নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঞ্চলিক আক্ৰাছুৰ উদ্যোগত কোকৰাঝাৰৰ কালীপুখুৰীত বিষুৱাৰ মাজতে মত বিনিময় অনুষ্ঠান সম্পন্ন

নিয়মীয়া বাৰ্তা, ১০ মেঃ কোকৰাঝাৰ জিলাৰ ছালাকাটি উপ আৰক্ষী চকীৰ অন্তৰ্গত কালীপুখুৰী আঞ্চলিক আক্ৰাছুৰ উদ্যোগত বিষুৱা পালন কৰা হয় । ৯ আৰু ১০ মেত দুদিনীয়াকৈ পালিত বিষুৱাৰ লগত সংগতি ৰাখি আজি দ্বিতীয় দিনা অঞ্চলৰ গাঁওবুঢ়া, বিশিষ্ট ব্যক্তি, প্ৰাক্তন আক্ৰাছুৰ বিষয়-ববীয়াৰ উপস্থিতিত এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয় । বিষুৱা পালন সমিতিৰ সভাপতি মাধৱ চন্দ্ৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত সভাত কালীপুখুৰী শাখা কোঁচ ৰাজবংশী সাহিত্য সভাৰ সভাপতি সিদ্বেশ্বৰ ৰায়, চৌটাকী গাঁৱৰ গাঁওবুঢ়া মুক্তিনাথ ৰায়, জৰেগাঁৱৰ গাঁওবুঢ়া ৰূপনাথ ৰায়, কূৰ্শাকাটি গাঁৱৰ গাঁওবুঢ়া নবীন বৰ্মন, বেণীবাৰী গাঁৱৰ গাঁওবুঢ়া মজিন ৰায়, লালটাৰী গাঁৱৰ গাঁওবুঢ়া হৰেন বৰ্মন, কাউনীয়াভাষাৰ জীতেন ৰায়, চেদামাৰীৰ জামিন ৰায় উপস্থিত থাকি অতীতৰ আক্ৰাছু আৰু বৰ্তমান আক্ৰাছুৰ প্ৰাৰ্থক্যৰ কথা বৰ্ণনা কৰি জনগোষ্ঠীটোৰ প্ৰাপ্য অধিকাৰৰ বাবে সু-সৃংখল ভাৱে আগুৱাই আহিবলৈ আহ্বান জনায় । ইয়াৰ উপৰি কেন্দ্ৰীয় সমিতি আক্ৰাছুৰ উপদেষ্টা অৰুণ কুমাৰ ৰায়ে আক্ৰাছুৰ জম্ম লগ্নৰে পৰা আজিৰ পৰ্য্যায়লৈকে এক বিৱৰণ দাঙি ধৰি বিভাজনৰ কাৰক সমূহৰ ওপৰত কয় । আক্ৰাছুৰ প্ৰাক্তন সভাপতি তথা বৰ্তমান কে এ চিৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মনো অতীত ৰোমন্থন কৰি ৰাইজৰ মাজত থাকি কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰে । অনুষ্ঠানটিৰ আঁত ধৰে বিষুৱা পালন সমিতিৰ সম্পাদক অৰবিন্দ ৰায়ে । উল্লেখ য্যোগ্যযে আজি সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানত আমন্ত্ৰিত শিল্পী হিচাপে গীত পৰিবেশন কৰিব দীপশিখা বৰা আৰু স্থানীয় জনপ্ৰিয় কণ্ঠশিল্পী ডিজেল্ড কোচ ।
প্ৰেৰক ভৃগু মুনি ৰায়

You might also like