক৷ এই দাবী সম্বলিত এখন স্মাৰক–পত্রও সংগঠনটোৰ নেতৃত্বই শিক্ষামন্ত্রীগৰাকীক প্রদান কৰে৷ কিন্তু আজিৰ আলোচনাতো মার্কশ্বীট বিতর্কৰ কোনো সমাধান সূত্র নোলাল৷

You might also like